--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটীত অনুষ্ঠিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আজি সফল সামৰণি পৰিছে৷ এইবাৰ প্ৰতিযোগিতাত চণ্ডীগড় বিশ্ববিদ্যালয়ে পদক তালিকাৰ শীৰ্ষস্থানত থাকি চেম্পিয়ন ট্ৰফী দখল কৰে৷ 

অন্তিমদিনা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ বক্সাৰে পাঁচটা সোণ, এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰি শীৰ্ষ স্থান নিশ্চিত কৰে৷ বিশ্ববিদ্যায়খনে ৩২টা সোণ, ১৮টা ৰূপ আৰু ২১টা ব্ৰঞ্জসহ মুঠ ৭১টা পদক লাভ কৰে৷

ইফালে, লাভলী প্ৰফেচনেল বিশ্ববিদ্যালয়ে ২০টা সোণ, ১৪টা ৰূপ আৰু ব্ৰঞ্জসহ দ্বিতীয় স্থানত থকাৰ বিপৰীতে গুৰু নানক দেৱ বিশ্ববিদ্যালয়ে ১২ টা সোণ, ২০ টা ৰূপ আৰু ১৯ টা ব্ৰঞ্জৰ সৈতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়৷

ইফালে, উৎকল বিশ্ববিদ্যালয়ৰ সাঁতোৰবিদ প্ৰত্যাশা ৰয়ে চাৰিটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি গেমছৰ শ্ৰেষ্ঠা মহিলা খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰে জৈন বিশ্ববিদ্যালয়ৰ জেভিয়াৰ মাইকেল ডিছুজাই৷ তেওঁ চাৰিটা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷

ইফালে চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ এথলেটিকছত পাঁচটা নতুন অভিলেখ স্থাপন হয়৷ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ বিকাশে পুৰুষৰ ১৫০০ মিটাৰ আৰু জেভেলিন থ্ৰ’ৱাৰ জ্যোতিয়ে (চৌধুৰী দেৱী লাল বিশ্ববিদ্যালয়), প’ল ভল্টৰ এম গৌথামে আৰু লং জাম্পাৰ বিষ্ণু (মাদ্ৰাজ বিশ্ববিদ্যালয়) আৰু ৮০০ মিটাৰ দৌৰবিদ অমনদীপ কৌৰে নতুন অভিলেখ গঢ়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু