--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মগজুৰ ৰক্তক্ষৰণৰ বাবে এগৰাকী ৮১ বছৰীয়া বৃদ্ধাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিছুদিন ভৰ্তি হোৱাৰ পাছত মগজুৱে কাম কৰা বন্ধ কৰি দিয়ে আৰু এদিন পাছত চিকিৎসকে বৃদ্ধাগৰাকীক মৃত বুলি ঘোষণা কৰে। উপায়ন্তৰ হৈ শোকসন্তপ্ত পৰিয়ালে মৃতদেহ লৈ ঘৰমুখী হয় আৰু শেষকৃত্য সম্পন্নৰ বাবে শ্মশানলৈ লৈ যায়।

 কিন্তু শ্মশানলৈ যোৱাৰ পথত পৰিয়ালটোৱে দাবী কৰে যে বৃদ্ধাগৰাকীয়ে হঠাতে চকু মেলে, সেয়েহে পৰিয়ালটোলৈ পুনৰ আনন্দ বন্যা নামি আহে। ইয়াৰ পাছত মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থানৰ পৰা লৈ যোৱা হ’ল ঘৰলৈ। কিন্তু পিছদিনা তেওঁৰ পুনৰ মৃত্যু হয়। এই দাবী পৰিয়ালৰ লোকৰ, উক্ত ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত।

 স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি মৃত বৃদ্ধাগৰাকীৰ নাম হৰি বেজী। ২৩ ডিচেম্বৰত মগজুত ৰক্তক্ষৰণ আৰম্ভ হয়। ততাতৈয়াকৈ তেওঁক ফিৰোজাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰিবলগা হৈছিল। যোৱা মঙলবাৰে ১০দিন চিকিৎসাৰ অন্তত চিকিৎসকে জনাইছিল যে বৃদ্ধাগৰাকীৰ মগজুৱে কাম কৰা বন্ধ কৰি দিছে আৰু ইতিমধ্যে মগজুৰ মৃত্যু ঘটিছে।

 বৃদ্ধাগৰাকীৰ পুত্ৰ সুগ্ৰীব সিঙে মাক জীয়াই থকা বুলি দাবী কৰে। কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক মৃত বুলি ঘোষণা কৰে। চিকিৎসালয়ৰ গাফিলতিৰ বাবেই তেওঁৰ মাতৃৰ মৃত্যু হয় বুলি অভিযোগ কৰে সুগ্ৰীবে। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে চিকিৎসালয় কৰ্তৃপক্ষই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি