--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ অতি ক্ষীপ্ৰগতিত হয়। এনে অৱস্থাত শৰীৰক প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ দিয়াটো জৰুৰী হৈ পৰে। শিশু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত মনোযোগ দিব লাগে। ইয়াৰ বাবে শিশুক পুষ্টিকৰ খাদ্য প্ৰদান কৰাটো দৰকাৰ। সন্তানক প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থৰ প্ৰয়োজন হয় নহ’লে শিশুৰ বিকাশত প্ৰভাৱ পৰে আৰু শিশুটি বাৰে বাৰে অসুস্থ হৈ পৰে। শিশুৰ খাদ্যত প্ৰটিন, ভিটামিন, মিনাৰেল আৰু কাৰ্বহাইড্ৰেটৰ প্ৰচুৰ পৰিমাণ থাকিব লাগে। শিশুক কোনবোৰ ভিটামিন আৰু মিনাৰেল লাগে জানো আহক।

 শিশুৰ বাবে প্ৰয়োজনীয় ভিটামিন-

 ১. ভিটামিন-ডি

শিশুৰ হাড় সুস্থ আৰু মজবুত কৰি তুলিবলৈ ভিটামিন-ডিসমৃদ্ধ অতি প্ৰয়োজন, যিবোৰে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

২. ভিটামিন-চি

শিশুৰ খাদ্য তালিকাত ভিটামিন-চিসমৃদ্ধ ফলমূল আৰু শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে, ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। ঋতুজনিত ৰোগ আৰু যিকোনো সংক্ৰমণৰ সৈতে যুঁজিবলৈ শিশুক শক্তিশালী কৰি তোলে।

৩. আইৰন

শিশুৰ শৰীৰত আইৰনৰ অভাৱত দাঁতৰ আলু ক’লা হ’বলৈ আৰম্ভ কৰে। সেয়েহে শিশুটিক ৰক্তহীনতাৰ পৰা বচাবলৈ হ’লে পৰিপূৰক আৰু আইৰনসমৃদ্ধ খাদ্য প্ৰদান কৰিব লাগে।

৪. প্ৰটিন

শিশুৰ উচ্চতা আৰু শাৰীৰিক বিকাশৰ বাবে প্ৰটিন অতি প্ৰয়োজনীয়। প্ৰটিনৰ অভাৱত মাংসপেশীবোৰ দুৰ্বল হ’বলৈ ধৰে। ইয়াৰ ফলত শিশুৰ বৃদ্ধিত প্ৰভাৱ পৰিব পাৰে। সেয়ে শিশুক প্ৰটিনসমৃদ্ধ খাদ্য খুৱাব লাগে।

৫. কেলছিয়াম

হাড় আৰু দাঁত সুস্থ কৰি ৰাখিবলৈ খাদ্যত কেলছিয়ামযুক্ত বস্তু অন্তৰ্ভুক্ত কৰিব লাগে। শিশুৰ দাঁতত বহু সমস্যাৰ সৃষ্টি হয়। ইয়াৰ বাবে শিশুক কেলছিয়ামযুক্ত খাদ্য খুৱাব লাগে। কেলছিয়ামে হাড়ৰ সঠিক বিকাশত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ