--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন.ভি ৰমনাই ১ এপ্ৰিলত অনুসন্ধানকাৰী সংস্থা ‘চিবিআই’ৰ কাৰ্যকলাপ আৰু নিষ্ক্ৰিয়তাৰ জৰিয়তে প্ৰায়ে সংস্থাটোৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈ আহিছে বুলি মন্তব্য কৰিছিল৷ কেন্দ্ৰীয় সংস্থাটোৰ এক অনুষ্ঠানত ভাষণ দি তেওঁ লগতে পৰামৰ্শ দি কৈছিল যে সময়ৰ আহ্বান হৈছে সামাজিক বৈধতা আৰু ৰাজহুৱা বিশ্বাস পুনৰুদ্ধাৰ কৰা আৰু ইয়াৰ প্ৰথম পদক্ষেপ হৈছে ৰাজনৈতিক আৰু কাৰ্যবাহীৰ সৈতে সম্পৰ্ক ভংগ কৰা৷

আৰু এইবাৰ মুখ্য ন্যায়াধীশক উভতি ধৰিছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, চিবিআই আৰু ‘পিঞ্জৰাবদ্ধ ভাটৌ’ নহয়৷  দেওবাৰে এক টুইটযোগে ৰিজিজুৱে কয়, চিবিআই এতিয়া আৰু পিঞ্জৰাবদ্ধ ভাটৌ নহয়৷ কিন্তু, ভাৰতৰ শীৰ্ষ অপৰাধ অনুসন্ধানকাৰী সংস্থা হিচাপে চিবিআই-এ সঁচাকৈয়ে নিজৰ কৰ্তব্য পালন কৰি আছে৷ 

শনিবাৰে চিবিআইৰ তদন্তকাৰী বিষয়াসকলৰ প্ৰথম সন্মিলনত ৰিজিজুৱে তেওঁৰ ভাষণৰ এটা চমু ভিডিঅ’ শ্বেয়াৰ কৰে। ভাষণ প্ৰসংগত ৰিজিজুৱে কয় যে, এটা সময় আছিল, মোৰ ভালদৰে মনত আছে যে চৰকাৰত বহি থকা লোকসকল, কেতিয়াবা তেওঁলোক তদন্তত সমস্যা হৈ পৰে।
তেওঁ কয় যে আজি এজন প্ৰধানমন্ত্ৰী আছে যিয়ে নিজেই দুৰ্নীতিবিৰোধী যুদ্ধত মুখ্য ভূমিকা পালন কৰি আছে৷

মন্ত্ৰীগৰাকীয়ে লগতে কয়, যেতিয়া ক্ষমতাত থকা লোকসকল দুৰ্নীতিত জড়িত হয় তেতিয়া মই অসুবিধাবোৰ জানো৷ তেতিয়া আমি অতীতত ন্যায়পালিকাৰ পৰা কিছুমান অনাস্বাদিত মন্তব্য শুনিছিলোঁ। আমি এতিয়া বহুদূৰ আগবাঢ়িছোঁ৷ উল্লেখযোগ্য যে, ২০১৩ চনত কয়লাক্ষেত্ৰ আৱণ্টন গোচৰৰ শুনানিৰ সময়ত, উচ্চতম ন্যায়ালয়ে চিবিআইক ‘পিঞ্জৰাবদ্ধ ভাটৌ’ বুলি বৰ্ণনা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ