--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মন্ত্ৰ্যালয়ৰ বিবৃতিত আশ্বাস দিয়া হৈছে যে এম জি এনৰেগাৰ পৰা নতুন এই কাঠামোলৈ পৰিৱৰ্তন শ্রমিকৰ বাবে কামৰ পৰা ব্যাহত নোহোৱাকৈ নিৰৱচ্ছিন্ন হ'ব।

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে সোমবাৰে ঘোষণা কৰে যে দুই দশক পুৰণি এম এনৰেগাৰ ঠাইত 'বিকশিত ভাৰত-গেৰাণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্রামীণ) (ভি বি-জি ৰাম জি) আইন সমগ্র দেশজুৰি ১ জুলাইৰ পৰা বলৱৎ হ’ব। এই নতুন আইনখনত গ্রামাঞ্চলৰ পৰিয়ালৰ বাবে ১২৫ দিনৰ আইনগত মজুৰিৰে সংস্থানৰ প্ৰতিশ্রুতি দিয়া হৈছে। 


এক বিবৃতিত গ্রাম্য উন্নয়ন মন্ত্ৰ্যালয়ৰ ইয়াক '২০৪৭ চনৰ বিকশিত ভাৰত'ৰ সপোনৰ সৈতে সামঞ্জস্যৰে ভাৰতৰ গ্ৰাম্য উন্নয়নৰ স্থাপত্যত 'ঐতিহাসিক পৰিৱৰ্তন' আখ্যা দিয়ে। আইনখনে 'ভৱিষ্যতৰ বাবে সাজু আৰু উৎপাদনশীলতা কেন্দ্ৰিক গ্রাম্য পৰিৱৰ্তন' আগ বঢ়াই নিবলৈ বিচাৰিছে আৰু জীৱিকাৰ নিৰাপত্তা, গ্রাম্য আয় আৰু গাঁও পৰ্যায়ৰ আন্তঃগাঁথনি উন্নয়ন শক্তিশালী কৰিবলৈ বিচাৰিছে বুলি বিবৃতিটোত কোৱা হৈছে। মন্ত্ৰ্যালয়ে জাৰি কৰা অধিসূচনা মতে, 'ভি বি-জি ৰাম জি' সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে ১ জুলাইৰ পৰা বলৱৎ হ'ব আৰু একে দিনাই এম জি এনৰেগা প্রত্যাহাৰ হ'ব। 


মন্ত্ৰ্যালয়ৰ বিবৃতিত আশ্বাস দিয়া হৈছে যে এম জি এনৰেগাৰ পৰা নতুন এই কাঠামোলৈ পৰিৱৰ্তন শ্রমিকৰ বাবে কামৰ পৰা ব্যাহত নোহোৱাকৈ নিৰৱচ্ছিন্ন হ'ব। বিবৃতিটোত কোৱা হৈছে যে নতুন 'গ্রামীণ ৰোজগাৰ গেৰাণ্টী কার্ড' জাৰি নকৰালৈকে বৰ্তমানৰ ই-কে ৱাই চিৰ দ্বাৰা সত্য প্রতিপাদন কৰা এম জি এনৰেগা জব কার্ড বৈধ হৈ থাকিব। বিবৃতিটোত আৰু কোৱা হৈছে যে জব কার্ড নোহোৱা শ্রমিকে গাঁও পঞ্চায়ত পর্যায়ত পঞ্জীয়ন কৰাব পাৰিব। মন্ত্ৰ্যালয়ে কয় যে ই-কে ৱাই চিৰ পৰীক্ষা নিষ্পত্তি নোহোৱা বাবে শ্রমিকক কামৰ পৰা আঁতৰোৱা নহ'ব। 


চৰকাৰে সময়মতে আৰু স্বচ্ছভাৱে মজুৰি আদায় দিয়া বিষয়তো গুৰুত্ব দিব। বিবৃতিত মন্ত্ৰ্যালয়ে কয় যে প্রত্যক্ষ লাভ হস্তান্তৰৰ (ডি বি টি) যোগেদি মজুৰি শ্ৰমিকৰ বেংক বা ডাকঘৰৰ একাউণ্টলৈ হস্তান্তৰ কৰা হ'ব। 


মজুৰি সাপ্তাহিকভাৱে বা মাষ্টাৰ ৰুল বন্ধ হোৱাৰ ১৫ দিনৰ ভিতৰত দিয়া হ'ব। কেন্দ্ৰীয় চৰকাৰে কয় যে ২০২৬-২৭ বৰ্ষৰ বাবে ৯৫,৬৯২.৩১ কোটি টকাৰ আবণ্টন দিয়া হৈছে, যিটো হৈছে গ্রাম্য সংস্থান কৰ্মসূচীৰ বাবে কৰা সর্বোচ্চ আবণ্টন (বাজেট এল'কেশ্যন)। ৰাজ্যবোৰৰ সম্ভাব্য বৰঙনিকে ধৰি সমগ্ৰ কৰ্মসূচীত মুঠ ব্যয় ১.৫১ লাখতকৈ অধিক হ'ব বুলি আশা কৰা হৈছে।


উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ