--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানেক গ্ৰেপ্তাৰ কৰা হৈছে। ২০ বছৰত প্ৰথমটো কেন্দ্ৰীয় মন্ত্ৰীক গ্ৰেপ্তাৰৰ ঘটনা। মহাৰাষ্ট্রৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক ‘চৰিয়াম’ বুলি মন্তব্য কৰাৰ বাবে ৰানেক গ্ৰেপ্তাৰ কৰা হয়। মহাৰাষ্ট্রৰ ৰত্নাগিৰি থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰানেক। ৰায়গড় মাহাদলৈ নিয়া হয় ৰানেক।

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে স্বাধীনতা বছৰ ভুলকৈ উল্লেখ কৰিছিল। ইয়াৰ বাবেই সেই স্থানত উপস্থিত থকা হ’লেই মুখ্যমন্ত্ৰীজনক চৰিয়াম বুলি এক জনসভাত উল্লেখ কৰিছিল নাৰায়ণ ৰানেই। ইয়াতেই শিৱ সেনাৰ নেতা-কৰ্মী খৰ্গহস্ত হৈ উঠে। ৰানেৰ বিৰুদ্ধে মহাৰাষ্ট্রৰ বিভিন্ন স্থানত ৪খন এজাহাৰ দাখিল কৰে শিৱ সেনাই।

গ্ৰেপ্তাৰৰ আশংকা দেখি নাৰায়ণ ৰানে কাষ চাপে বোম্বে উচ্চ ন্যায়ালয়ৰ। কিন্তু বোম্বে উচ্চ ন্যায়ালয়ে শুনানী গ্ৰহণ কৰিলেও নাৰায়ণ ৰানেক সকাহ নিদিলে। বোম্বে উচ্চ ন্যায়ালয়ে নিৰাশ কৰাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰানেক। ইয়াৰ পূৰ্বে কোৱা ৰানেৰ মন্তব্যৰ প্ৰতিবাদত মুম্বাইত শিৱ সেনাৰ কৰ্মীসকলে এক সমদল বাহিৰ কৰে। ৰানেৰ ঘৰলৈ সমদল কৰি যায় ক্ষুব্ধ শিৱ সেনাৰ কৰ্মীসকলে। এই সমদল কাৰ্যসূচীত দুই দলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ