--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে।  ত্ৰিপুৰা সীমান্তৰ চোৰাইবৰীত পুনৰ বুজন পৰিমাণৰ গাঁজা জব্দ কৰিলে আৰক্ষীয়ে। 

ত্ৰিপুৰাৰ পৰা হাৰিয়ানা অভিমুখী এখন ৰবৰ ভৰ্তি ট্ৰাকৰ পৰা জব্দ কৰা হয় এই বুজন পৰিমাণৰ গাঁজাখিনি। গাড়ীখনৰ নম্বৰ ( পিবি ৬৫ এভি ৭৪৯৬) 

চোৰাইবৰী আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ মিলিৰ নেতৃত্বত আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই ট্ৰাকখনৰ পৰা জব্দ কৰে গাঁজা ভৰ্তি ৪৪৯টা পেকেট। গাঁজাখিনিৰ মুঠ ওজন ১৩১৭ কেজি। ৰবৰ বস্তাৰ ভিতৰত লুকুৱাই অনা হৈছিল হৈছিল গাঁজাৰ পেকেটকেইটা। 

জব্দ কৰা গাঁজাখিনিৰ মুল্য প্ৰায় তিনি কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। গাঁজাখিনি ত্ৰিপুৰাৰ পৰা অসমৰ মাজেৰে হাৰিয়ানালৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ট্ৰাকৰ চালক আৰু সহ চালকে। 

আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু সহ চালক ক্ৰমে বলবীৰ সিং আৰু বিজয় কুমাৰক আটক কৰিছে। দুয়োজনৰ ঘৰ পঞ্জাবত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু