--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৮ এপ্ৰিলত বেংগালুৰুৰ ১০ খনতকৈও অধিক ব্যক্তিগত বিদ্যালয়লৈ প্ৰেৰণ কৰা ভুৱা বোমাৰ ভাবুকিৰ ইমেইল সন্দৰ্ভত এক নতুন ঘটনাত কৰ্ণাটক আৰক্ষীয়ে তথ্য প্ৰযুক্তি আইন ৬৬(এফ)ৰ অধীনত এটা গোচৰ ৰুজু কৰি কয় যে, ই দুৰ্বৃত্তৰ বিৰুদ্ধে চাইবাৰ সন্ত্ৰাসবাদ হিচাপে কাম কৰে।

এই আইনে যিকোনো ব্যক্তিক দেশৰ ঐক্য, অখণ্ডতা, নিৰাপত্তা বা সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি দিয়া বা জনসাধাৰণ বা মানুহৰ যিকোনো শ্ৰেণী বা সম্প্ৰদায়ত সন্ত্ৰাস সৃষ্টি কৰাৰ উদ্দেশ্যৰে শাস্তি প্ৰদান কৰে। উল্লেখযোগ্য যে, ছাইবাৰ সন্ত্ৰাসবাদ সংঘটিত কৰাৰ কাৰ্যৰ অধীনত দোষী বুলি গণ্য কৰা লোকসকলৰ শাস্তি আজীৱন কাৰাবাসলৈ বৃদ্ধি কৰিব পাৰি।

আৰক্ষীয়ে ঘটনাটোক গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে কিয়নো ই বিদ্যালয় প্ৰশাসন, শিক্ষাৰ্থী, অভিভাৱক আৰু সাধাৰণ নাগৰিকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছিল। কৰ’না ভাইৰাছৰ আতংকৰ পাছত অফলাইন শ্ৰেণীৰ বাবে বিদ্যালয়সমূহ পুনৰ খোলাৰ ঠিক পাছতে এনে কাণ্ডই শৈক্ষিক কাৰ্য-কলাপবোৰ ব্যাহত কৰিছিল।

ঘটনাটোৰ বিতং বিৱৰণ বিভিন্ন অনুসন্ধানকাৰী সংস্থালৈ প্ৰেৰণ কৰি গোচৰটোত আৰক্ষীৰ দ্বাৰা তদন্ত আৰু প্ৰমাণ সংগ্ৰহ কৰা হৈছে। অৱশ্যে তদন্তকাৰী সংস্থাসমূহৰ পৰা এতিয়াও কোনো সঁহাৰি পোৱা নাই।

বেংগালুৰু চহৰৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত(পূব) সুব্ৰমন্যেশ্বৰ ৰাৱে কৈছিল যে, ভুৱা বোমা গোচৰৰ আঁৰত থকা অপৰাধীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব। ইতিমধ্যে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰা হৈছে।

মহানগৰ আৰক্ষী আৰু নিষ্কাশন দলসমূহে ৮ এপ্ৰিলত বেংগালুৰুৰ কমেও ১০খন ব্যক্তিগত বিদ্যালয় চৌহদত শক্তিশালী বোমা স্থাপনৰ সতৰ্কবাণী দিয়াৰ পাছত ইমেইল প্ৰাপ্ত কৰিছিল। আৰক্ষীয়ে বিদ্যালয়সমূহৰ পুংখানুপুংখ পৰীক্ষা আৰু স্কেন কৰাৰ পাছত সংবাদ মাধ্যমক কৈছিল যে ভাবুকিটো প্ৰাথমিকভাৱে এটা প্ৰৱঞ্চনা যেন লাগিছিল। ইমেইলটো abarons.masarfm@gmail.com পৰা প্ৰেৰণ কৰা হৈছিল বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল