--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইন্ধনৰ এনে সংকট সমগ্র দেশতে ক্রমাৎ গুৰুতৰ অৱস্থালৈ গতি কৰাৰ সময়তে প্রধানমন্ত্রীয়ে দেশবাসীক দৈনন্দিন জীৱন-যাপনত মিতব্যয়ী হ'বলৈ আহ্বান জনাইছে।

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ যুদ্ধই সমগ্ৰ বিশ্ববাসীৰ বাবে গভীৰ উদ্বিগ্নতা তথা আতংক সৃষ্টি কৰি অহাৰ মাজতে মধ্যস্থতাকাৰীৰ জৰিয়তে যুদ্ধ অন্ত পৰাৰ আশাৰ ৰেঙনি দেখা গৈছিল যদিও এতিয়াও এই ক্ষেত্রত দুয়োপক্ষৰ পৰা ইতিবাচক সঁহাৰি নোপোৱাত পৰিস্থিতি সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ আশা স্তিমিত হৈ পৰিছে। 


ফলত মধ্যপ্রাচ্যৰ দেশসমূহৰ খাৰুৱা তেল তথা ইন্ধনৰ ওপৰতেই নিৰ্ভৰশীল ভাৰতকে ধৰি বিভিন্ন দেশত সাম্প্রতিক সময়ত দেখা দিয়া ইন্ধনৰ সংকট এতিয়াও অব্যাহত আছে। ইন্ধনৰ এনে সংকট সমগ্র দেশতে ক্রমাৎ গুৰুতৰ অৱস্থালৈ গতি কৰাৰ সময়তে প্রধানমন্ত্রীয়ে দেশবাসীক দৈনন্দিন জীৱন-যাপনত মিতব্যয়ী হ'বলৈ আহ্বান জনাইছে। লগতে যান-বাহনৰ ব্যৱহাৰৰ দিশত সতর্ক হোৱা আৰু ঘৰৰ পৰাই কাৰ্যালয়ৰ কাম-কাজৰ লগতে প্রয়োজনত নির্দিষ্ট শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সুবিধা-অসুবিধাৰ প্ৰতি গুৰুত্ব দি অনলাইন যোগে শিক্ষাদানৰ প্ৰয়োজন আছে নেকি সেই দিশবোৰো বিবেচনাৰ বাবে আহ্বান জনাইছে। 


প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ আঁৰৰ যে দেশত ইন্ধনৰ নাটনিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে, সেই কথা প্রত্যক্ষভাৱে নক'লেও পৰোক্ষভাৱে স্পষ্ট হৈ পৰিছে। ইফালে মধ্যপ্রাচ্যৰ যুদ্ধ মাজতে কিছু শিথিল হোৱাত ভাৰতলৈ তিনিখন জাহাজ অহাৰ লগতে ৰন্ধন গেছ যোগানত নতুন চৰ্ত আৰোপ কৰাৰ ফলত সমগ্ৰ দেশতে ৰন্ধন গেছৰ নাটনিৰ অৱস্থা সম্প্রতি কিছু উন্নত হৈছে যদিও চিলিণ্ডাৰক লৈ উদ্ভৱ হোৱা অভাৱৰ উদ্বিগ্নতা এতিয়াও দূৰ হোৱা নাই বুলিহে উজনি অসমৰ কেইবাজনো ৰন্ধন গেছৰ বিতৰকে জানিবলৈ দিয়ে। অৱশ্যে এমাহৰ পূৰ্বৰ অৱস্থাৰ তুলনাত সম্প্রতি দুই-তিনিদিনৰ মূৰে মূৰে চিলিণ্ডাৰৰ গাড়ী অহাত পৰিস্থিতি কিছু উন্নত হৈছে। 


অন্যহাতে, একক চিলিণ্ডাৰযুক্ত সংযোগেই হওক কিম্বা দ্বৈত চিলিণ্ডাৰযুক্ত সংযোগেই হওক কেন্দ্ৰীয় চৰকাৰে বৰ্তমান দ্বিতীয়টো চিলিণ্ডাৰ বুকিঙৰ বাবে গাঁও আৰু নগৰ অঞ্চলৰ ক্ষেত্ৰত ২৫ দিন, ৩৫ দিন আৰু ৪৫ দিনৰ যি সময়সীমা নিৰ্দিষ্ট কৰি দিছিল, সেই সময়সীমা এতিয়াও প্রযোজ্য হৈ আছে। এনে হোৱাৰ ফলতো সকলো শ্ৰেণীৰ গ্ৰাহকে ৰন্ধন গেছৰ ব্যৱহাৰৰ বেলিকা পূৰ্বৰ তুলনাত সম্প্রতি যথেষ্ট সতর্ক হ'ব লগা হৈছে আৰু এনে সতর্কতা সকলো গ্ৰাহকৰ বাবেই সচেতনতাৰ এক শুভ লক্ষণ বুলিও ৰন্ধন গেছ বিতৰকে মন্তব্য কৰে। কিন্তু ৰন্ধন গেছৰ ব্যৱহাৰ, সোণ ক্ৰয়ৰ পৰা বিৰত থকা, মিঠাতেলৰ ব্যৱহাৰত মিতব্যয়ী হোৱা, যান-বাহনৰ ব্যৱহাৰত সতর্ক হোৱা, প্রয়োজনত ঘৰৰ পৰাই অনলাইন যোগে কাৰ্যালয়ৰ কাম-কাজ চলোৱা আদি মিতব্যয়িতাৰ আহ্বানে অচিৰেই বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ ভাৰতৰ অৰ্থনীতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ ইংগিত দিছে নেকি বুলিও এতিয়া সৰ্বসাধাৰণৰ মনত প্ৰশ্নৰ উদয় হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু