ডিজিটেল ডেস্ক: অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান আজি প্ৰদান কৰা হয়। নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দিলে চূড়ান্ত ৰায়দান।
২০জন অভিযুক্তক দোষী সাব্যস্ত কৰিলে আদালতে। তথ্য প্ৰমাণৰ অভাৱত ২৫জনক নিৰ্দোষী ঘোষণা। ৮ বছৰ ধৰি চলিছিল অভি-নীল হত্যাকাণ্ডৰ শুনানি।
আদালতে আজি চূড়ান্ত ৰায় প্ৰদান কৰে যদিও আজি শাস্তি ঘোষণা কৰা নাই। ২৪ এপ্ৰিলত দোষীসকলৰ শাস্তি ঘোষণা কৰিব আদালতে।
উল্লেখ্য যে দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ড ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমোকাত সংঘটিত হৈছিল। প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ ডকমোকালৈ যোৱা গুৱাহাটীৰ দুজন যুৱক অভিজিত নাথ আৰু নীলোৎপল দাসক সোপাধৰাৰ সন্দেহত স্থানীয় ৰাইজে মৰিয়াই মৰিয়াই হত্যা কৰিছিল। ছ'চিয়েল মিডিয়া যোগে বিয়পি পৰা এটা ভুৱা বাতৰিৰ প্ৰভাৱত এই হত্যাকাণ্ড সংঘটিত হৈছিল।