--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মেটমৰা সম্ভাৰেৰে আলোচনীখন ৰাইজৰ মাজলৈ আহিল। ৪০০ পৃষ্ঠাৰে সজাই তোলা হৈছে এই বছৰৰ আলোচনীখন।

ডিজিটেল ডেস্ক: পাঠকৰ অন্তহীন অপেক্ষাৰ অন্ত পৰিল। প্ৰকাশ পালে ‘দৈনিক জনমভূমি’ৰ ৰঙালী বিহু বিশেষ আলোচনী। পূৰ্বৰ দৰেই পাঠক সমাজ ৰৈ আছিল এই আলোচনীখনৰ বাবে। আলোচনীখন প্ৰকাশৰ পাছতেই পাঠকে জনাইছে ইতিবাচক সঁহাৰি।  


‘দৈনিক জনমভূমি’ৰ মুখ্য কাৰ্যালয় প্ৰাগ টাৱাৰত মঙলবাৰে উন্মোচন কৰা হ’ল আলোচনীখন। মেটমৰা সম্ভাৰেৰে আলোচনীখন ৰাইজৰ মাজলৈ আহিল। ৪০০ পৃষ্ঠাৰে সজাই তোলা হৈছে এই বছৰৰ আলোচনীখন।


পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবেলিও সুন্দৰ সুন্দৰ লেখাৰে প্ৰকাশ পালে দৈনিক জনমভূমিৰ বিহু আলোচনী ২০২৬।


অসমৰ নবীন-প্ৰবীণ লেখকৰ মননশীল লেখা সমৃদ্ধ আলোচনীখনৰ সম্পাদনা কিশোৰ গোস্বামীৰ। প্ৰায় ছয়কুৰি মানসম্পন্ন কবিৰ কবিতা, প্ৰায় ডেৰকুৰি গল্প, কেইবাখনো উপন্যাস-উপন্যাসিকা, জুবিন গাৰ্গ বিষয়ক কেইবাটাও তথ্যসমৃদ্ধ লেখাকে ধৰি প্ৰায় ১৭০গৰাকী লেখকৰ সমাহাৰ ঘটিছে আলোচনীখনত। 


অংগসজ্জা হৰিচন্দ্ৰ বৈশ্য(ৰাজ)ৰ। আৰ্হি পাঠ গুণমণি কলিতা আৰু সঞ্জীৱ ঠাকুৰীয়াৰ। বেটুপাত সুমন দাসৰ।


আলোচনীখন উন্মোচন কৰে AM Televisionৰ CMD ড° সঞ্জীৱ নাৰায়ণে। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, কাৰ্যবাহী সম্পাদক দেবজিত ভূঞা, মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা, দৈনিক জনমভুমিৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ফুকন ,COO চিত্ৰৰঞ্জন ডেকাকে ধৰি দৈনিক জনমভূমিৰ কৰ্মচাৰীসকল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ