--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হালধি সনা পিছতেই মুহূৰ্তৰ ভিতৰতে কইনাগৰাকীৰ দেহত ৰঙা দাগ পৰিবলৈ ধৰে। তেওঁৰ ফোহা ওলায়, মুখ আৰু ওঁঠ ফুলি উঠে আৰু উশাহ লোৱাত কষ্ট হয়।

ডিজিটেল ডেস্ক: এক বিবাহ অনুষ্ঠানৰ আনন্দৰ মাজতে ঘটিল অঘটন। বিয়াৰ হালধি অনুষ্ঠানত হালধি লগোৱাৰ পিছতে এগৰাকী কইনাৰ দেহত তীব্ৰ এলাৰ্জীৰ সৃষ্টি হয়। এই এলাৰ্জীয়ে কইনাগৰাকীৰ স্বাস্থ্য বেয়া কৰি তোলে যাৰ ফলত তেওঁ ইন্দোৰৰ এম ৱাই হাস্পতালৰ আই চি ইউত ভৰ্তি হ’বলগীয়া হয়।


এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ খাৰগুন জিলাত। হালধি সনা পিছতেই মুহূৰ্তৰ ভিতৰতে কইনাগৰাকীৰ দেহত ৰঙা দাগ পৰিবলৈ ধৰে। তেওঁৰ ফোহা ওলায়, মুখ আৰু ওঁঠ ফুলি উঠে আৰু উশাহ লোৱাত কষ্ট হয়। লগে লগে পৰিয়ালে তেওঁক চিকিৎসালয়লৈ লৈ যায়, য’ত চিকিৎসাৰ পিছত তেওঁৰ অৱস্থা ভাল হয় আৰু পিছত তেওঁক ৰিলিজ দিয়া হয়।


চিকিৎসকৰ মতে, হালধিত প্ৰায়ে ‘মেটানিল য়েল্ল’ৰ দৰে কৃত্ৰিম ৰাসায়নিক পদাৰ্থ মিহলি কৰা হয়, যাৰ ফলত তীব্ৰ এলাৰ্জীৰ প্ৰতিক্ৰিয়া আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিয়া আৰু অন্যান্য অনুষ্ঠানত খোলা হালধিৰ সলনি বিশ্বাসযোগ্য, পেকেজড ব্ৰেণ্ড ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে খাদ্য বিভাগে।


এম.ৱাই. হাস্পতালৰ অধীক্ষক ড০ অশোক যাদৱে জানিবলৈ দিয়া মতে, প্ৰাথমিক তদন্তত ধৰা পৰিছে যে কইনাগৰাকীয়ে ব্যৱহাৰ কৰা হালধিত কোনো ধৰণৰ বিষাক্ত কেমিকেল মিহলি আছিল। সেই কেমিকেলৰ বাবেই তেওঁৰ শৰীৰত এই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।


ভুক্তভোগী পৰিয়ালটোৱে জনোৱা মতে, হালধি অনুষ্ঠানৰ বাবে তেওঁলোকে বজাৰৰ পৰা খোলা হালধি ক্ৰয় কৰিছিল। ড০ অশোক যাদৱে ৰাইজক আহ্বান জনাই কয় যে, বিয়াৰ দৰে মাংগলিক অনুষ্ঠানত সদায় ঘৰত পিহি লোৱা হালধিহে ব্যৱহাৰ কৰিব লাগে। পেকেটত থকা বা বজাৰৰ খোলা হালধিত প্ৰায়েই ৰাসায়নিক দ্ৰব্য বা ৰং মিহলি থাকে, যিয়ে শৰীৰত ভয়ংকৰ এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ