--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মগজুৰ ৰক্তক্ষৰণৰ বাবে এগৰাকী ৮১ বছৰীয়া বৃদ্ধাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিছুদিন ভৰ্তি হোৱাৰ পাছত মগজুৱে কাম কৰা বন্ধ কৰি দিয়ে আৰু এদিন পাছত চিকিৎসকে বৃদ্ধাগৰাকীক মৃত বুলি ঘোষণা কৰে। উপায়ন্তৰ হৈ শোকসন্তপ্ত পৰিয়ালে মৃতদেহ লৈ ঘৰমুখী হয় আৰু শেষকৃত্য সম্পন্নৰ বাবে শ্মশানলৈ লৈ যায়।

 কিন্তু শ্মশানলৈ যোৱাৰ পথত পৰিয়ালটোৱে দাবী কৰে যে বৃদ্ধাগৰাকীয়ে হঠাতে চকু মেলে, সেয়েহে পৰিয়ালটোলৈ পুনৰ আনন্দ বন্যা নামি আহে। ইয়াৰ পাছত মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থানৰ পৰা লৈ যোৱা হ’ল ঘৰলৈ। কিন্তু পিছদিনা তেওঁৰ পুনৰ মৃত্যু হয়। এই দাবী পৰিয়ালৰ লোকৰ, উক্ত ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত।

 স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি মৃত বৃদ্ধাগৰাকীৰ নাম হৰি বেজী। ২৩ ডিচেম্বৰত মগজুত ৰক্তক্ষৰণ আৰম্ভ হয়। ততাতৈয়াকৈ তেওঁক ফিৰোজাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰিবলগা হৈছিল। যোৱা মঙলবাৰে ১০দিন চিকিৎসাৰ অন্তত চিকিৎসকে জনাইছিল যে বৃদ্ধাগৰাকীৰ মগজুৱে কাম কৰা বন্ধ কৰি দিছে আৰু ইতিমধ্যে মগজুৰ মৃত্যু ঘটিছে।

 বৃদ্ধাগৰাকীৰ পুত্ৰ সুগ্ৰীব সিঙে মাক জীয়াই থকা বুলি দাবী কৰে। কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক মৃত বুলি ঘোষণা কৰে। চিকিৎসালয়ৰ গাফিলতিৰ বাবেই তেওঁৰ মাতৃৰ মৃত্যু হয় বুলি অভিযোগ কৰে সুগ্ৰীবে। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে চিকিৎসালয় কৰ্তৃপক্ষই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক