--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ দ্বিতীয়খন খেলত শনিবাৰে ভাৰতে ৪৯ ৰানত বিজয় সাব্যস্ত কৰি ২-০ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। প্ৰথমে বেটিং কৰি সুদৃঢ় আৰম্ভণি সত্বেও মধ্যক্ৰমৰ বেটাৰৰ বেটিং ব্যৰ্থতাৰ বাবে ভাৰতীয় দলে বিশাল স্ক'ৰ থিয় কৰোৱাত বিফল হয় যদিও দলৰ বলিং আক্ৰমণৰ সামুহিক প্ৰদৰ্শনে আকাংক্ষিত জয় কঢ়িয়াই আনে ভাৰতলৈ। মেচখনত তাৰকা পেচাৰ ভুৱনেশ্বৰ কুমাৰে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি ইংৰাজ বাহিনীৰ তিনিটা উইকেট দখল কৰে। এনে প্ৰদৰ্শনৰ সুবাদত ভুৱনেশ্বৰে খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও বিবেচিত হয়। মেচখনত ভুৱনেশ্বৰে নিজ প্ৰদৰ্শনৰ দ্বাৰা কেইবাটাও নতুন অভিলেখো স্থাপন কৰে। 

নিখুঁত লাইন-লেংথ আৰু উইকেটৰ দুয়োটা ফালে চুইং কৰিব পৰা অভিনৱ দক্ষতাৰ বাবে ক্ৰিকেট বিশ্বত ভুৱনেশ্বৰৰ এক বিশেষ সুনাম আছে। এই অভিনৱ প্ৰতিভাৰ বাবে ভুৱনেশ্বৰৰ সন্মুখত নিষ্প্ৰভ হৈ পৰে বিশ্বৰ বহু আক্ৰমণাত্মক খেলুৱৈ। ভুৱনেশ্বৰৰ নিখুঁত টেকনিকৰ সন্মুখত বাউণ্ডেৰী বাদেই, ৰান সংগ্ৰহ কৰিবলৈও প্ৰায় বিপাঙত পৰে বিপক্ষৰ বেটাৰ। 

পাৱাৰপ্লে’ৰ দৰে বলাৰ এগৰাকীৰ বাবে কঠিন পৰিস্থিতিত দলৰ বলিং আক্ৰমণৰ চোক চম্ভালা যথেষ্ট প্ৰত্যাহ্বানজনক। ক্ৰিকেটৰ নিয়ম অনুসৰি পাৱাৰপ্লে’ৰ সময়ত বাউণ্ডেৰী লাইনৰ ওচৰত থাকিব পাৰে মাত্ৰ দুগৰাকী ফিল্ডাৰ। স্বাভাৱিকতেই এনে পৰিস্থিতিত বলাৰ এজনে সন্মুখীন হ’বলগীয়া হয় বেটাৰৰ আক্ৰমণাত্মক শ্বটৰ। 

কিন্তু এইক্ষেত্ৰত যেন ব্যতিক্ৰম ভুৱনেশ্বৰ। পাৱাৰপ্লে’ৰ এই কঠিন সময়তো নিজৰ মায়াৱী বলিঙেৰে বেটাৰক বান্ধি ৰাখিবলৈ সক্ষম ভুৱনেশ্বৰ। আৰু ইয়াৰ ফলত বিপক্ষৰ বেটাৰে হজম কৰিব লগীয়া হয় এটাৰ পাছত আনটো ডট বল। আৰু এনেদৰে ডট বলৰ সংখ্যাৰেই ভুৱনেশ্বৰে টি-২০ আন্ত:ৰাষ্ট্ৰীয়ত স্পৰ্শ কৰিছে এক বিৰল মাইলষ্ট’ন। শনিবাৰৰ মেচখনত এটা মেইডেন অভাৰেৰে বলিং স্পেল আৰম্ভ কৰা ভুৱনেশ্বৰে টি-২০ ক্ৰিকেটত পাৱাৰপ্লে’ অভাৰত ৫০০ টা ডট বল কৰা বিশ্বৰ প্ৰথম বলাৰ হিচাপে স্বীকৃত হয়।  

এই তালিকাত ভুৱনেশ্বৰৰ শীৰ্ষস্থান বেচ কেইবাদিনলৈ সুৰক্ষিত থকাটো প্ৰায় নিশ্চিত। ইতিমধ্যে ৩৮৩ টা ডট বলেৰে তালিকাৰ দ্বিতীয় স্থানত থকা ৱেষ্ট ইণ্ডিজৰ বলাৰ চেমুৱেল বদ্ৰীয়ে আন্ত: ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্যাস লৈছে। আনহাতে তৃতীয় স্থানত থকা টিম চাউদি (৩৬৮ টা ডট বল) আৰু চতুৰ্থ স্থানত থকা মিচেল ষ্টাৰ্কৰো (৩৫৪ টা ডট বল) কেৰিয়াৰ প্ৰায় সামৰণিৰ ফালে গতি কৰিছে। 

ইয়াৰোপৰি টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথম অভাৰতে উইকেট দখলৰ ক্ষেত্ৰতো অন্য এক কৃতিত্ব অৰ্জন পৰিছে ভুৱনেশ্বৰ কুমাৰে। ইংলেণ্ডৰ বিৰুদ্ধে শনিবাৰৰ মেচখনত টীম ইণ্ডিয়াৰ হৈ বলিং আৰম্ভ কৰিছিল। ইংলেণ্ডৰ বিস্ফোৰক অপেনাৰ জেছন ৰয়ক ইনিংছৰ প্ৰথমটো বলতে পেভিলিয়নৰ বাট দেখাইছিল ভুবীয়ে। এই উইকেটৰ লগে লগে আন্তৰ্জাতিক টি-২০ত প্ৰথম অভাৰত সৰ্বাধিক উইকেট লোৱা বলাৰৰ  এক নতুন বিশ্ব অভিলেখ স্থাপন কৰে ভুৱনেশ্বৰে। 

টি-২০ কেৰিয়াৰত প্ৰথম অভাৰতে এইয়া আছিল ভুৱনেশ্বৰৰ চতুৰ্দশ উইকেট। এনেদৰে তেওঁ ইংলেণ্ডৰ পেচাৰ ডেভিদ ৱিলিক অতিক্ৰম কৰি শীৰ্ষস্থানলৈ উন্নীত হয়। ৱিলিৰ নামত প্ৰথম অভাৰত আছে মুঠ ১৩ টা উইকেট।  শ্ৰীলংকাৰ এঞ্জেলো মেথিউজে ১১ টা উইকেট দখলেৰে এই তালিকাৰ তৃতীয় স্থানত আছে।  আনহাতে চতুৰ্থ স্থানত থকা টিম চাউদি আৰু ডেল ষ্টেইনৰ নামত আছে প্ৰথম অভাৰত ৯ টা উইকেটৰ ৰেকৰ্ড। 

তদুপৰি ইংলেণ্ডৰ দুই অপেনাৰ জেছন ৰয় আৰু জ’ছ বাটলাৰৰ উইকেট দখল কৰি আন এক কৃতিত্বও অৰ্জন কৰে  তাৰকা পেচাৰগৰাকীয়ে।  দুই অপেনাৰৰ উইকেট দখলৰ সৈতে ভুৱনেশ্বৰে টি-২০ আন্তৰ্জাতিক ক্ৰিকেটত ৩৭ বাৰ বিপক্ষৰ দলৰ অপেনাৰৰ উইকেট লাভ কৰে।এনেদৰে ভুৱনেশ্বৰ কুমাৰ সৰ্বাধিকবাৰ অপেনাৰৰ উইকেট দখল কৰা বলাৰৰ তালিকাত দ্বিতীয় স্থানত উপনীত হয়। আন্তৰ্জাতিক টি-২০ত সৰ্বাধিকবাৰ অপেনাৰৰ উইকেট লোৱাৰ ক্ষেত্ৰত সবাতোকৈ আগত আছে নিউজিলেণ্ডৰ টিম চাউদি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ