--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ ৰচিন ৰবীন্দ্ৰক এইবাৰ বিশ্বকাপৰ শ্ৰেষ্ঠ আৱিষ্কাৰ হিচাপে বিবেচিত হৈছে। শনিবাৰে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিযোগিতাত তৃতীয় শতক অৰ্জন কৰে ৰেচিনে। একে সময়তে নিউজিলেণ্ডৰ এই অল ৰাউণ্ডাৰগৰাকীয়ে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

এদিনীয়া খেলত তিনিটা শতক অৰ্জন কৰা বিশ্বৰ আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ৰাচিন। শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে। ১৯৯৬ চনৰ বিশ্বকাপত শচীনে দুটা শতক অৰ্জন কৰিছিল। সেই সময়ত তেওঁৰ বয়স আছিল ২২ বছৰ। ২৩ বছৰ বয়সত ৰেচিনে তিনিটা শতক অৰ্জন কৰে। অর্থাৎ ইমান কম বয়সত শচীনেও বিশ্বকাপত তিনি শতক অর্জন কৰিব নোৱাৰিলে৷ কোনো ক্ৰিকেটাৰে প্ৰথম বিশ্বকাপত তিনিটা শতক অৰ্জন কৰিব পৰা নাই। এই ক্ষেত্ৰত ৰাছিন প্ৰথম।

বিশ্বকাপত তিনিটা বা তাতকৈ অধিক শতক অৰ্জন কৰা ৰাচিনে বিশ্বৰ সপ্তমজন বেটছমেন হিচাপে পৰিগণিত হয়। এই ক্ষেত্ৰত বিশ্ব অভিলেখ গৰাকী হৈছে ৰোহিত শৰ্মা। ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে ২০১৯ চনৰ বিশ্বকাপত পাঁচটা শতক অৰ্জন কৰিছিল। শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰা আৰু দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি ককে এটা বিশ্বকাপত চাৰিটা শতক অৰ্জন কৰিছে। সৌৰভ গাংগুলী, মাৰ্ক ৱাফ আৰু মেথিউ হেডনে একক বিশ্বকাপত তিনিটা শতক অৰ্জন কৰিছে।

শনিবাৰে পাকিস্তানৰ বিৰুদ্ধে ৰাচিনে ৯৪ বলত ১০৮ ৰানৰ ইনিংছ খেলিছিল। তেওঁৰ বেটৰ পৰা ১৫টা চাৰি আৰু ১ ছয়। এই বিশ্বকাপত তেওঁ এই পৰ্যন্ত ৫২৩ ৰান সংগ্ৰহ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ