--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গভীৰ আৰু পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাটো সকলোৰে বাবে অতি প্ৰয়োজনীয়। সকলোৱে ৭-৮ ঘণ্টা গভীৰ টোপনি যাব লাগে। কাৰোবাৰ শৰীৰে যদি পৰ্যাপ্ত টোপনি নাপায়, তেন্তে পাছদিনা তেওঁৰ এলাহ, ভাগৰ, মূৰৰ বিষ আদি বহুতো সমস্যা হ’ব পাৰে। পুষ্টিবিদ তথা খাদ্য বিশেষজ্ঞ ৰীমা পেটেলে জনাইছে যে যদি কাৰোবাৰ খাদ্যাভ্যাস ভুল হয় বা তেওঁ ভুল বস্তু খায় তেন্তে তেওঁৰ ৰাতিৰ টোপনিত ব্যাঘাত জন্মিব পাৰে। টোপনিৰ সৈতে খাদ্যৰ যথেষ্ট সম্পৰ্ক আছে। গভীৰ টোপনিৰ বাবে খাদ্যৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। ৰীমা পেটেলৰ পৰামৰ্শ অনুসৰি আহকচোন জানো আমি কি কি কথাত গুৰুত্ব দিব লাগে।

১)ভাত, ৰুটী খোৱা বন্ধ কৰিব নালাগেঃ আধুনিক যুগৰ মানুহে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰিবৰ বাবে নিশা ভাত বা ৰুটী খোৱা বন্ধ কৰি দিয়ে। যিটো অনুচিত। ভাত বা ৰুটীত কাৰ্ব’হাইড্ৰেট থাকে। আহাৰত কাৰ্ব’হাইড্ৰেট নাথাকিলে ৰাতিৰ টোপনি বিঘ্নিত হয়। শৰীৰত শক্তিৰ প্ৰধান উৎস হৈছে কাৰ্ব’হাইড্ৰেট। স্বাস্থ্যসন্মত খাদ্য ভাত, ৰুটী, ব্ৰাউন পাস্তা আদি ৰাতিৰ আহাৰত থাকিব লাগে কাৰণ ইয়াত অধিক আঁহ আৰু পুষ্টিকৰ উপাদান থাকে। ই ব্লাড ছুগাৰক সুস্থিৰ কৰি ৰাখে আৰু লগতে শৰীৰক শক্তি প্ৰদান কৰে। উচ্চ আঁহযুক্ত খাদ্যৰ ভিতৰত বীন আৰু মাহজাতীয় শস্য, ফল-মূল, বাদাম আৰু বীজ আদি উল্লেখযোগ্য। ওজন নিয়ন্ত্ৰণ কৰিবলৈ সীমিতভাৱে খাব লাগে কিন্তু একেবাৰে খোৱাটো বন্ধ কৰি দিব নালাগে।

২) কফি গ্ৰহণৰ প্ৰতি মনোযোগ দিয়কঃ কিছুমান মানুহে প্ৰচুৰ পৰিমাণে কফি সেৱন কৰে যাৰ বাবে টোপনিত ব্যাঘাত জন্মে। কফিত প্ৰচুৰ পৰিমাণে কেফেইন থাকে, যাৰ ফলত টোপনি বেয়া হয়। সাধাৰণতে দিনটোত প্ৰায় ৪০০ মিলিগ্ৰাম কেফেইন (৪ কাপ কফি) প্ৰাপ্তবয়স্কৰ বাবে নিৰাপদ বুলি ধৰা হয়। অত্যধিক কফি খালে ভাগৰ আৰু টোপনি নহা সমস্যা হয়।
 
৩) খাদ্য নোখোৱাকৈ থকাঃ আজিৰ সময়ত বহুতে ওজন কমাবলৈ বা আন কাৰণত সহজে খাদ্য ত্যাগ কৰে। কিন্তু যদি আপুনিও এইটো কৰি আছে তেন্তে ই ৰাতি শোৱাৰ কষ্ট বৃদ্ধি কৰিব পাৰে। যদি আপুনি প্ৰায়ে ব্ৰেকফাষ্ট বা লাঞ্চ এৰি দিয়ে তেন্তে আপোনাৰ ব্লাড চুগাৰ কমি যায় আৰু শক্তি হ্ৰাস পাব পাৰে। ফলত নানা বেমাৰে দেখা দিয়ে আৰু টোপনি নহা সমস্যাৰ উদ্ভৱ হয়। খাদ্যত প্ৰটিন আৰু ফাইবাৰ থাকিব লাগে। আনহাতে তেজত ছুগাৰৰ মাত্ৰা সঠিকভাৱে ৰাখিবলৈ দৈ, ফলমূল আৰু শাক পাচলিও খাব লাগে।

৪) দুপৰীয়া অতিমাত্ৰা খোৱাঃ দুপৰীয়াৰ আহাৰত বহুতে অত্যধিক খাদ্য খায় আৰু এঘণ্টা বা দুঘণ্টাৰ পাছত এলাহে আৱৰি ধৰে। যদি আপুনি সুষম খাদ্য গ্ৰহণ নকৰে তেন্তে ব্লাড ছুগাৰ দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। গতিকে সদায় খাদ্যৰ মুঠ পৰিমাণ হ্ৰাস কৰিবলৈ চেষ্টা কৰক আৰু বগা, প্ৰচেছড কাৰ্বহাইড্ৰেটৰ পৰিৱৰ্তে গোটা কাৰ্ব’হাইড্ৰেট গ্ৰহণ কৰক। খাদ্যত শাক-পাচলি আৰু প্ৰটিন অন্তৰ্ভুক্ত কৰক।

৫) পৰ্যাপ্ত পৰিমাণে পানী নোখোৱাঃ পানীয়ে আপোনাৰ শৰীৰে সঠিকভাৱে কাম কৰাত সহায় কৰে। স্বাস্থ্য বিশেষজ্ঞসকলে সকলোকে দিনটোত কমেও ৮-১০ গিলাচ পানী খাবলৈ পৰামৰ্শ দিয়ে। দিনটোৰ কামৰ সময়ত আমাৰ শৰীৰত বহুত পানীৰ প্ৰয়োজন হয় আৰু পানী নাখালে শৰীৰত ডিহাইড্ৰেচন হয়। ডিহাইড্ৰেচন হলে টোপনি ক্ষতি হয়। গতিকে পানী পৰ্যাপ্ত পৰিমাণে খাব। কিন্তু সুৰাপান, অত্যধিক কফি, মিঠা পানীয় সেৱন নকৰিব। পানী, গাখীৰ, নাৰিকলৰ পানী, ফলৰ ৰস খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ