--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ চকুৰ তলত ডাৰ্ক চাৰ্কল আছে নেকি? মানুহৰ চকুৰ তলত পৰা ডাৰ্ক চাৰ্কলে মানুহৰ সৌন্দৰ্য হ্ৰাস কৰে। বহুতে বহু চেষ্টা কৰিও ডাৰ্ক চাৰ্কল দূৰ কৰিব নোৱাৰে। ডাৰ্ক চাৰ্কলে এজন মানুহৰ নিজৰ ওপৰত থকা আত্মবিশ্বাসো হ্ৰাস কৰে। ডাৰ্ক চাৰ্কল লুকুৱাই ৰখাটো সহজ নহয়। মেকআপ কৰিলে কিছু সময়ৰ কাৰণেহে ডাৰ্ক চাৰ্কল ঢাকিব পাৰি। কিন্তু ইয়াক সম্পূৰ্ণৰূপে আঁতৰোৱাটো সহজ নহয়। আজি আমি এনে কিছুমান উপায়ৰ বিষয়ে জনাম যিবোৰ গ্ৰহণ কৰি আপুনি ডাৰ্ক চাৰ্কলৰ পৰা মুক্তি পাব পাৰে।

ডাৰ্ক চাৰ্কল কমোৱাৰ বাবে ঘৰুৱা উপায়-

১) আলুৰ ৰসঃ আলুত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে। আলুৰ ৰস অবিৰতভাৱে ডাৰ্ক চাৰ্কলত লগালে লাহে লাহে কমি যায়। ইয়াক প্ৰয়োগ কৰাৰ বাবে প্ৰথমে আলুখিনি কুটি লওক। তাৰ পিছত তাৰ পৰা আলুৰ ৰস উলিয়াই লওক। ইয়াৰ পিছত কপাহৰ সহায়ত চকুৰ তলত আৰু চাৰিওফালে আলুৰ ৰস লগাব লাগে।

২) ঠাণ্ডা টী বেগঃ টী বেগত কেফেইন থাকে যিয়ে ৰক্তবাহী নলীকা সংকুচিত কৰাত সহায় কৰে আৰু তেজৰ সোঁত বৃদ্ধি কৰে যাৰ ফলত ডাৰ্ক চাৰ্কল কমি যায়। ঠাণ্ডা টি বেগ ব্যৱহাৰ কৰিলে চকুৰ তলৰ ডাৰ্ক চাৰ্কল কমিবলৈ আৰম্ভ কৰে।

৩) ঠাণ্ডা গাখীৰঃ ঠাণ্ডা গাখীৰ ছালৰ বাবে অতি উপকাৰী। ইয়াৰ উপৰিও ডাৰ্ক চাৰ্কল কমোৱাৰ বাবে ঠাণ্ডা গাখীৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে ঠাণ্ডা গাখীৰ এটা বাটিত ল’ব লাগে। এতিয়া কপাহৰ সহায়ত সেই ঠাণ্ডা গাখীৰ চকুৰ তলত লগাব লাগে। ১০ মিনিট সময় লগাই তাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুব লাগে। এনে কৰিলে চকুৰ ডাৰ্ক চাৰ্কল কমি যায়।

৪) ফেচ মাস্ক পিন্ধিবঃ ডাৰ্ক চাৰ্কল কম কৰিবলৈ এলোভেৰা জেলৰ সৈতে ফেচ মাস্ক প্ৰস্তুত কৰিব পাৰে। এলোভেৰাত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু ভিটামিন ই থাকে, যাৰ ফলত ছালত কলাজেন উৎপাদনকাৰী কোষৰ সংখ্যা বৃদ্ধি পায়। এই মাস্ক প্ৰস্তুত কৰিবলৈ মৌ আৰু এলোভেৰা জেল মিহলাই গোলাপ জলো দিব পাৰে উন্নত ফলাফলৰ বাবে। ১৫ মিনিটমান মুখত লগাই শুকুৱাই থৈ শেষত কুহুমীয়া পানীৰে ধুব। নিয়মিতভাৱে এনে কৰিলে ডাৰ্ক চাৰ্কলবোৰ নাইকিয়া হৈ যাব।

৫) ৰাতি মালিচ কৰাঃ ৰাতি শোৱাৰ আগতে চকুৰ চাৰিওফালে এলোভেৰা জেল লগালে ছালখন টান হৈ পৰে আৰু মুখৰ মিহি ৰেখাবোৰ কমিবলৈ আৰম্ভ কৰিব। ছালখন কোমল আৰু জিলিকি থকা দেখা যাব। ইচ্ছা কৰিলে মইশ্ব’ৰাইজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। নিয়মিতভাৱে এলোভেৰা ব্যৱহাৰ কৰিলে ছালৰ ক্ষতি নহয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে