--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বহুমূত্র (ডায়েবিটিছ) ৰোগীৰ বাবে ভাল খবৰ? এম্পাগ্লিফ্ল'জিন নামৰ ঔষধবিধৰ দাম অচিৰেই বৃহৎ হাৰত হ্রাস পাব। বর্তমান বজাৰত এই ঔষধবিধৰ প্ৰতিটো টেবলেটৰ দাম ৬০ টকা, কিন্তু অহা ১১ মাৰ্চৰ পৰা ইয়াৰ দাম ৯ টকালৈ হ্রাস পোৱাৰ সম্ভাৱনা আছে। 

উল্লেখযোগ্য যে এই ঔষধবিধ প্রস্তুত কৰে জাৰ্মানিৰ কোম্পানী বুগৰিংগাৰ ইংগেতহীমে। অহা ১১ মাৰ্চত এই ঔষধবিধৰ কোম্পানীটোৰ পেটেণ্টৰ ম্যাদ অন্ত পৰিব। ইয়াৰ পাছত এই ঔষধবিধক ভাৰতীয় কোম্পানীসমূহে নিজৰ ব্ৰেণ্ডত বজাৰলৈ উলিয়াই দিয়াৰ প্ৰস্তুতি চলাইছে। 

এই ভাৰতীয় কোম্পানীবোৰৰ ভিতৰত মেনকাইণ্ড ফার্মা, টাৰেণ্ট, এলকেম, ড° ৰেড্ডী আৰু লিউপিনো আছে। মেনকাইণ্ডে জার্মান কোম্পানীটোৰ তুলনাত প্রায় ৯০% কম দামত এই ঔষধবিধ বজাৰলৈ উলিয়াই দিয়াৰ প্ৰস্তুতি চলাইছে। টাইপ-২ বহুমূত্র ৰোগীয়ে সেৱন কৰা এই ঔষধবিধৰ জেনেৰিক সংস্কৰণ ভাৰতীয় কোম্পানীসমূহে প্রতিটো টেবলেটত ৯-১৪ টকা দৰত বজাৰলৈ উলিয়াই দিব। 

বিশেষজ্ঞসকলে প্রকাশ কৰা মতে, এই ঔষধবিধ হৃৎপিণ্ড আৰু কিডনীৰ বিকাৰ প্ৰতিৰোধ কৰাত ব্যৱহাৰ কৰা হয়। এই ঔষধবিধৰ দাম হ্রাস পালে দেশৰ লাখ লাখ ৰোগী উপকৃত হ'ব। উল্লেখযোগ্য যে বর্তমান ভাৰতত ১০.১ কোটিতকৈ অধিক লোক বহুমূত্র ৰোগত ভুগি আছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ