--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হালধি সনা পিছতেই মুহূৰ্তৰ ভিতৰতে কইনাগৰাকীৰ দেহত ৰঙা দাগ পৰিবলৈ ধৰে। তেওঁৰ ফোহা ওলায়, মুখ আৰু ওঁঠ ফুলি উঠে আৰু উশাহ লোৱাত কষ্ট হয়।

ডিজিটেল ডেস্ক: এক বিবাহ অনুষ্ঠানৰ আনন্দৰ মাজতে ঘটিল অঘটন। বিয়াৰ হালধি অনুষ্ঠানত হালধি লগোৱাৰ পিছতে এগৰাকী কইনাৰ দেহত তীব্ৰ এলাৰ্জীৰ সৃষ্টি হয়। এই এলাৰ্জীয়ে কইনাগৰাকীৰ স্বাস্থ্য বেয়া কৰি তোলে যাৰ ফলত তেওঁ ইন্দোৰৰ এম ৱাই হাস্পতালৰ আই চি ইউত ভৰ্তি হ’বলগীয়া হয়।


এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ খাৰগুন জিলাত। হালধি সনা পিছতেই মুহূৰ্তৰ ভিতৰতে কইনাগৰাকীৰ দেহত ৰঙা দাগ পৰিবলৈ ধৰে। তেওঁৰ ফোহা ওলায়, মুখ আৰু ওঁঠ ফুলি উঠে আৰু উশাহ লোৱাত কষ্ট হয়। লগে লগে পৰিয়ালে তেওঁক চিকিৎসালয়লৈ লৈ যায়, য’ত চিকিৎসাৰ পিছত তেওঁৰ অৱস্থা ভাল হয় আৰু পিছত তেওঁক ৰিলিজ দিয়া হয়।


চিকিৎসকৰ মতে, হালধিত প্ৰায়ে ‘মেটানিল য়েল্ল’ৰ দৰে কৃত্ৰিম ৰাসায়নিক পদাৰ্থ মিহলি কৰা হয়, যাৰ ফলত তীব্ৰ এলাৰ্জীৰ প্ৰতিক্ৰিয়া আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিয়া আৰু অন্যান্য অনুষ্ঠানত খোলা হালধিৰ সলনি বিশ্বাসযোগ্য, পেকেজড ব্ৰেণ্ড ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে খাদ্য বিভাগে।


এম.ৱাই. হাস্পতালৰ অধীক্ষক ড০ অশোক যাদৱে জানিবলৈ দিয়া মতে, প্ৰাথমিক তদন্তত ধৰা পৰিছে যে কইনাগৰাকীয়ে ব্যৱহাৰ কৰা হালধিত কোনো ধৰণৰ বিষাক্ত কেমিকেল মিহলি আছিল। সেই কেমিকেলৰ বাবেই তেওঁৰ শৰীৰত এই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।


ভুক্তভোগী পৰিয়ালটোৱে জনোৱা মতে, হালধি অনুষ্ঠানৰ বাবে তেওঁলোকে বজাৰৰ পৰা খোলা হালধি ক্ৰয় কৰিছিল। ড০ অশোক যাদৱে ৰাইজক আহ্বান জনাই কয় যে, বিয়াৰ দৰে মাংগলিক অনুষ্ঠানত সদায় ঘৰত পিহি লোৱা হালধিহে ব্যৱহাৰ কৰিব লাগে। পেকেটত থকা বা বজাৰৰ খোলা হালধিত প্ৰায়েই ৰাসায়নিক দ্ৰব্য বা ৰং মিহলি থাকে, যিয়ে শৰীৰত ভয়ংকৰ এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু