--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইন্ধনৰ এনে সংকট সমগ্র দেশতে ক্রমাৎ গুৰুতৰ অৱস্থালৈ গতি কৰাৰ সময়তে প্রধানমন্ত্রীয়ে দেশবাসীক দৈনন্দিন জীৱন-যাপনত মিতব্যয়ী হ'বলৈ আহ্বান জনাইছে।

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ যুদ্ধই সমগ্ৰ বিশ্ববাসীৰ বাবে গভীৰ উদ্বিগ্নতা তথা আতংক সৃষ্টি কৰি অহাৰ মাজতে মধ্যস্থতাকাৰীৰ জৰিয়তে যুদ্ধ অন্ত পৰাৰ আশাৰ ৰেঙনি দেখা গৈছিল যদিও এতিয়াও এই ক্ষেত্রত দুয়োপক্ষৰ পৰা ইতিবাচক সঁহাৰি নোপোৱাত পৰিস্থিতি সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ আশা স্তিমিত হৈ পৰিছে। 


ফলত মধ্যপ্রাচ্যৰ দেশসমূহৰ খাৰুৱা তেল তথা ইন্ধনৰ ওপৰতেই নিৰ্ভৰশীল ভাৰতকে ধৰি বিভিন্ন দেশত সাম্প্রতিক সময়ত দেখা দিয়া ইন্ধনৰ সংকট এতিয়াও অব্যাহত আছে। ইন্ধনৰ এনে সংকট সমগ্র দেশতে ক্রমাৎ গুৰুতৰ অৱস্থালৈ গতি কৰাৰ সময়তে প্রধানমন্ত্রীয়ে দেশবাসীক দৈনন্দিন জীৱন-যাপনত মিতব্যয়ী হ'বলৈ আহ্বান জনাইছে। লগতে যান-বাহনৰ ব্যৱহাৰৰ দিশত সতর্ক হোৱা আৰু ঘৰৰ পৰাই কাৰ্যালয়ৰ কাম-কাজৰ লগতে প্রয়োজনত নির্দিষ্ট শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সুবিধা-অসুবিধাৰ প্ৰতি গুৰুত্ব দি অনলাইন যোগে শিক্ষাদানৰ প্ৰয়োজন আছে নেকি সেই দিশবোৰো বিবেচনাৰ বাবে আহ্বান জনাইছে। 


প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ আঁৰৰ যে দেশত ইন্ধনৰ নাটনিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে, সেই কথা প্রত্যক্ষভাৱে নক'লেও পৰোক্ষভাৱে স্পষ্ট হৈ পৰিছে। ইফালে মধ্যপ্রাচ্যৰ যুদ্ধ মাজতে কিছু শিথিল হোৱাত ভাৰতলৈ তিনিখন জাহাজ অহাৰ লগতে ৰন্ধন গেছ যোগানত নতুন চৰ্ত আৰোপ কৰাৰ ফলত সমগ্ৰ দেশতে ৰন্ধন গেছৰ নাটনিৰ অৱস্থা সম্প্রতি কিছু উন্নত হৈছে যদিও চিলিণ্ডাৰক লৈ উদ্ভৱ হোৱা অভাৱৰ উদ্বিগ্নতা এতিয়াও দূৰ হোৱা নাই বুলিহে উজনি অসমৰ কেইবাজনো ৰন্ধন গেছৰ বিতৰকে জানিবলৈ দিয়ে। অৱশ্যে এমাহৰ পূৰ্বৰ অৱস্থাৰ তুলনাত সম্প্রতি দুই-তিনিদিনৰ মূৰে মূৰে চিলিণ্ডাৰৰ গাড়ী অহাত পৰিস্থিতি কিছু উন্নত হৈছে। 


অন্যহাতে, একক চিলিণ্ডাৰযুক্ত সংযোগেই হওক কিম্বা দ্বৈত চিলিণ্ডাৰযুক্ত সংযোগেই হওক কেন্দ্ৰীয় চৰকাৰে বৰ্তমান দ্বিতীয়টো চিলিণ্ডাৰ বুকিঙৰ বাবে গাঁও আৰু নগৰ অঞ্চলৰ ক্ষেত্ৰত ২৫ দিন, ৩৫ দিন আৰু ৪৫ দিনৰ যি সময়সীমা নিৰ্দিষ্ট কৰি দিছিল, সেই সময়সীমা এতিয়াও প্রযোজ্য হৈ আছে। এনে হোৱাৰ ফলতো সকলো শ্ৰেণীৰ গ্ৰাহকে ৰন্ধন গেছৰ ব্যৱহাৰৰ বেলিকা পূৰ্বৰ তুলনাত সম্প্রতি যথেষ্ট সতর্ক হ'ব লগা হৈছে আৰু এনে সতর্কতা সকলো গ্ৰাহকৰ বাবেই সচেতনতাৰ এক শুভ লক্ষণ বুলিও ৰন্ধন গেছ বিতৰকে মন্তব্য কৰে। কিন্তু ৰন্ধন গেছৰ ব্যৱহাৰ, সোণ ক্ৰয়ৰ পৰা বিৰত থকা, মিঠাতেলৰ ব্যৱহাৰত মিতব্যয়ী হোৱা, যান-বাহনৰ ব্যৱহাৰত সতর্ক হোৱা, প্রয়োজনত ঘৰৰ পৰাই অনলাইন যোগে কাৰ্যালয়ৰ কাম-কাজ চলোৱা আদি মিতব্যয়িতাৰ আহ্বানে অচিৰেই বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ ভাৰতৰ অৰ্থনীতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ ইংগিত দিছে নেকি বুলিও এতিয়া সৰ্বসাধাৰণৰ মনত প্ৰশ্নৰ উদয় হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ