--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁতৰ সুস্থতাৰ ওপৰতে আমাৰ স্বাস্থ্য ভালেখিনি নিৰ্ভৰ কৰে। কাৰণ খাদ্য ভালদৰে চোবাই খালেহে আমি সুষ্টি লাভ কৰিব পাৰো। বিভিন্ন কাৰণত দাঁতত দাগ পৰিব পাৰে। দাঁতৰ দাগ নোহোৱা কৰিবলৈ আমি ঘৰুৱাভাবেই কেইটামান উপায় মানি চলিব পাৰো। সাধাৰণতে আমি গৰমৰ দিনত দেহ শীতল কৰিবলৈ বজাৰত পোৱা নানান কোম্পানীৰ শীতল পানীয় পান কৰো।

এনে শীতল পানীয়ৰ নানান অপকাৰী দিশ থাকে। শীতল পানীয়ৰ প্ৰধান উপাদানেই হৈছে চোডা।

সেয়ে প্ৰায়ে শীতল পানীয় খালে দাঁতৰ এনামেলৰ ক্ষতি হোৱাৰ আশংকা থাকে আৰু দাঁত হালধীয়া হৈ পৰিব পাৰে।

উচ্চ ৰক্তচাপ,এজমা আদিৰ দৰৱ ব্যৱহাৰৰ বাবেও বহু সময়ত দাঁতত হালধীয়া দাগ পৰা দেখা যায়।

দাঁতৰ  দাগ অতি সহজে ঘৰুৱা উপায়েৰে দূৰ কৰিব পৰা যায়।

ইয়াৰ বাবে আপুনি তেনেই সাধাৰণ দুটা ঘৰুৱা প্ৰাকৃতিক উপায় অৱলম্বন কৰিলেই হ’ল।

প্ৰথম উপায়টো হ’ল বজাৰৰ পৰা মেথি গুটি কিনি আনি সেয়া ভালদৰে গুড়ি কৰি লওঁক।

মেথি গুটিৰ গুড়িৰে নিতৌ পুৱা দাঁত ঘঁহিলে দাঁতৰ  দাগ দূৰ হ’ব।

দ্বিতীয় উপায়টো হ’ব নাৰিকলৰ তেলৰ সৈতে নিমখ ভালদৰে মিহলাই এটা পেষ্ট তৈয়াৰ কৰক।

সেই পেষ্টেৰে দাঁত ঘঁহাৰ লগতে দাঁতৰ আলু মালিচ কৰক। এনে কৰিলে কম দিনৰ ভিতৰতে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ’ব৷
 দাঁতত দাগ নপৰিবলৈ তামোল-পান , গুটখা আদি খোৱাৰ পৰাও বিৰত থকা উচিৎ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু