--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহুতেই চুলি ৰং লগায়৷ কিছুমানৰ চুলি পকাৰ বাবে ৰং লগায়, কিছুমানে আকৌ চখতে চুলিত ৰং লগায়৷  চুলিত ৰং লগোৱাৰ পিছতে কেতবোৰ  পাৰ্শ্বক্ৰিয়াই দেখা দিব পাৰে । সেয়ে চুলিত ৰং লগোৱাৰ পূৰ্বে তেনেবোৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানি থোৱাটো ভাল।দৰাচলতে প্ৰায়ভাগ চুলিৰ ৰঙত পেৰাফেনিলেনেয়মিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। এনে পদাৰ্থৰ বাবেই  কিছুমান লোকৰ এলাৰ্জী হ’ব পাৰে।

ইয়াক পৰীক্ষা কৰিবলৈ কাণৰ পিছপিনে সামান্য ৰং লগাওক আৰু ২৪ ঘন্টা থাকিবলৈ দিয়ক। ইয়াত যদি এলাৰ্জী নহয় তেন্তে ৰং ব্যৱহাৰ কৰিব পৰা যাব।

হেয়াৰ কালাৰত এক প্ৰকাৰৰ ‘পাৰছাল্ফেট’ নামৰ কেমিকেল থাকে। এই কেমিকেল  এজমা ৰোগীৰ কাৰণে মাৰাত্মক হৈ পৰিব পাৰে। 

যদি আপোনাৰ ছাল সংবেদনশীল তেতিয়াহ’লে হোয়াৰ ৰং ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থকা ভাল। কিয়নো ইয়াৰ ফলত  সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহুসময়ত গাত খজুৱতি হোৱাৰ লগতে ৰঙা ৰঙাচকা বান্ধিব পাৰে।

প্ৰায়ে হেয়াৰ কালাৰৰ ব্যৱহাৰ কৰাৰ ফলত  চুলি সৰাৰ সমস্যাই দেখা দিব পাৰে। হেয়াৰ কালাৰত ব্যৱহাৰ হোৱা কেমিকেল আপোনাৰ শৰীৰৰ বাবে উপযোগী নহ’বও পাৰে।

হেয়াৰ কালাৰ চুলিত লগোৱাৰ সময়ত সেয়া আমাৰ চকুলৈও যাব পাৰে। ইয়াৰ ফলত আমাৰ চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে। চুলিৰ ৰঙত থকা কেমিকেল ইমান মাৰাত্মক যে ই চকুৰ ৰেটিনাত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

হেয়াৰ কালাৰ কিছুমানত এনেধৰণৰ কেমিকেলো থাকে যিয়ে শৰীৰত কেঞ্চাৰৰ বিপদ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত ছালৰ কেঞ্চাৰ হোৱাৰ আশংকা থাকে। 

হেয়াৰ কালাৰ ক্ৰয় কৰাৰ সময়ত সেয়া এম’নিয়া মুক্ত হয়নে নহয় তালৈ লক্ষ্য ৰাখিব।যদি মূৰত আঘাত থাকে বা ঘা হৈ থাকে তেতিয়াহ’লে হেয়াৰ কালাৰৰ ব্যৱহাৰ নকৰাই ভাল। হেয়াৰ কালাৰ ব্যৱহাৰ কৰাৰ সময়ত ইয়াত থকা আৱশ্যকীয় নিৰ্দেশনা পঢ়ি চাই সেই মতে কাম বোৰ কৰিব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস