--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বহুমূত্র (ডায়েবিটিছ) ৰোগীৰ বাবে ভাল খবৰ? এম্পাগ্লিফ্ল'জিন নামৰ ঔষধবিধৰ দাম অচিৰেই বৃহৎ হাৰত হ্রাস পাব। বর্তমান বজাৰত এই ঔষধবিধৰ প্ৰতিটো টেবলেটৰ দাম ৬০ টকা, কিন্তু অহা ১১ মাৰ্চৰ পৰা ইয়াৰ দাম ৯ টকালৈ হ্রাস পোৱাৰ সম্ভাৱনা আছে। 

উল্লেখযোগ্য যে এই ঔষধবিধ প্রস্তুত কৰে জাৰ্মানিৰ কোম্পানী বুগৰিংগাৰ ইংগেতহীমে। অহা ১১ মাৰ্চত এই ঔষধবিধৰ কোম্পানীটোৰ পেটেণ্টৰ ম্যাদ অন্ত পৰিব। ইয়াৰ পাছত এই ঔষধবিধক ভাৰতীয় কোম্পানীসমূহে নিজৰ ব্ৰেণ্ডত বজাৰলৈ উলিয়াই দিয়াৰ প্ৰস্তুতি চলাইছে। 

এই ভাৰতীয় কোম্পানীবোৰৰ ভিতৰত মেনকাইণ্ড ফার্মা, টাৰেণ্ট, এলকেম, ড° ৰেড্ডী আৰু লিউপিনো আছে। মেনকাইণ্ডে জার্মান কোম্পানীটোৰ তুলনাত প্রায় ৯০% কম দামত এই ঔষধবিধ বজাৰলৈ উলিয়াই দিয়াৰ প্ৰস্তুতি চলাইছে। টাইপ-২ বহুমূত্র ৰোগীয়ে সেৱন কৰা এই ঔষধবিধৰ জেনেৰিক সংস্কৰণ ভাৰতীয় কোম্পানীসমূহে প্রতিটো টেবলেটত ৯-১৪ টকা দৰত বজাৰলৈ উলিয়াই দিব। 

বিশেষজ্ঞসকলে প্রকাশ কৰা মতে, এই ঔষধবিধ হৃৎপিণ্ড আৰু কিডনীৰ বিকাৰ প্ৰতিৰোধ কৰাত ব্যৱহাৰ কৰা হয়। এই ঔষধবিধৰ দাম হ্রাস পালে দেশৰ লাখ লাখ ৰোগী উপকৃত হ'ব। উল্লেখযোগ্য যে বর্তমান ভাৰতত ১০.১ কোটিতকৈ অধিক লোক বহুমূত্র ৰোগত ভুগি আছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী