--°C
Loading...
Listen to Article
2 min read
80%

বেংগালুৰু: শনিবাৰে সন্ধিয়া বেংগালুৰু চহৰত এজন ২১ বছৰীয়া চিলনী চোৰে দুই সহযোগীৰ সৈতে এগৰাকী মহিলাৰ ডিঙিৰপৰা সোণৰ চেইন এডাল টানিবলৈ চেষ্টা চলাইছিল। বিজয় গুণ্ডা ঠালি বুলি চিনাক্ত হোৱা চোৰটো ঘটনাস্থলীৰ পৰা পলায়ন কৰাত ব্যৰ্থ হয়।

ঘটনাটো সংঘটিত হৈছিল বেংগালুৰুৰ এমটি ৰোডত। চেইনডাল লৈ চোৰকেইটা পলায়ন কৰিবলৈ লওঁতেই মহিলাগৰাকীয়ে চিঞঁৰ-বাখৰ কৰাত ৰাইজে বিজয়ক কৰায়ত্ত কৰে যদিও বাকী দুজন পলাবলৈ সক্ষম হয়। ৰাইজে উত্তম-মধ্যম সোধাওঁতে বিজয়ে সোণৰ চেইনডাল গিলি দিয়ে। পুলিচে চোৰটোক উদ্ধাৰ কৰে যদিও চেইনডালৰ সম্ভেদ উলিয়াব পৰা নাছিল। পাছত প্ৰাথমিক চিকিৎসাৰ বাবে বিজয়ক হাস্পতাললৈ লৈ যোৱাতহে ঘটনাৰ ৰহস্য ভেদ হয়। এক্স-ৰে ৰিপ'ৰ্টত বিজয়ৰ পেটত থকা চেইনডালৰ উপস্থিতি ধৰা পৰে।

ডাক্তৰৰ পৰামৰ্শমতে আৰক্ষীয়ে চোৰটোক বুজন পৰিমানৰ কল খাবলৈ বাধ্য কৰায় যাতে চেইনডাল তাৰ শৌচৰ লগত ওলাই আহে। এই পদ্ধতি বিফল হোৱাত ডাক্তৰে দৰব ব্যৱহাৰ কৰিহে চেইনডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ