--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী-নামেই যাৰ পৰিচয়। ভাৰতীয় দলৰ অধিনায়কত্ব আৰু কোহলীৰ বেটত ৰানৰ বন্যা এতিয়া অতীত হৈ পৰিলেও কোহলীৰ মাজত থাকি গৈছে অধিনায়ক সুলভ আগ্ৰাসন আৰু ঔদ্ধত্য। মুঠতে খেলপথাৰত আজিও অক্ষত কোহলীৰ ‘এটিটিউড’। ইয়াৰ মাজতে কোহলীৰ আটাইটকৈ আকৰ্ষণীয় দিশটো হৈছে তেওঁৰ নৃত্য। খেলপথাৰত যেতিয়াই সুযোগ পায় তেতিয়াই নৃত্য কৰে কোহলী। এইটো নতুন কথা নহয়। বাৰ্মিংহামতো বেটেৰে বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলেও পলকতে চৰ্চিেত হৈ পৰে কোহলীৰ নৃত্য।

শনিবাৰে বাৰ্মিংহামৰ এজবাষ্টনত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতে ৩খন শৃংখলাত ২-০ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। কোহলীৰ ক্ৰমাগত ব্যৰ্থতা যেন পুনৰ বাৰ দেখিবলৈ পোৱা গ’ল বাৰ্মিংহামত। পুনৰ ক্ৰীড়ানুৰাগীৰ প্ৰত্যাশাক পূৰ্ণ ৰূপ দিয়াত ব্যৰ্থ হয় কোহলী।  ৩টা বলত মাত্ৰ ১ ৰানৰ কৰিয়েই অহা বাটে উভতি যায় কোহলী। কিন্তু বাউণ্ডেৰী লাইনত ফিল্ডিং কৰি থাকোঁতে কোহলীয়ে তেওঁৰ দৰ্শনীয় নৃত্যৰে অনুৰাগীৰ হৃদয় স্পৰ্শ কৰে।

ইয়াৰ পূৰ্বে কোহলীয়ে এজবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে এখন টেষ্ট মেচতো নৃত্য কৰিছিল। টেষ্ট ক্ৰিকেটতো চিনাকি ছন্দত দেখিবলৈ পোৱা নগ’ল ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীক। স্বাভাৱিকতে প্ৰশ্ন উঠিছে, বেটেৰে নোৱাৰি কোহলীয়ে এইদৰেই অনুৰাগীৰ হৃদয় জিনিব বিচাৰিছে নেকি?

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ