--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডঃ হিমন্তবিশ্ব শৰ্মা আৰু ৰাহুল গান্ধীৰ ওপৰত বিস্ফোৰণ ঘটাইছে প্ৰাক্তন প্ৰবীণ কংগ্ৰেছী নেতা গুলাম নবী আজাদে। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত বিসম্বাদ কৰি থকাৰ সময়ৰ বিষয়ে আজাদে নিজৰ আত্মজীৱনীত লিখিছে।

প্ৰাক্তন কংগ্ৰেছী নেতাজনৰ আত্মজীৱনীখন অহা মাহত মুক্তি পাব বুলি জনা গৈছে। ৰূপা পাব্লিকেচনে প্ৰকাশ কৰা আত্মজীৱনীখনৰ নাম হ’ব 'আজাদ’। তাত নেতাজনে লিখিছে যে ডঃ শৰ্মাই সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্থন লাভ কৰি দলত্যাগৰ সিদ্ধান্ত লোৱাৰ সময়ত ৰাহুল গান্ধীয়ে ভুল ভূমিকাত অৱতীৰ্ণ হৈছিল। গান্ধীয়ে এইদৰে কৈছিল- "তেওঁক যাবলৈ দিয়ক!"

উল্লেখ্য যে ২০২২ চনৰ আগষ্ট মাহত কংগ্ৰেছ এৰি নিজাকৈ আঞ্চলিক দল গঠন কৰে আজাদে। বৰ্তমান তেওঁ নৱগঠিত ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ আজাদ পাৰ্টিৰ অধ্যক্ষ হিচাপে আছে। আত্মজীৱনীত ছোনিয়া গান্ধীকো লক্ষ্য কৰি লৈছে তেওঁ। কয় যে ছোনিয়াই যিকোনো বিপৰ্যয়জনক পৰিণতি বুজি পোৱাৰ পিছতো কোনো ভূমিকা ল’বলৈ ইচ্ছুক নহয়।

আনহাতে, বিজেপিত যোগদান কৰি অসমৰ মুখ্যমন্ত্ৰী হিচাপে থকা ডঃ শৰ্মা আছিল কংগ্ৰেছৰ এগৰাকী গুৰুত্বপূৰ্ণ কৌশলবিদ আছিল। ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত কংগ্ৰেছ নেতৃত্বৰ সৈতে হোৱা মতানৈক্যৰ বাবে তেওঁ দল ত্যাগ কৰে। তাৰপাছতে দহজন বিধায়কে তেওঁৰ পথ অনুসৰণ কৰিছিল।

এই সম্পৰ্কে আজাদে লিখে- "ৰাহুলে আমাক স্পষ্টকৈ কৈছিল যে নেতৃত্বৰ কোনো পৰিৱৰ্তন নহ'ব। আমি তেওঁক (ৰাহুলক) আঙুলিয়াই দিলোঁ যে হিমন্তৰ সংখ্যাগৰিষ্ঠ বিধায়ক আছে আৰু তেওঁ বিদ্ৰোহ কৰি দল এৰিব। 'তেওঁক যাওক দিয়ক।' ৰাহুলে এইদৰে কয়। তাৰপাছতে বৈঠক শেষ হ'ল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ