--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এডভাণ্টেজ আছাম ২.০ৰ পৰা অসমত কমেও এক লাখ কোটি টকা বিনিয়োগৰ আশা কৰিছে ৰাজ্য চৰকাৰে । অহা ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া কেবিনেটৰ অনুমোদন অবিহনে কোনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত নহয় বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্রী ড° শর্মাই' কয় যে এডভাণ্টেজ আছাম, আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনৰ ফলত আন্তঃগাঁথনিৰ বাবত কেন্দ্ৰীয় চৰকাৰে ৫০ হাজাৰ কোটি টকা ঘোষণাৰ সম্ভাৱনা আছে। 

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়া আৰু জার্মানে অসম ভ্ৰমণৰ সময়ত থকা বাধা নিষেধ সন্দৰ্ভত পুনৰ নিৰীক্ষণ কৰি অসমৰ অশান্ত অঞ্চল হিচাপে ঘোষণা হৈ থকা তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় জিলাৰ বাদে ৰাজ্যৰ আন আন জিলাত দেশ দুখনৰ লোক অহাত থকা বাধা প্রত্যাহাৰ কৰিছে। 

এডভাণ্টেজ আছামৰ ৰূপৰেখা ৰাজ্য চৰকাৰে ইতিমধ্যে প্রস্তুত কৰি উলিয়াইছে বুলিও মুখ্যমন্ত্রীয়ে সংবাদমেলত কয়। তেওঁ কয় যে এডভাণ্টেজ আছামত অংশগ্ৰহণৰ বাবে ১৮,৫৭৫টা পঞ্জীয়ন এতিয়ালৈ হৈছে। ইয়াৰ ভিতৰত ১৫ হাজাৰৰ অনুমোদন হৈছে। গুজৰাটত অনুষ্ঠিত হোৱা বিনিয়োগ সন্মিলনৰ অংশগ্ৰহণৰ প্ৰায় সমান আৰু এয়া অসমৰ বাবে উদগনিমূলক বুলি কয় মুখ্যমন্ত্রী ড° শৰ্মাই। 

এডভাণ্টেজ আছামৰ সবিশেষ ৰূপৰেখা বৰ্ণনা কৰি মুখ্যমন্ত্রী ড° শর্মাই সংবাদমেলত কয় যে আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰৰ নেতৃত্বত ৫০খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে অংশ ল'ব। এয়া এক ঐতিহাসিক সিদ্ধান্ত। ভাৰত চৰকাৰৰ ব্যয়ৰে বিশেষ বিমানেৰে অসমত উপস্থিত হ'বলগীয়া ৰাষ্ট্রদূত আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে ২৩ ফেব্ৰুৱাৰীত কাজিৰঙা পৰিদৰ্শন কৰি পিছদিনা ঝুমুইৰ নৃত্য চাব। ২৫ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছামত অংশগ্ৰহণ কৰি ৰাতি উভতি যাব। 

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচীৰ কথা অৱগত কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে এডভাণ্টেজ আছামত নুমলীগড় শোধনাগাৰ, নামৰূপ সাৰ কাৰখানাকে ধৰি অসমৰ সংস্কৃতিৰে ভৱিষ্যতৰ অসমখন প্রতিফলিত হ'ব। ঝুমুইৰ নৃত্য উদ্বোধন আৰু উপভোগ কৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোনে পোনে খানাপাৰাৰ এডভাণ্টেজ আছাম ২.০ৰ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনত প্রায় ৪৫ মিনিট সময় কটাব। পিছদিনা পুৱা ১০-৪৫ বজাত বিনিয়োগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব। 

বিনিয়োগ সন্মিলনত প্রধানমন্ত্রী মোদীৰ লগত উপস্থিত থাকিব কেন্দ্রীয় মন্ত্রী ড° জয়শংকৰ, জ্যোতিৰাদিত্য সিন্ধিয়া, সর্বানন্দ সোণোৱাল আৰু পৱিত্ৰ মাৰ্ঘেৰিটা। সন্মিলনত অসমত অক্সিজেন উৎপানকাৰী উদ্যোগপতি অভিজিৎ বৰুৱা, ৰিপ'জৰ স্বত্বাধিকাৰী অনুপম ডেকাকে ধৰি উদ্যোগপতি অনিল চালেমেচিটী, প্রশান্ত ৰুইৱা, চর্জন জিন্দাল, মুকেশ আম্বানি, অনিল আম্বানি, নটৰাজন চন্দ্ৰশেখৰ আদিয়ে অংশ ল'ব। প্রধানমন্ত্রীয়ে দিয়া ভাষণৰ পাছতে উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰিব। এডভাণ্টেজ আছামৰ বিনিয়োগ - সন্মিলনৰ বিভিন্ন শাখাত কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ, হৰদীপ সিং পুৰী, নীতিন গডকাৰি আৰু সৰ্বানন্দ সোণোৱালে অংশ ল'ব। সামৰণী অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ। বিদেশী পুঁজি কেনেদৰে বিনিয়োগ হ'ব, ছেমি কণ্ডাক্টৰ, সৌৰশক্তি, ইথানেল নিৰ্ভৰ উদ্যোগৰ পৰিসৰ বৃদ্ধি প্রয়োগকে ধৰি বিভিন্ন বিষয় সন্মিলনত আলোচনা হোৱাৰ লগতে বিভিন্ন বিষয়ৰ আলোচনাসমূহত শিক্ষার্থীয়েও অংশগ্রহণ কৰিব। 

বিশেষকৈ অসমৰ চাহ উদ্যোগৰ গুণগত মান বৃদ্ধি কৰা অসমৰ পৰ্যটন, বায়' মেনুফেকচাৰিং, ষ্টার্ট আপ আদি বিষয়বোৰে সন্মিলনত স্থান পাব বুলি উল্লেখ কৰি মুখমন্ত্ৰীয়ে কয় যে দেশৰ বাহিৰৰ পৰা বিনিয়োগৰ বাবে ১৫০১২টা বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ বাবে অনুৰোধ অসম চৰকাৰে লাভ কৰিছে। বাহিৰৰ ৰাজ্যৰ পৰা বুজাবুজিৰ বাবে ১৫০৭০টা অনুৰোধ ইতিমধ্যে লাভ কৰা হৈছে। 

বিনিয়োগৰ বাবে অনুৰোধ পালেও যিমান ৰাজ্য চৰকাৰে বহন কৰিব পাৰিব, সিমান সংখ্যক বিনিয়োগৰ অনুৰোধ ৰক্ষা কৰি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ আৰু কয় যে মণিৰাম দেৱান ট্রেড চেণ্টাৰৰ কাষত ইউনিটি মল হ'ব। প্ৰধানমন্ত্ৰীৰ ঘোষণা অনুসৰি এই মলত প্ৰতিখন জিলাৰ পৰা উৎপাদিত সামগ্ৰী থাকিব, দেশৰ আন আন ৰাজ্যৰ জিলাৰ উৎপাদিত সামগ্রীও থাকিব। জাপান, ভূটান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, থাইলেণ্ডৰ বিনিয়োগকাৰীয়ে সম্মিলনত অংশগ্ৰহণ কৰিব। মালয়েছিয়াৰ উদ্যোগপতিয়েও এই সন্মিলনত অংশ লোৱাৰ আশা কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে কয়।


উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
তামুলপুৰত জুবিন অনুৰাগীৰ এহেজাৰটা নাহৰ পুলি ৰোপণ
আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু; মংগল হওক সকলোৰে
আপুনি Meta ৰ Messenger app ব্যৱহাৰ কৰে নেকি? শীঘ্ৰেই বন্ধ হ'ব এই Messenger App
বায়ুমণ্ডলত অভাৱনীয় হাৰত বৃদ্ধি কাৰ্বন-ডাই-অক্সাইড, বায়ুমণ্ডল, মহাসাগৰ, স্থলভাগৰ জীৱকুলৰ ভাৰসাম্য নোহোৱা হৈছে
জুবিনৰ স্থায়ী সমাধিক্ষেত্র, ফাষ্টট্রেক আদালত, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বাৰিষাতে ৰাজ্যত হ্রাস চাহৰ উৎপাদন, চাহ ব'ৰ্ডৰ উদ্বেগজনক তথ্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে