--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন.ভি ৰমনাই ১ এপ্ৰিলত অনুসন্ধানকাৰী সংস্থা ‘চিবিআই’ৰ কাৰ্যকলাপ আৰু নিষ্ক্ৰিয়তাৰ জৰিয়তে প্ৰায়ে সংস্থাটোৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈ আহিছে বুলি মন্তব্য কৰিছিল৷ কেন্দ্ৰীয় সংস্থাটোৰ এক অনুষ্ঠানত ভাষণ দি তেওঁ লগতে পৰামৰ্শ দি কৈছিল যে সময়ৰ আহ্বান হৈছে সামাজিক বৈধতা আৰু ৰাজহুৱা বিশ্বাস পুনৰুদ্ধাৰ কৰা আৰু ইয়াৰ প্ৰথম পদক্ষেপ হৈছে ৰাজনৈতিক আৰু কাৰ্যবাহীৰ সৈতে সম্পৰ্ক ভংগ কৰা৷

আৰু এইবাৰ মুখ্য ন্যায়াধীশক উভতি ধৰিছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, চিবিআই আৰু ‘পিঞ্জৰাবদ্ধ ভাটৌ’ নহয়৷  দেওবাৰে এক টুইটযোগে ৰিজিজুৱে কয়, চিবিআই এতিয়া আৰু পিঞ্জৰাবদ্ধ ভাটৌ নহয়৷ কিন্তু, ভাৰতৰ শীৰ্ষ অপৰাধ অনুসন্ধানকাৰী সংস্থা হিচাপে চিবিআই-এ সঁচাকৈয়ে নিজৰ কৰ্তব্য পালন কৰি আছে৷ 

শনিবাৰে চিবিআইৰ তদন্তকাৰী বিষয়াসকলৰ প্ৰথম সন্মিলনত ৰিজিজুৱে তেওঁৰ ভাষণৰ এটা চমু ভিডিঅ’ শ্বেয়াৰ কৰে। ভাষণ প্ৰসংগত ৰিজিজুৱে কয় যে, এটা সময় আছিল, মোৰ ভালদৰে মনত আছে যে চৰকাৰত বহি থকা লোকসকল, কেতিয়াবা তেওঁলোক তদন্তত সমস্যা হৈ পৰে।
তেওঁ কয় যে আজি এজন প্ৰধানমন্ত্ৰী আছে যিয়ে নিজেই দুৰ্নীতিবিৰোধী যুদ্ধত মুখ্য ভূমিকা পালন কৰি আছে৷

মন্ত্ৰীগৰাকীয়ে লগতে কয়, যেতিয়া ক্ষমতাত থকা লোকসকল দুৰ্নীতিত জড়িত হয় তেতিয়া মই অসুবিধাবোৰ জানো৷ তেতিয়া আমি অতীতত ন্যায়পালিকাৰ পৰা কিছুমান অনাস্বাদিত মন্তব্য শুনিছিলোঁ। আমি এতিয়া বহুদূৰ আগবাঢ়িছোঁ৷ উল্লেখযোগ্য যে, ২০১৩ চনত কয়লাক্ষেত্ৰ আৱণ্টন গোচৰৰ শুনানিৰ সময়ত, উচ্চতম ন্যায়ালয়ে চিবিআইক ‘পিঞ্জৰাবদ্ধ ভাটৌ’ বুলি বৰ্ণনা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ