--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটীত অনুষ্ঠিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আজি সফল সামৰণি পৰিছে৷ এইবাৰ প্ৰতিযোগিতাত চণ্ডীগড় বিশ্ববিদ্যালয়ে পদক তালিকাৰ শীৰ্ষস্থানত থাকি চেম্পিয়ন ট্ৰফী দখল কৰে৷ 

অন্তিমদিনা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ বক্সাৰে পাঁচটা সোণ, এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰি শীৰ্ষ স্থান নিশ্চিত কৰে৷ বিশ্ববিদ্যায়খনে ৩২টা সোণ, ১৮টা ৰূপ আৰু ২১টা ব্ৰঞ্জসহ মুঠ ৭১টা পদক লাভ কৰে৷

ইফালে, লাভলী প্ৰফেচনেল বিশ্ববিদ্যালয়ে ২০টা সোণ, ১৪টা ৰূপ আৰু ব্ৰঞ্জসহ দ্বিতীয় স্থানত থকাৰ বিপৰীতে গুৰু নানক দেৱ বিশ্ববিদ্যালয়ে ১২ টা সোণ, ২০ টা ৰূপ আৰু ১৯ টা ব্ৰঞ্জৰ সৈতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়৷

ইফালে, উৎকল বিশ্ববিদ্যালয়ৰ সাঁতোৰবিদ প্ৰত্যাশা ৰয়ে চাৰিটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি গেমছৰ শ্ৰেষ্ঠা মহিলা খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰে জৈন বিশ্ববিদ্যালয়ৰ জেভিয়াৰ মাইকেল ডিছুজাই৷ তেওঁ চাৰিটা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷

ইফালে চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ এথলেটিকছত পাঁচটা নতুন অভিলেখ স্থাপন হয়৷ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ বিকাশে পুৰুষৰ ১৫০০ মিটাৰ আৰু জেভেলিন থ্ৰ’ৱাৰ জ্যোতিয়ে (চৌধুৰী দেৱী লাল বিশ্ববিদ্যালয়), প’ল ভল্টৰ এম গৌথামে আৰু লং জাম্পাৰ বিষ্ণু (মাদ্ৰাজ বিশ্ববিদ্যালয়) আৰু ৮০০ মিটাৰ দৌৰবিদ অমনদীপ কৌৰে নতুন অভিলেখ গঢ়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ