--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহুতেই চুলি ৰং লগায়৷ কিছুমানৰ চুলি পকাৰ বাবে ৰং লগায়, কিছুমানে আকৌ চখতে চুলিত ৰং লগায়৷  চুলিত ৰং লগোৱাৰ পিছতে কেতবোৰ  পাৰ্শ্বক্ৰিয়াই দেখা দিব পাৰে । সেয়ে চুলিত ৰং লগোৱাৰ পূৰ্বে তেনেবোৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানি থোৱাটো ভাল।দৰাচলতে প্ৰায়ভাগ চুলিৰ ৰঙত পেৰাফেনিলেনেয়মিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। এনে পদাৰ্থৰ বাবেই  কিছুমান লোকৰ এলাৰ্জী হ’ব পাৰে।

ইয়াক পৰীক্ষা কৰিবলৈ কাণৰ পিছপিনে সামান্য ৰং লগাওক আৰু ২৪ ঘন্টা থাকিবলৈ দিয়ক। ইয়াত যদি এলাৰ্জী নহয় তেন্তে ৰং ব্যৱহাৰ কৰিব পৰা যাব।

হেয়াৰ কালাৰত এক প্ৰকাৰৰ ‘পাৰছাল্ফেট’ নামৰ কেমিকেল থাকে। এই কেমিকেল  এজমা ৰোগীৰ কাৰণে মাৰাত্মক হৈ পৰিব পাৰে। 

যদি আপোনাৰ ছাল সংবেদনশীল তেতিয়াহ’লে হোয়াৰ ৰং ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থকা ভাল। কিয়নো ইয়াৰ ফলত  সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহুসময়ত গাত খজুৱতি হোৱাৰ লগতে ৰঙা ৰঙাচকা বান্ধিব পাৰে।

প্ৰায়ে হেয়াৰ কালাৰৰ ব্যৱহাৰ কৰাৰ ফলত  চুলি সৰাৰ সমস্যাই দেখা দিব পাৰে। হেয়াৰ কালাৰত ব্যৱহাৰ হোৱা কেমিকেল আপোনাৰ শৰীৰৰ বাবে উপযোগী নহ’বও পাৰে।

হেয়াৰ কালাৰ চুলিত লগোৱাৰ সময়ত সেয়া আমাৰ চকুলৈও যাব পাৰে। ইয়াৰ ফলত আমাৰ চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে। চুলিৰ ৰঙত থকা কেমিকেল ইমান মাৰাত্মক যে ই চকুৰ ৰেটিনাত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

হেয়াৰ কালাৰ কিছুমানত এনেধৰণৰ কেমিকেলো থাকে যিয়ে শৰীৰত কেঞ্চাৰৰ বিপদ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত ছালৰ কেঞ্চাৰ হোৱাৰ আশংকা থাকে। 

হেয়াৰ কালাৰ ক্ৰয় কৰাৰ সময়ত সেয়া এম’নিয়া মুক্ত হয়নে নহয় তালৈ লক্ষ্য ৰাখিব।যদি মূৰত আঘাত থাকে বা ঘা হৈ থাকে তেতিয়াহ’লে হেয়াৰ কালাৰৰ ব্যৱহাৰ নকৰাই ভাল। হেয়াৰ কালাৰ ব্যৱহাৰ কৰাৰ সময়ত ইয়াত থকা আৱশ্যকীয় নিৰ্দেশনা পঢ়ি চাই সেই মতে কাম বোৰ কৰিব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ