--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁত ব্ৰাছ কৰাৰ সময়ত যদি আপোনাৰ দাঁতৰ আলুৰ পৰা তেজ ওলায়, তেন্তে ইয়াক স্বাভাৱিক বুলি নাভাবিব। আচলতে দাঁতৰ আলুৰ পৰা তেজ ওলোৱাটোৱে এটা আভ্যন্তৰীণ সমস্যাৰ ইংগিত দিয়ে। আলুৰ পৰা কেইবাটাও কাৰণত তেজ ওলাব পাৰে, য’ত অত্যধিক ব্ৰাছ কৰা, আঘাত পোৱা, গৰ্ভাৱস্থা আৰু প্ৰদাহ আদি কাৰক থাকিব পাৰে। 

দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হোৱাটো এটা সাধাৰণ স্বাস্থ্যজনিত সমস্যা যিয়ে বহু লোকক অশান্তি দিয়ে। এই সমস্যা দাঁতৰ বিষ, আলু ফুলা, বা দাঁতৰ গহ্বৰৰ সমস্যাৰ বাবেও হ’ব পাৰে। যদি আপুনিও আলুৰ ৰক্তক্ষৰণৰ বাবে অসুবিধা পাইছে, তেন্তে ইয়াৰ বাবে কিছুমান সহজ ঘৰুৱা উপায় কৰিব পাৰি। ইয়াৰ বাবে আপুনি কিছুমান পাকঘৰৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব।

আলুৰ পৰা তেজ ওলোৱা কেনেকৈ বন্ধ কৰিব পাৰি?

১) নিমখ আৰু গৰম পানীৰে গাৰ্গল কৰকঃ নিমখ মিহলি কৰা গৰম পানীৰে গাৰ্গল কৰিলে আলুৰ ৰক্তক্ষৰণ বন্ধ হোৱাত সহায়ক হয়। এই প্ৰতিকাৰেও দাঁতৰ আলুৰ ফুলা কমোৱাত সহায় কৰে।

২) নিমৰ তেলঃ আলুৰ ৰক্তক্ষৰণ বন্ধ কৰাত নিম তেলে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। ৰাতি শোৱাৰ আগতে আলুৰ ওপৰত লগাব পাৰে আৰু ৰাতিপুৱা ধুই পেলাব পাৰে।

৩) এলোভেৰাৰ ৰসঃ এলোভেৰাৰ ৰসেও আলুৰ ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰিব পাৰে। এলোভেৰাৰ পাত কাটি তাৰ পৰা উলিওৱা ৰস আলুৰ ওপৰত লগাব পাৰে।

৪) সতেজ ফলমূল আৰু শাক-পাচলিঃ সতেজ ফল-মূল খোৱাটো আলুৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে। ইয়াৰ লগে লগে আপোনাৰ শৰীৰে প্ৰয়োজনীয় পুষ্টি লাভ কৰে আৰু দাঁতৰ আলুৰ স্বাস্থ্য ভাল হৈ থাকিব পাৰে।

৫) পানীৰ সঠিক ব্যৱহাৰঃ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটোও আলুৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। সঠিক পৰিমাণত পানী সেৱন কৰিলে আপোনাৰ শৰীৰৰ সতেজতাৰ মাত্ৰা বজাই ৰাখে আৰু লগতে আলুৰ কাম সঠিকভাৱে কৰাত সহায় কৰে।

৬) নেমু পানীঃ আমি সাধাৰণতে পিয়াহ দূৰ কৰিবলৈ নেমুৰ পানী ব্যৱহাৰ কৰো, কিন্তু ইয়াৰ সহায়ত আপুনি তেজ ওলোৱা দাঁতৰ আলুকো নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ বাবে গৰম পানী লৈ নেমু চেপি কুলকুলি কৰক। দিনটোত বহুবাৰ এই পদ্ধতি পুনৰাবৃত্তি কৰক, এনে কৰিলে সকাহ পাব।

৭) লং তেলঃ ব্ৰাছ কৰাৰ সময়ত যেতিয়াই আলুৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰে তেতিয়াই তেনে পৰিস্থিতিত লং তেল ব্যৱহাৰ কৰিব পাৰে। আমি সাধাৰণতে খাদ্যৰ সুগন্ধি বৃদ্ধিৰ বাবে লং ব্যৱহাৰ কৰো, কিন্তু মুখৰ স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। আলুৰ পৰা তেজ ওলোৱা বন্ধ কৰিবলৈ কপাহত লং তেল লগাই আক্ৰান্ত দাঁতৰ ওচৰত লগালে এনে কৰিলে ৰক্তক্ষৰণ বন্ধ হৈ যাব।

৮) দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে: দাঁতৰ পৰা তেজ ওলোৱা ৰোধ কৰিবলৈ দিনত অন্ততঃ দুবাৰকৈ ব্ৰাছ কৰিব লাগে। গৰ্ভাৱস্থাত দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ যত্ন লওক। দৰাচলতে গৰ্ভাৱস্থাত হৰম’নৰ উঠা-নমা হোৱাৰ ফলত দাঁতৰ ৰোগ আৰু দাঁতৰ তেজ ওলোৱাও হ’ব পাৰে।

৯) হাইড্ৰজেন পেৰাক্সাইডেৰে গাৰ্গল‌ কৰক: মুখৰ মলি পৰিষ্কাৰ কৰিবলৈ হাইড্ৰজেন পেৰাক্সাইডেৰে গাৰ্গল কৰি বেক্টেৰিয়া নিৰ্মূল কৰিব পাৰে। ইয়াৰ ফলত দাঁতৰ তেজ ওলোৱা বন্ধ হয়, কিন্তু যাতে পেটলৈ নাযায় তাৰবাবে সাৱধান হ’ব লাগে।

১০) ধূমপান এৰি দিয়ক: হাওঁফাওঁৰ কৰ্কট ৰোগ, হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰাৰ উপৰিও ধূমপানে দাঁতৰ তেজ ওলোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে। আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনচনৰ মতে, ধূমপান হৈছে গুৰুতৰ দাতৰ আলুৰ সমস্যাৰ এটা প্ৰধান কাৰণ।

১১) ভিটামিন চিৰ গ্ৰহণ বৃদ্ধি কৰক: ভিটামিন চি সমৃদ্ধ খাদ্য খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব পাৰে, লগতে দাঁতৰ পৰা ৰক্তক্ষৰণ ৰোধ কৰিব পাৰে। ইয়াৰ বাবে আমলখি, কমলা, বিলাহী আৰু নেমু আদি খাবলৈ আৰম্ভ কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি