--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গভীৰ আৰু পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাটো সকলোৰে বাবে অতি প্ৰয়োজনীয়। সকলোৱে ৭-৮ ঘণ্টা গভীৰ টোপনি যাব লাগে। কাৰোবাৰ শৰীৰে যদি পৰ্যাপ্ত টোপনি নাপায়, তেন্তে পাছদিনা তেওঁৰ এলাহ, ভাগৰ, মূৰৰ বিষ আদি বহুতো সমস্যা হ’ব পাৰে। পুষ্টিবিদ তথা খাদ্য বিশেষজ্ঞ ৰীমা পেটেলে জনাইছে যে যদি কাৰোবাৰ খাদ্যাভ্যাস ভুল হয় বা তেওঁ ভুল বস্তু খায় তেন্তে তেওঁৰ ৰাতিৰ টোপনিত ব্যাঘাত জন্মিব পাৰে। টোপনিৰ সৈতে খাদ্যৰ যথেষ্ট সম্পৰ্ক আছে। গভীৰ টোপনিৰ বাবে খাদ্যৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। ৰীমা পেটেলৰ পৰামৰ্শ অনুসৰি আহকচোন জানো আমি কি কি কথাত গুৰুত্ব দিব লাগে।

১)ভাত, ৰুটী খোৱা বন্ধ কৰিব নালাগেঃ আধুনিক যুগৰ মানুহে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰিবৰ বাবে নিশা ভাত বা ৰুটী খোৱা বন্ধ কৰি দিয়ে। যিটো অনুচিত। ভাত বা ৰুটীত কাৰ্ব’হাইড্ৰেট থাকে। আহাৰত কাৰ্ব’হাইড্ৰেট নাথাকিলে ৰাতিৰ টোপনি বিঘ্নিত হয়। শৰীৰত শক্তিৰ প্ৰধান উৎস হৈছে কাৰ্ব’হাইড্ৰেট। স্বাস্থ্যসন্মত খাদ্য ভাত, ৰুটী, ব্ৰাউন পাস্তা আদি ৰাতিৰ আহাৰত থাকিব লাগে কাৰণ ইয়াত অধিক আঁহ আৰু পুষ্টিকৰ উপাদান থাকে। ই ব্লাড ছুগাৰক সুস্থিৰ কৰি ৰাখে আৰু লগতে শৰীৰক শক্তি প্ৰদান কৰে। উচ্চ আঁহযুক্ত খাদ্যৰ ভিতৰত বীন আৰু মাহজাতীয় শস্য, ফল-মূল, বাদাম আৰু বীজ আদি উল্লেখযোগ্য। ওজন নিয়ন্ত্ৰণ কৰিবলৈ সীমিতভাৱে খাব লাগে কিন্তু একেবাৰে খোৱাটো বন্ধ কৰি দিব নালাগে।

২) কফি গ্ৰহণৰ প্ৰতি মনোযোগ দিয়কঃ কিছুমান মানুহে প্ৰচুৰ পৰিমাণে কফি সেৱন কৰে যাৰ বাবে টোপনিত ব্যাঘাত জন্মে। কফিত প্ৰচুৰ পৰিমাণে কেফেইন থাকে, যাৰ ফলত টোপনি বেয়া হয়। সাধাৰণতে দিনটোত প্ৰায় ৪০০ মিলিগ্ৰাম কেফেইন (৪ কাপ কফি) প্ৰাপ্তবয়স্কৰ বাবে নিৰাপদ বুলি ধৰা হয়। অত্যধিক কফি খালে ভাগৰ আৰু টোপনি নহা সমস্যা হয়।
 
৩) খাদ্য নোখোৱাকৈ থকাঃ আজিৰ সময়ত বহুতে ওজন কমাবলৈ বা আন কাৰণত সহজে খাদ্য ত্যাগ কৰে। কিন্তু যদি আপুনিও এইটো কৰি আছে তেন্তে ই ৰাতি শোৱাৰ কষ্ট বৃদ্ধি কৰিব পাৰে। যদি আপুনি প্ৰায়ে ব্ৰেকফাষ্ট বা লাঞ্চ এৰি দিয়ে তেন্তে আপোনাৰ ব্লাড চুগাৰ কমি যায় আৰু শক্তি হ্ৰাস পাব পাৰে। ফলত নানা বেমাৰে দেখা দিয়ে আৰু টোপনি নহা সমস্যাৰ উদ্ভৱ হয়। খাদ্যত প্ৰটিন আৰু ফাইবাৰ থাকিব লাগে। আনহাতে তেজত ছুগাৰৰ মাত্ৰা সঠিকভাৱে ৰাখিবলৈ দৈ, ফলমূল আৰু শাক পাচলিও খাব লাগে।

৪) দুপৰীয়া অতিমাত্ৰা খোৱাঃ দুপৰীয়াৰ আহাৰত বহুতে অত্যধিক খাদ্য খায় আৰু এঘণ্টা বা দুঘণ্টাৰ পাছত এলাহে আৱৰি ধৰে। যদি আপুনি সুষম খাদ্য গ্ৰহণ নকৰে তেন্তে ব্লাড ছুগাৰ দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। গতিকে সদায় খাদ্যৰ মুঠ পৰিমাণ হ্ৰাস কৰিবলৈ চেষ্টা কৰক আৰু বগা, প্ৰচেছড কাৰ্বহাইড্ৰেটৰ পৰিৱৰ্তে গোটা কাৰ্ব’হাইড্ৰেট গ্ৰহণ কৰক। খাদ্যত শাক-পাচলি আৰু প্ৰটিন অন্তৰ্ভুক্ত কৰক।

৫) পৰ্যাপ্ত পৰিমাণে পানী নোখোৱাঃ পানীয়ে আপোনাৰ শৰীৰে সঠিকভাৱে কাম কৰাত সহায় কৰে। স্বাস্থ্য বিশেষজ্ঞসকলে সকলোকে দিনটোত কমেও ৮-১০ গিলাচ পানী খাবলৈ পৰামৰ্শ দিয়ে। দিনটোৰ কামৰ সময়ত আমাৰ শৰীৰত বহুত পানীৰ প্ৰয়োজন হয় আৰু পানী নাখালে শৰীৰত ডিহাইড্ৰেচন হয়। ডিহাইড্ৰেচন হলে টোপনি ক্ষতি হয়। গতিকে পানী পৰ্যাপ্ত পৰিমাণে খাব। কিন্তু সুৰাপান, অত্যধিক কফি, মিঠা পানীয় সেৱন নকৰিব। পানী, গাখীৰ, নাৰিকলৰ পানী, ফলৰ ৰস খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ভাৰতীয় চাহ সংস্থাৰ কৰ্মকাণ্ডত প্ৰতিক্ৰিয়া উত্তৰ-পূব কনফেডাৰেচন অৱ স্মল টী গ্ৰ'ৱাৰছ এচ'ছিয়েচনৰ
জুবিনে কন্দুৱালে ! 'ৰৈ ৰৈ বিনালে' চাবলৈ ওলাই আহিল আবাল-বৃদ্ধ-বনিতা
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা