--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডঃ হিমন্তবিশ্ব শৰ্মা আৰু ৰাহুল গান্ধীৰ ওপৰত বিস্ফোৰণ ঘটাইছে প্ৰাক্তন প্ৰবীণ কংগ্ৰেছী নেতা গুলাম নবী আজাদে। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত বিসম্বাদ কৰি থকাৰ সময়ৰ বিষয়ে আজাদে নিজৰ আত্মজীৱনীত লিখিছে।

প্ৰাক্তন কংগ্ৰেছী নেতাজনৰ আত্মজীৱনীখন অহা মাহত মুক্তি পাব বুলি জনা গৈছে। ৰূপা পাব্লিকেচনে প্ৰকাশ কৰা আত্মজীৱনীখনৰ নাম হ’ব 'আজাদ’। তাত নেতাজনে লিখিছে যে ডঃ শৰ্মাই সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্থন লাভ কৰি দলত্যাগৰ সিদ্ধান্ত লোৱাৰ সময়ত ৰাহুল গান্ধীয়ে ভুল ভূমিকাত অৱতীৰ্ণ হৈছিল। গান্ধীয়ে এইদৰে কৈছিল- "তেওঁক যাবলৈ দিয়ক!"

উল্লেখ্য যে ২০২২ চনৰ আগষ্ট মাহত কংগ্ৰেছ এৰি নিজাকৈ আঞ্চলিক দল গঠন কৰে আজাদে। বৰ্তমান তেওঁ নৱগঠিত ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ আজাদ পাৰ্টিৰ অধ্যক্ষ হিচাপে আছে। আত্মজীৱনীত ছোনিয়া গান্ধীকো লক্ষ্য কৰি লৈছে তেওঁ। কয় যে ছোনিয়াই যিকোনো বিপৰ্যয়জনক পৰিণতি বুজি পোৱাৰ পিছতো কোনো ভূমিকা ল’বলৈ ইচ্ছুক নহয়।

আনহাতে, বিজেপিত যোগদান কৰি অসমৰ মুখ্যমন্ত্ৰী হিচাপে থকা ডঃ শৰ্মা আছিল কংগ্ৰেছৰ এগৰাকী গুৰুত্বপূৰ্ণ কৌশলবিদ আছিল। ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত কংগ্ৰেছ নেতৃত্বৰ সৈতে হোৱা মতানৈক্যৰ বাবে তেওঁ দল ত্যাগ কৰে। তাৰপাছতে দহজন বিধায়কে তেওঁৰ পথ অনুসৰণ কৰিছিল।

এই সম্পৰ্কে আজাদে লিখে- "ৰাহুলে আমাক স্পষ্টকৈ কৈছিল যে নেতৃত্বৰ কোনো পৰিৱৰ্তন নহ'ব। আমি তেওঁক (ৰাহুলক) আঙুলিয়াই দিলোঁ যে হিমন্তৰ সংখ্যাগৰিষ্ঠ বিধায়ক আছে আৰু তেওঁ বিদ্ৰোহ কৰি দল এৰিব। 'তেওঁক যাওক দিয়ক।' ৰাহুলে এইদৰে কয়। তাৰপাছতে বৈঠক শেষ হ'ল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব