--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। এই সাক্ষাৎ কালত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শেহতীয়া আইন, শৃংখলা তথা ৰাজনৈতিক পৰিস্থিতিৰ লগতে ৰাজ্য চৰকাৰে আয়োজন কৰা এডভান্টেজ আছাম-২.০ৰ অগ্ৰগতিৰ সন্দৰ্ভত আলোচনা কৰে।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে এডভান্টেজ আছামৰ‌ সন্দৰ্ভত বহুকেইটা পৰামৰ্শ প্রদান কৰে। এই বহুমূলীয়া পৰামৰ্শই সন্মিলনৰ আয়োজনত আমাক সহায় কৰিব। ইফালে, এই বৈঠকত সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে লিংক থকা বুলি উত্থাপিত অভিযোগৰ সন্দৰ্ভতো আলোচনা হয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে পাকিস্তানৰ নাগৰিক আলী তৌকিৰ শ্বেইখৰ সৈতে সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ কলবাৰ্ন সম্পর্ক পোহৰলৈ অহাৰ পাছত অসম আৰক্ষীয়ে পাক নাগৰিকজনৰ বিৰুদ্ধে‌ গোচৰ ৰুজু কৰে। 

আনকি চাৰিজন শীৰ্ষ আৰক্ষী বিষয়াৰে এখন এছ আই টিও গঠন কৰে। এই তদন্তই অসমৰ লগতে ভাৰতত আলী শ্বেইখৰ নেটৱৰ্ক,ভাৰতৰ বিৰুদ্ধে আলী শ্বেইখক সহযোগ কৰা ব্যক্তি, দল-সংগঠন আৰু সহযোগীসকলৰ অনুসন্ধান, ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব সন্দৰ্ভত আহিব পৰা ভাবুকি আদি বিষয় সাঙুৰি ল'ব। 

আনহাতে, সাংসদ গৌৰৱ গগৈয়ে সংসদত দেশৰ নিৰাপত্তা সম্পৰ্কীয় আৰু পাৰমাণৱিক শক্তিসম্পৰ্কীয় কিছু প্রশ্ন কৰিছিল। এই তথ্যবোৰ পাকিস্তানৰ নাগৰিকজন বা সংস্থাটোক প্ৰদান কৰাৰ সন্দেহ কৰি তেওঁকো তদন্তৰ আওতালৈ অনা হৈছে। এনে পৰিস্থিতিত আজি এই বিষয়টোও কেন্দ্রীয় গৃহ মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰা কাৰ্য লক্ষণীয় হৈ পৰিছে।' 

উৎস- দৈনিক জনমভূমি  





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ