--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ চকুৰ তলত ডাৰ্ক চাৰ্কল আছে নেকি? মানুহৰ চকুৰ তলত পৰা ডাৰ্ক চাৰ্কলে মানুহৰ সৌন্দৰ্য হ্ৰাস কৰে। বহুতে বহু চেষ্টা কৰিও ডাৰ্ক চাৰ্কল দূৰ কৰিব নোৱাৰে। ডাৰ্ক চাৰ্কলে এজন মানুহৰ নিজৰ ওপৰত থকা আত্মবিশ্বাসো হ্ৰাস কৰে। ডাৰ্ক চাৰ্কল লুকুৱাই ৰখাটো সহজ নহয়। মেকআপ কৰিলে কিছু সময়ৰ কাৰণেহে ডাৰ্ক চাৰ্কল ঢাকিব পাৰি। কিন্তু ইয়াক সম্পূৰ্ণৰূপে আঁতৰোৱাটো সহজ নহয়। আজি আমি এনে কিছুমান উপায়ৰ বিষয়ে জনাম যিবোৰ গ্ৰহণ কৰি আপুনি ডাৰ্ক চাৰ্কলৰ পৰা মুক্তি পাব পাৰে।

ডাৰ্ক চাৰ্কল কমোৱাৰ বাবে ঘৰুৱা উপায়-

১) আলুৰ ৰসঃ আলুত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে। আলুৰ ৰস অবিৰতভাৱে ডাৰ্ক চাৰ্কলত লগালে লাহে লাহে কমি যায়। ইয়াক প্ৰয়োগ কৰাৰ বাবে প্ৰথমে আলুখিনি কুটি লওক। তাৰ পিছত তাৰ পৰা আলুৰ ৰস উলিয়াই লওক। ইয়াৰ পিছত কপাহৰ সহায়ত চকুৰ তলত আৰু চাৰিওফালে আলুৰ ৰস লগাব লাগে।

২) ঠাণ্ডা টী বেগঃ টী বেগত কেফেইন থাকে যিয়ে ৰক্তবাহী নলীকা সংকুচিত কৰাত সহায় কৰে আৰু তেজৰ সোঁত বৃদ্ধি কৰে যাৰ ফলত ডাৰ্ক চাৰ্কল কমি যায়। ঠাণ্ডা টি বেগ ব্যৱহাৰ কৰিলে চকুৰ তলৰ ডাৰ্ক চাৰ্কল কমিবলৈ আৰম্ভ কৰে।

৩) ঠাণ্ডা গাখীৰঃ ঠাণ্ডা গাখীৰ ছালৰ বাবে অতি উপকাৰী। ইয়াৰ উপৰিও ডাৰ্ক চাৰ্কল কমোৱাৰ বাবে ঠাণ্ডা গাখীৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে ঠাণ্ডা গাখীৰ এটা বাটিত ল’ব লাগে। এতিয়া কপাহৰ সহায়ত সেই ঠাণ্ডা গাখীৰ চকুৰ তলত লগাব লাগে। ১০ মিনিট সময় লগাই তাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুব লাগে। এনে কৰিলে চকুৰ ডাৰ্ক চাৰ্কল কমি যায়।

৪) ফেচ মাস্ক পিন্ধিবঃ ডাৰ্ক চাৰ্কল কম কৰিবলৈ এলোভেৰা জেলৰ সৈতে ফেচ মাস্ক প্ৰস্তুত কৰিব পাৰে। এলোভেৰাত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু ভিটামিন ই থাকে, যাৰ ফলত ছালত কলাজেন উৎপাদনকাৰী কোষৰ সংখ্যা বৃদ্ধি পায়। এই মাস্ক প্ৰস্তুত কৰিবলৈ মৌ আৰু এলোভেৰা জেল মিহলাই গোলাপ জলো দিব পাৰে উন্নত ফলাফলৰ বাবে। ১৫ মিনিটমান মুখত লগাই শুকুৱাই থৈ শেষত কুহুমীয়া পানীৰে ধুব। নিয়মিতভাৱে এনে কৰিলে ডাৰ্ক চাৰ্কলবোৰ নাইকিয়া হৈ যাব।

৫) ৰাতি মালিচ কৰাঃ ৰাতি শোৱাৰ আগতে চকুৰ চাৰিওফালে এলোভেৰা জেল লগালে ছালখন টান হৈ পৰে আৰু মুখৰ মিহি ৰেখাবোৰ কমিবলৈ আৰম্ভ কৰিব। ছালখন কোমল আৰু জিলিকি থকা দেখা যাব। ইচ্ছা কৰিলে মইশ্ব’ৰাইজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। নিয়মিতভাৱে এলোভেৰা ব্যৱহাৰ কৰিলে ছালৰ ক্ষতি নহয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু