--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটীঃ অসম বিধানসভা নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱাৰ পাছত আজি ৩য় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ১২খন জিলাৰ ৪০টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৪০টা সমষ্টিৰ ১১খন আসন বিজেপিৰ দখলত, ১১খন কংগ্ৰেছৰ, ৮খন বিপিএফৰ, ৬খন এআইইউডিএফ আৰু ৪খন অগপৰ দখলত আছিল। 

আৰু পঢ়িব পাৰিব : ক’ভিড পৰিস্থিতিৰ শেহতীয়া তথ্য : নিৰ্বাচনৰ পাছত ভয়াৱহ হ’ব নেকি পৰিস্থিতি?


ইভিএমত বন্দী হ’ব ৩৩৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ভাগ্য নিৰ্ণয় হ’ব ৬গৰাকীকৈ মন্ত্ৰীৰো।৩য় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ২৫গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। আজিৰ এই বিশেষ দিনটোত ৭৯,১৯,৬৪৯গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। 


ক’ভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে বান্ধি দিয়া নিয়মসমূহ প্ৰতিটো ভোটকেন্দ্ৰতে পালন কৰা হৈছে। শাৰীৰিক দূৰত্বৰ লগতে মাস্ক আৰু ছেনিটাইজাৰ কেন্দ্ৰসমূহত বাধ্যতামূলক কৰা হৈছে। আনহাতে দিছপুৰ সমষ্টিৰ ২৯ আৰু ৩০নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতিয়ে দেখা দিয়াৰ ফলত কিছুসময় পলমকৈ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হয়।    

আৰু পঢ়িব পাৰিব : ভোটাৰ ৯০ গৰাকী, ভোট পৰিল ১৭১টা… কি হৈছিল এই ভোটকেন্দ্ৰটোত?


বৰপেটা জিলাৰ ‘কলগাছিয়া এমই স্কুল’স্থিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰতো ‘ইভিএম’ৰ বিসংগতিয়ে দেখা দিয়াৰ খবৰ আমাৰ হাতলৈ আহি পৰিছে। ইফালে ৬২নং বৰমা বিধানসভা সমষ্টিৰ ৮৩নং ভোটগ্ৰহণ কেন্দ্ৰতো ইভিএমৰ বিসংগতিয়ে দেখা দিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement