--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী-নামেই যাৰ পৰিচয়। ভাৰতীয় দলৰ অধিনায়কত্ব আৰু কোহলীৰ বেটত ৰানৰ বন্যা এতিয়া অতীত হৈ পৰিলেও কোহলীৰ মাজত থাকি গৈছে অধিনায়ক সুলভ আগ্ৰাসন আৰু ঔদ্ধত্য। মুঠতে খেলপথাৰত আজিও অক্ষত কোহলীৰ ‘এটিটিউড’। ইয়াৰ মাজতে কোহলীৰ আটাইটকৈ আকৰ্ষণীয় দিশটো হৈছে তেওঁৰ নৃত্য। খেলপথাৰত যেতিয়াই সুযোগ পায় তেতিয়াই নৃত্য কৰে কোহলী। এইটো নতুন কথা নহয়। বাৰ্মিংহামতো বেটেৰে বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলেও পলকতে চৰ্চিেত হৈ পৰে কোহলীৰ নৃত্য।

শনিবাৰে বাৰ্মিংহামৰ এজবাষ্টনত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতে ৩খন শৃংখলাত ২-০ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। কোহলীৰ ক্ৰমাগত ব্যৰ্থতা যেন পুনৰ বাৰ দেখিবলৈ পোৱা গ’ল বাৰ্মিংহামত। পুনৰ ক্ৰীড়ানুৰাগীৰ প্ৰত্যাশাক পূৰ্ণ ৰূপ দিয়াত ব্যৰ্থ হয় কোহলী।  ৩টা বলত মাত্ৰ ১ ৰানৰ কৰিয়েই অহা বাটে উভতি যায় কোহলী। কিন্তু বাউণ্ডেৰী লাইনত ফিল্ডিং কৰি থাকোঁতে কোহলীয়ে তেওঁৰ দৰ্শনীয় নৃত্যৰে অনুৰাগীৰ হৃদয় স্পৰ্শ কৰে।

ইয়াৰ পূৰ্বে কোহলীয়ে এজবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে এখন টেষ্ট মেচতো নৃত্য কৰিছিল। টেষ্ট ক্ৰিকেটতো চিনাকি ছন্দত দেখিবলৈ পোৱা নগ’ল ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীক। স্বাভাৱিকতে প্ৰশ্ন উঠিছে, বেটেৰে নোৱাৰি কোহলীয়ে এইদৰেই অনুৰাগীৰ হৃদয় জিনিব বিচাৰিছে নেকি?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু