--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত ধৰ্মীয় আস্থাৰ মহান উৎসৱ মহাকুম্ভই বহু দৰিদ্ৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি সাধন কৰিলে। ৪৫ দিন ধৰি চলি থকা এই মহান অনুষ্ঠানত ৬৭ কোটিৰো অধিক ভক্তই পবিত্ৰ স্নান কৰিলে। এই মহাকুম্ভ কেৱল ধৰ্মীয় অনুষ্ঠানতে সীমাবদ্ধ হৈ থকা নাছিল, হাজাৰ হাজাৰ মানুহৰ কৰ্মসংস্থাপন আৰু উপাৰ্জনৰ উৎসও হৈ পৰিল।

ঝাৰখণ্ডৰ পৰা অহা এগৰাকী ট্ৰলীৱালাই কয় ''ভক্তসকলক ইফালৰ পৰা সিফাললৈ অনা নিয়া কৰি বহু টকা উপাৰ্জন কৰিলোঁ। প্ৰতিদিনে ২০০০-৩০০০ টকা উপাৰ্জন কৰিলোঁ। ১৫ দিনতে এবছৰৰ উপাৰ্জন কৰিবলৈ সক্ষম হলোঁ। আমি আগতে অহা হ’লে অধিক টকা উপাৰ্জন কৰিব পাৰিলোহেঁতেন, কিন্তু আমি যি উপাৰ্জন কৰিলোঁ সেয়া আমি আশা কৰাতকৈ বহু বেছি।'' 

মহাকুম্ভৰ সময়ত কেৱল ট্ৰলীৱালাই নহয়, ক্ষুদ্ৰ চাহ বিক্ৰেতা, পথৰ কাষৰ খাদ্য বিক্ৰেতা, ফুল আৰু প্ৰসাদ বিক্ৰেতাসকলেও আৰ্থিকভাৱে লাভৱান হৈছিল। এজন চাহ বিক্ৰেতাই কয় যে ''এই কুম্ভই আমাক শিকাইছে যে কঠোৰ পৰিশ্ৰম আৰু সঠিক সুযোগৰ ব্যৱহাৰ কৰি যিকোনো ব্যক্তিয়ে নিজৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰে।''

তেওঁলোকে কয় যে পৰৱৰ্তী কুম্ভ কেতিয়া আহিব আৰু পুনৰ ইমান টকা উপাৰ্জন কৰিব পাৰিব নে নাই সেয়া নিশ্চিত নহয় যদিও এইবাৰৰ কুম্ভই তেওঁলোকক দিয়া এই সুযোগৰ বাবে সদায় কৃতজ্ঞ হৈ থাকিব। কুম্ভ মেলাই বহু লোকৰ জীৱনক চহকী কৰি তুলিলে। দৰিদ্ৰ শ্ৰেণীৰ বাবে মহাকুম্ভ বৰদান হৈ পৰিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু