--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ অসম বিধানসভা নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱাৰ পাছত আজি ৩য় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ১২খন জিলাৰ ৪০টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৪০টা সমষ্টিৰ ১১খন আসন বিজেপিৰ দখলত, ১১খন কংগ্ৰেছৰ, ৮খন বিপিএফৰ, ৬খন এআইইউডিএফ আৰু ৪খন অগপৰ দখলত আছিল। 

আৰু পঢ়িব পাৰিব : ক’ভিড পৰিস্থিতিৰ শেহতীয়া তথ্য : নিৰ্বাচনৰ পাছত ভয়াৱহ হ’ব নেকি পৰিস্থিতি?


ইভিএমত বন্দী হ’ব ৩৩৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ভাগ্য নিৰ্ণয় হ’ব ৬গৰাকীকৈ মন্ত্ৰীৰো।৩য় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ২৫গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। আজিৰ এই বিশেষ দিনটোত ৭৯,১৯,৬৪৯গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। 


ক’ভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে বান্ধি দিয়া নিয়মসমূহ প্ৰতিটো ভোটকেন্দ্ৰতে পালন কৰা হৈছে। শাৰীৰিক দূৰত্বৰ লগতে মাস্ক আৰু ছেনিটাইজাৰ কেন্দ্ৰসমূহত বাধ্যতামূলক কৰা হৈছে। আনহাতে দিছপুৰ সমষ্টিৰ ২৯ আৰু ৩০নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতিয়ে দেখা দিয়াৰ ফলত কিছুসময় পলমকৈ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হয়।    

আৰু পঢ়িব পাৰিব : ভোটাৰ ৯০ গৰাকী, ভোট পৰিল ১৭১টা… কি হৈছিল এই ভোটকেন্দ্ৰটোত?


বৰপেটা জিলাৰ ‘কলগাছিয়া এমই স্কুল’স্থিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰতো ‘ইভিএম’ৰ বিসংগতিয়ে দেখা দিয়াৰ খবৰ আমাৰ হাতলৈ আহি পৰিছে। ইফালে ৬২নং বৰমা বিধানসভা সমষ্টিৰ ৮৩নং ভোটগ্ৰহণ কেন্দ্ৰতো ইভিএমৰ বিসংগতিয়ে দেখা দিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু