--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : শনিবাৰে চত্তিছগড়ত মাওবাদীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ২২গৰাকীকৈ নিৰাপত্তাবাহিনীৰ জোৱান নিহত হোৱা ঘটনাক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুলে হয় এয়া চোৰাংচোৱাৰ ব্যৰ্থতা, নহয় অভিযানৰ দুৰ্বল তথা অসম্পূৰ্ণ পৰিকল্পনা আৰু কাৰ্যকৰিতা আখ্যা দিছে। শনিবাৰে প্ৰায় ২০০ জোৱানে ৰাজ্যখনত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও মাওবাদীৰ বিধ্বংসী আক্ৰমণত বিস্তৰ ক্ষতিৰ সন্মুখীন হয়।

আৰু পঢ়িব পাৰিব : দেশত এদিনতে আক্ৰান্ত ১ লক্ষাধিক, বলীউডতো কৰ’নাৰ আগ্ৰাসন

ৰাজ্যখনৰ বাস্তাৰ এলেকাত সংঘটিত এই সংঘৰ্ষত ২২জনকৈ জোৱান শ্বহীদ হোৱাৰ লগতে ৩০ৰো অধিক জোৱান আহত হৈছিল। মাওবাদীৰ জালত ভৰি দিয়াৰ ফলতে অভিযানকাৰী নিৰাপত্তাবাহিনীয়ে এই বৃহৎ দুৰ্যোগৰ মুখামুখি হ’বলগীয়া হোৱা বুলি সৰ্বত্ৰে চৰ্চা হৈছিল। ইয়াৰ লগে লগে উচ্চাৰিত হৈছিল চোৰাংচোৱাৰ ব্যৰ্থতাৰ প্ৰশ্নও।

কিন্তু এই ব্যৰ্থতাৰ প্ৰসংগক অস্বীকাৰ কৰি চিআৰপিএফৰ সঞ্চালকপ্ৰধান কুলদ্বীপ সিঙে কয় যে, ‘ইয়াত চোৰাংচোৱা বা অভিযানৰ ব্যৰ্থতাৰ প্ৰশ্ন নাহে। চোৰাংচোৱাৰ ব্যৰ্থতাৰ প্ৰশ্ন থাকিলে নিৰাপত্তাবাহিনীয়ে এই অভিযানৰ বাবে আগ নাবাঢ়িলহেঁতেন। আৰু যদিহে এয়া অভিযানৰ ব্যৰ্থতা হ’লহেঁতেন তেন্তে ইমানসংখ্যক নক্সাল সন্ত্ৰাসবাদী নিহত নহ’লহেঁতেন।’ তেওঁ কয়।

আৰু পঢ়িব পাৰিব : পশ্চিমবংগৰ নিৰ্বাচনত এইবাৰ বচ্চন পৰিয়াল, তৃণমূলৰ নতুন কৌশল

উল্লেখ্য যে, এই অভিযানত ২৫ৰপৰা ৩০জন নক্সাল সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰিছে চিআৰপিএফৰ শীৰ্ষ সূত্ৰই। কিন্তু ৰাহুল গান্ধীয়ে এই দাবীক প্ৰত্যাহ্বান জনাই প্ৰশ্ন তুলিছে যে, যদিহে তাত চোৰাংচোৱাৰ ব্যৰ্থতাৰ প্ৰশ্ন নাছিল তেন্তে ১:১ অনুপাতত হোৱা মৃত্যুৱে (অৰ্থাৎ দুয়োপক্ষৰে সমানে ক্ষতি হোৱাটোৱে) সূচায় যে, এয়া দুৰ্বলভাৱে পৰিকল্পনা আৰু কাৰ্যকৰী কৰা অভিযান আছিল।’ জোৱানসকলৰ এনে নিদাৰুণ বলিদানকো তেওঁ সহজভাৱে গ্ৰহণ নকৰাৰ কথা প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু