--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মেটমৰা সম্ভাৰেৰে আলোচনীখন ৰাইজৰ মাজলৈ আহিল। ৪০০ পৃষ্ঠাৰে সজাই তোলা হৈছে এই বছৰৰ আলোচনীখন।

ডিজিটেল ডেস্ক: পাঠকৰ অন্তহীন অপেক্ষাৰ অন্ত পৰিল। প্ৰকাশ পালে ‘দৈনিক জনমভূমি’ৰ ৰঙালী বিহু বিশেষ আলোচনী। পূৰ্বৰ দৰেই পাঠক সমাজ ৰৈ আছিল এই আলোচনীখনৰ বাবে। আলোচনীখন প্ৰকাশৰ পাছতেই পাঠকে জনাইছে ইতিবাচক সঁহাৰি।  


‘দৈনিক জনমভূমি’ৰ মুখ্য কাৰ্যালয় প্ৰাগ টাৱাৰত মঙলবাৰে উন্মোচন কৰা হ’ল আলোচনীখন। মেটমৰা সম্ভাৰেৰে আলোচনীখন ৰাইজৰ মাজলৈ আহিল। ৪০০ পৃষ্ঠাৰে সজাই তোলা হৈছে এই বছৰৰ আলোচনীখন।


পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবেলিও সুন্দৰ সুন্দৰ লেখাৰে প্ৰকাশ পালে দৈনিক জনমভূমিৰ বিহু আলোচনী ২০২৬।


অসমৰ নবীন-প্ৰবীণ লেখকৰ মননশীল লেখা সমৃদ্ধ আলোচনীখনৰ সম্পাদনা কিশোৰ গোস্বামীৰ। প্ৰায় ছয়কুৰি মানসম্পন্ন কবিৰ কবিতা, প্ৰায় ডেৰকুৰি গল্প, কেইবাখনো উপন্যাস-উপন্যাসিকা, জুবিন গাৰ্গ বিষয়ক কেইবাটাও তথ্যসমৃদ্ধ লেখাকে ধৰি প্ৰায় ১৭০গৰাকী লেখকৰ সমাহাৰ ঘটিছে আলোচনীখনত। 


অংগসজ্জা হৰিচন্দ্ৰ বৈশ্য(ৰাজ)ৰ। আৰ্হি পাঠ গুণমণি কলিতা আৰু সঞ্জীৱ ঠাকুৰীয়াৰ। বেটুপাত সুমন দাসৰ।


আলোচনীখন উন্মোচন কৰে AM Televisionৰ CMD ড° সঞ্জীৱ নাৰায়ণে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, কাৰ্যবাহী সম্পাদক দেবজিত ভূঞা, মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা, দৈনিক জনমভুমিৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ফুকন ,COO চিত্ৰৰঞ্জন ডেকাকে ধৰি দৈনিক জনমভূমিৰ কৰ্মচাৰীসকল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু