--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : শনিবাৰে চত্তিছগড়ত মাওবাদীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ২২গৰাকীকৈ নিৰাপত্তাবাহিনীৰ জোৱান নিহত হোৱা ঘটনাক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুলে হয় এয়া চোৰাংচোৱাৰ ব্যৰ্থতা, নহয় অভিযানৰ দুৰ্বল তথা অসম্পূৰ্ণ পৰিকল্পনা আৰু কাৰ্যকৰিতা আখ্যা দিছে। শনিবাৰে প্ৰায় ২০০ জোৱানে ৰাজ্যখনত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও মাওবাদীৰ বিধ্বংসী আক্ৰমণত বিস্তৰ ক্ষতিৰ সন্মুখীন হয়।

আৰু পঢ়িব পাৰিব : দেশত এদিনতে আক্ৰান্ত ১ লক্ষাধিক, বলীউডতো কৰ’নাৰ আগ্ৰাসন

ৰাজ্যখনৰ বাস্তাৰ এলেকাত সংঘটিত এই সংঘৰ্ষত ২২জনকৈ জোৱান শ্বহীদ হোৱাৰ লগতে ৩০ৰো অধিক জোৱান আহত হৈছিল। মাওবাদীৰ জালত ভৰি দিয়াৰ ফলতে অভিযানকাৰী নিৰাপত্তাবাহিনীয়ে এই বৃহৎ দুৰ্যোগৰ মুখামুখি হ’বলগীয়া হোৱা বুলি সৰ্বত্ৰে চৰ্চা হৈছিল। ইয়াৰ লগে লগে উচ্চাৰিত হৈছিল চোৰাংচোৱাৰ ব্যৰ্থতাৰ প্ৰশ্নও।

কিন্তু এই ব্যৰ্থতাৰ প্ৰসংগক অস্বীকাৰ কৰি চিআৰপিএফৰ সঞ্চালকপ্ৰধান কুলদ্বীপ সিঙে কয় যে, ‘ইয়াত চোৰাংচোৱা বা অভিযানৰ ব্যৰ্থতাৰ প্ৰশ্ন নাহে। চোৰাংচোৱাৰ ব্যৰ্থতাৰ প্ৰশ্ন থাকিলে নিৰাপত্তাবাহিনীয়ে এই অভিযানৰ বাবে আগ নাবাঢ়িলহেঁতেন। আৰু যদিহে এয়া অভিযানৰ ব্যৰ্থতা হ’লহেঁতেন তেন্তে ইমানসংখ্যক নক্সাল সন্ত্ৰাসবাদী নিহত নহ’লহেঁতেন।’ তেওঁ কয়।

আৰু পঢ়িব পাৰিব : পশ্চিমবংগৰ নিৰ্বাচনত এইবাৰ বচ্চন পৰিয়াল, তৃণমূলৰ নতুন কৌশল

উল্লেখ্য যে, এই অভিযানত ২৫ৰপৰা ৩০জন নক্সাল সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰিছে চিআৰপিএফৰ শীৰ্ষ সূত্ৰই। কিন্তু ৰাহুল গান্ধীয়ে এই দাবীক প্ৰত্যাহ্বান জনাই প্ৰশ্ন তুলিছে যে, যদিহে তাত চোৰাংচোৱাৰ ব্যৰ্থতাৰ প্ৰশ্ন নাছিল তেন্তে ১:১ অনুপাতত হোৱা মৃত্যুৱে (অৰ্থাৎ দুয়োপক্ষৰে সমানে ক্ষতি হোৱাটোৱে) সূচায় যে, এয়া দুৰ্বলভাৱে পৰিকল্পনা আৰু কাৰ্যকৰী কৰা অভিযান আছিল।’ জোৱানসকলৰ এনে নিদাৰুণ বলিদানকো তেওঁ সহজভাৱে গ্ৰহণ নকৰাৰ কথা প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ