--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে।  ত্ৰিপুৰা সীমান্তৰ চোৰাইবৰীত পুনৰ বুজন পৰিমাণৰ গাঁজা জব্দ কৰিলে আৰক্ষীয়ে। 

ত্ৰিপুৰাৰ পৰা হাৰিয়ানা অভিমুখী এখন ৰবৰ ভৰ্তি ট্ৰাকৰ পৰা জব্দ কৰা হয় এই বুজন পৰিমাণৰ গাঁজাখিনি। গাড়ীখনৰ নম্বৰ ( পিবি ৬৫ এভি ৭৪৯৬) 

চোৰাইবৰী আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ মিলিৰ নেতৃত্বত আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই ট্ৰাকখনৰ পৰা জব্দ কৰে গাঁজা ভৰ্তি ৪৪৯টা পেকেট। গাঁজাখিনিৰ মুঠ ওজন ১৩১৭ কেজি। ৰবৰ বস্তাৰ ভিতৰত লুকুৱাই অনা হৈছিল হৈছিল গাঁজাৰ পেকেটকেইটা। 

জব্দ কৰা গাঁজাখিনিৰ মুল্য প্ৰায় তিনি কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। গাঁজাখিনি ত্ৰিপুৰাৰ পৰা অসমৰ মাজেৰে হাৰিয়ানালৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ট্ৰাকৰ চালক আৰু সহ চালকে। 

আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু সহ চালক ক্ৰমে বলবীৰ সিং আৰু বিজয় কুমাৰক আটক কৰিছে। দুয়োজনৰ ঘৰ পঞ্জাবত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক