--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক'লা আৰু ডাঠ চুলিৰ অধিকাৰী হোৱাটো সকলোৰে হেঁপাহ। কিন্তু বৰ্তমান সময়ত বৰ্ধিত মানসিক চাপ আৰু খাদ্যৰ বাবে বহুতৰে চুলি সময়তকৈ আগতেই পকিবলৈ ধৰে। আজিকালি ক'লা চুলি বগা হৈ পৰাটো সাধাৰণ কথা হৈ পৰিছে। ইয়াৰ এটা কাৰণ হ’ব পাৰে পেটৰ সমস্যা আৰু জীৱনশৈলীৰ সমস্যা। ইয়াৰ পৰা হাত সাৰিবলৈ লাওৰ ৰস ব্যৱহাৰ কৰি চুলি ক’লা কৰিব পাৰে। ইয়াত পোৱা পুষ্টিকৰ উপাদানে চুলি ক’লা হোৱাত সহায় কৰিব পাৰে। ই চুলিখিনি প্ৰাকৃতিকভাৱে ক’লা আৰু ডাঠ কৰি তোলে। ইয়াত আমি ক’ম যে লাও চুলিৰ বাবে কেনেদৰে উপকাৰী?

বগা চুলিৰ বাবে লাও ৰসৰ উপকাৰিতা

১)চুলি ক’লা হোৱাত লাওৰ ৰসে সহায় কৰিব পাৰে। ই চুলিবোৰ প্ৰাকৃতিকভাৱে ক'লা আৰু কিচকিচিয়া কৰি তোলে। যায়। লাওৰ ৰসত পোৱা ভিটামিন এ আৰু ইয়ে আপোনাৰ চুলিক শক্তিশালী কৰে আৰু লগতে ক'লা হোৱাতো সহায় কৰে। ইয়াৰ ফলত আপোনাৰ বগা চুলিখিনি ক্ৰমান্বয়ে ক’লা হৈ পৰে।

২)বগা চুলিয়ে আপোনাৰ শৰীৰত পুষ্টিৰ অভাৱৰ ইংগিত দিয়ে। এনে অৱস্থাত চুলি বগা হোৱাৰ সমান্তৰালভাৱে ই দ্ৰুতগতিত সৰি পৰিব পাৰে। চুলিত লাওৰ ৰস লগাই চুলি সৰা বন্ধ কৰিব পাৰে। ইয়াত প্ৰটিন আৰু ভিটামিন থাকে যিয়ে আপোনাৰ মূৰৰ ছালত উপস্থিত হৈ আৰ্দ্ৰতা প্ৰদান কৰে, যাৰ ফলত আপোনাৰ চুলি সৰা বন্ধ হয়।

৩)মূৰৰ ছালত প্ৰদাহৰ বাবে চুলি সৰাৰ লগতে মূৰৰ বিষৰ সমস্যাও থাকে। এনে অৱস্থাত কুমলীয়া লাওৰ ৰসত এন্টিবেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ পোৱা যায়, যিয়ে শিপাৰ প্ৰদাহ আঁতৰাই চুলি সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও দুমুখীয়া চুলিৰ সমস্যা দূৰ কৰে।

এনেদৰে ব্যৱহাৰ কৰক-

ইয়াৰ বাবে লাও ৰসত এচামুচ মেথিৰ গুটি পিহি মিহলাই দিব পাৰে।তাৰ পিছত এই পেকটো চুলিত লগালে বেছি সুফল পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ