--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৮ এপ্ৰিলত বেংগালুৰুৰ ১০ খনতকৈও অধিক ব্যক্তিগত বিদ্যালয়লৈ প্ৰেৰণ কৰা ভুৱা বোমাৰ ভাবুকিৰ ইমেইল সন্দৰ্ভত এক নতুন ঘটনাত কৰ্ণাটক আৰক্ষীয়ে তথ্য প্ৰযুক্তি আইন ৬৬(এফ)ৰ অধীনত এটা গোচৰ ৰুজু কৰি কয় যে, ই দুৰ্বৃত্তৰ বিৰুদ্ধে চাইবাৰ সন্ত্ৰাসবাদ হিচাপে কাম কৰে।

এই আইনে যিকোনো ব্যক্তিক দেশৰ ঐক্য, অখণ্ডতা, নিৰাপত্তা বা সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি দিয়া বা জনসাধাৰণ বা মানুহৰ যিকোনো শ্ৰেণী বা সম্প্ৰদায়ত সন্ত্ৰাস সৃষ্টি কৰাৰ উদ্দেশ্যৰে শাস্তি প্ৰদান কৰে। উল্লেখযোগ্য যে, ছাইবাৰ সন্ত্ৰাসবাদ সংঘটিত কৰাৰ কাৰ্যৰ অধীনত দোষী বুলি গণ্য কৰা লোকসকলৰ শাস্তি আজীৱন কাৰাবাসলৈ বৃদ্ধি কৰিব পাৰি।

আৰক্ষীয়ে ঘটনাটোক গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে কিয়নো ই বিদ্যালয় প্ৰশাসন, শিক্ষাৰ্থী, অভিভাৱক আৰু সাধাৰণ নাগৰিকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছিল। কৰ’না ভাইৰাছৰ আতংকৰ পাছত অফলাইন শ্ৰেণীৰ বাবে বিদ্যালয়সমূহ পুনৰ খোলাৰ ঠিক পাছতে এনে কাণ্ডই শৈক্ষিক কাৰ্য-কলাপবোৰ ব্যাহত কৰিছিল।

ঘটনাটোৰ বিতং বিৱৰণ বিভিন্ন অনুসন্ধানকাৰী সংস্থালৈ প্ৰেৰণ কৰি গোচৰটোত আৰক্ষীৰ দ্বাৰা তদন্ত আৰু প্ৰমাণ সংগ্ৰহ কৰা হৈছে। অৱশ্যে তদন্তকাৰী সংস্থাসমূহৰ পৰা এতিয়াও কোনো সঁহাৰি পোৱা নাই।

বেংগালুৰু চহৰৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত(পূব) সুব্ৰমন্যেশ্বৰ ৰাৱে কৈছিল যে, ভুৱা বোমা গোচৰৰ আঁৰত থকা অপৰাধীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব। ইতিমধ্যে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰা হৈছে।

মহানগৰ আৰক্ষী আৰু নিষ্কাশন দলসমূহে ৮ এপ্ৰিলত বেংগালুৰুৰ কমেও ১০খন ব্যক্তিগত বিদ্যালয় চৌহদত শক্তিশালী বোমা স্থাপনৰ সতৰ্কবাণী দিয়াৰ পাছত ইমেইল প্ৰাপ্ত কৰিছিল। আৰক্ষীয়ে বিদ্যালয়সমূহৰ পুংখানুপুংখ পৰীক্ষা আৰু স্কেন কৰাৰ পাছত সংবাদ মাধ্যমক কৈছিল যে ভাবুকিটো প্ৰাথমিকভাৱে এটা প্ৰৱঞ্চনা যেন লাগিছিল। ইমেইলটো abarons.masarfm@gmail.com পৰা প্ৰেৰণ কৰা হৈছিল বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ