--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁত ব্ৰাছ কৰাৰ সময়ত যদি আপোনাৰ দাঁতৰ আলুৰ পৰা তেজ ওলায়, তেন্তে ইয়াক স্বাভাৱিক বুলি নাভাবিব। আচলতে দাঁতৰ আলুৰ পৰা তেজ ওলোৱাটোৱে এটা আভ্যন্তৰীণ সমস্যাৰ ইংগিত দিয়ে। আলুৰ পৰা কেইবাটাও কাৰণত তেজ ওলাব পাৰে, য’ত অত্যধিক ব্ৰাছ কৰা, আঘাত পোৱা, গৰ্ভাৱস্থা আৰু প্ৰদাহ আদি কাৰক থাকিব পাৰে। 

দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হোৱাটো এটা সাধাৰণ স্বাস্থ্যজনিত সমস্যা যিয়ে বহু লোকক অশান্তি দিয়ে। এই সমস্যা দাঁতৰ বিষ, আলু ফুলা, বা দাঁতৰ গহ্বৰৰ সমস্যাৰ বাবেও হ’ব পাৰে। যদি আপুনিও আলুৰ ৰক্তক্ষৰণৰ বাবে অসুবিধা পাইছে, তেন্তে ইয়াৰ বাবে কিছুমান সহজ ঘৰুৱা উপায় কৰিব পাৰি। ইয়াৰ বাবে আপুনি কিছুমান পাকঘৰৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব।

আলুৰ পৰা তেজ ওলোৱা কেনেকৈ বন্ধ কৰিব পাৰি?

১) নিমখ আৰু গৰম পানীৰে গাৰ্গল কৰকঃ নিমখ মিহলি কৰা গৰম পানীৰে গাৰ্গল কৰিলে আলুৰ ৰক্তক্ষৰণ বন্ধ হোৱাত সহায়ক হয়। এই প্ৰতিকাৰেও দাঁতৰ আলুৰ ফুলা কমোৱাত সহায় কৰে।

২) নিমৰ তেলঃ আলুৰ ৰক্তক্ষৰণ বন্ধ কৰাত নিম তেলে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। ৰাতি শোৱাৰ আগতে আলুৰ ওপৰত লগাব পাৰে আৰু ৰাতিপুৱা ধুই পেলাব পাৰে।

৩) এলোভেৰাৰ ৰসঃ এলোভেৰাৰ ৰসেও আলুৰ ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰিব পাৰে। এলোভেৰাৰ পাত কাটি তাৰ পৰা উলিওৱা ৰস আলুৰ ওপৰত লগাব পাৰে।

৪) সতেজ ফলমূল আৰু শাক-পাচলিঃ সতেজ ফল-মূল খোৱাটো আলুৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে। ইয়াৰ লগে লগে আপোনাৰ শৰীৰে প্ৰয়োজনীয় পুষ্টি লাভ কৰে আৰু দাঁতৰ আলুৰ স্বাস্থ্য ভাল হৈ থাকিব পাৰে।

৫) পানীৰ সঠিক ব্যৱহাৰঃ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটোও আলুৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। সঠিক পৰিমাণত পানী সেৱন কৰিলে আপোনাৰ শৰীৰৰ সতেজতাৰ মাত্ৰা বজাই ৰাখে আৰু লগতে আলুৰ কাম সঠিকভাৱে কৰাত সহায় কৰে।

৬) নেমু পানীঃ আমি সাধাৰণতে পিয়াহ দূৰ কৰিবলৈ নেমুৰ পানী ব্যৱহাৰ কৰো, কিন্তু ইয়াৰ সহায়ত আপুনি তেজ ওলোৱা দাঁতৰ আলুকো নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ বাবে গৰম পানী লৈ নেমু চেপি কুলকুলি কৰক। দিনটোত বহুবাৰ এই পদ্ধতি পুনৰাবৃত্তি কৰক, এনে কৰিলে সকাহ পাব।

৭) লং তেলঃ ব্ৰাছ কৰাৰ সময়ত যেতিয়াই আলুৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰে তেতিয়াই তেনে পৰিস্থিতিত লং তেল ব্যৱহাৰ কৰিব পাৰে। আমি সাধাৰণতে খাদ্যৰ সুগন্ধি বৃদ্ধিৰ বাবে লং ব্যৱহাৰ কৰো, কিন্তু মুখৰ স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। আলুৰ পৰা তেজ ওলোৱা বন্ধ কৰিবলৈ কপাহত লং তেল লগাই আক্ৰান্ত দাঁতৰ ওচৰত লগালে এনে কৰিলে ৰক্তক্ষৰণ বন্ধ হৈ যাব।

৮) দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে: দাঁতৰ পৰা তেজ ওলোৱা ৰোধ কৰিবলৈ দিনত অন্ততঃ দুবাৰকৈ ব্ৰাছ কৰিব লাগে। গৰ্ভাৱস্থাত দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ যত্ন লওক। দৰাচলতে গৰ্ভাৱস্থাত হৰম’নৰ উঠা-নমা হোৱাৰ ফলত দাঁতৰ ৰোগ আৰু দাঁতৰ তেজ ওলোৱাও হ’ব পাৰে।

৯) হাইড্ৰজেন পেৰাক্সাইডেৰে গাৰ্গল‌ কৰক: মুখৰ মলি পৰিষ্কাৰ কৰিবলৈ হাইড্ৰজেন পেৰাক্সাইডেৰে গাৰ্গল কৰি বেক্টেৰিয়া নিৰ্মূল কৰিব পাৰে। ইয়াৰ ফলত দাঁতৰ তেজ ওলোৱা বন্ধ হয়, কিন্তু যাতে পেটলৈ নাযায় তাৰবাবে সাৱধান হ’ব লাগে।

১০) ধূমপান এৰি দিয়ক: হাওঁফাওঁৰ কৰ্কট ৰোগ, হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰাৰ উপৰিও ধূমপানে দাঁতৰ তেজ ওলোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে। আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনচনৰ মতে, ধূমপান হৈছে গুৰুতৰ দাতৰ আলুৰ সমস্যাৰ এটা প্ৰধান কাৰণ।

১১) ভিটামিন চিৰ গ্ৰহণ বৃদ্ধি কৰক: ভিটামিন চি সমৃদ্ধ খাদ্য খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব পাৰে, লগতে দাঁতৰ পৰা ৰক্তক্ষৰণ ৰোধ কৰিব পাৰে। ইয়াৰ বাবে আমলখি, কমলা, বিলাহী আৰু নেমু আদি খাবলৈ আৰম্ভ কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ