--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেঘালয়ৰ বৰ্ণিহাট বিশ্বৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত নগৰ ৰূপে পৰিগণিত হৈছে। ছুইজাৰলেণ্ডৰ এটা বায়ু প্রযুক্তি কোম্পানীয়ে প্ৰকাশ কৰা এখন প্রতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। 

ছুইজাৰলেণ্ডৰ বায়ু গুণগতমান কোম্পানী আইকিউ এয়াৰে প্ৰকাশ কৰা ২০২৪ চনৰ বায়ু মান প্রতিবেদনত প্ৰকাশ কৰিছে বিশ্বৰ ২০খন আটাইতকৈ প্ৰদূষিত নগৰ-মাহনগৰৰ তালিকা। এই তালিকাত ভাৰতৰ ১৩খন নগৰ তথা মহানগৰে স্থান পাইছে। এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি দিল্লী বিশ্বৰ ভিতৰত আটাইতকৈ প্ৰদূষিত মহানগৰী। 

তালিকাখনত দিল্লীয়ে বৰ্ণিহাটৰ পাছতে দ্বিতীয় স্থান লাভ কৰিছে। তালিকাখনত স্থান পোৱা ভাৰতৰ আন নগৰ তথা মহানগৰকেইখন হ'ল ক্রমে মুলতানপুৰ, ফৰিদাবাদ, লনি, নতুন দিল্লী, গংগানগৰ, গ্ৰেটাৰ নয়ডা, ভিৱাড়ী, মুজফ্ফ্ফৰনগৰ, হনুমানগড় আৰু নয়ডা। 

আনহাতে বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশৰ তালিকাত ভাৰতে পঞ্চম স্থান লাভ কৰিছে। ২০২৩ চনৰ তালিকাত ভাৰত তৃতীয় স্থানত আছিল। আন কথাত দেশত প্ৰদূষণৰ মাত্ৰা কিছু পৰিমাণে হ্রাস পাইছে। 

প্রতিবেদনখত উল্লেখ কৰা অনুসৰি যোৱা বছৰ ভাৰতত পি এন ২.৫ৰ মাত্রা ৭% হ্রাস পাইছে। যোৱা বছৰ পি এম ২.৫ৰ মাত্রা প্রতি ঘন মিটাৰত ৫০.৬ মাইক্ৰ'গ্ৰাম আছিল। তাৰ পাছতো বিশ্বৰ আটাইতকৈ প্ৰদূষিত নগৰ তথা মহানগৰৰ তালিকাত ভাৰতৰ ১৩খনে স্থান লাভকৰে। দিল্লীৰ প্ৰদূষণ একেৰাহে উচ্চ পৰ্যায়ত আছে। দিল্লীৰ পি এম ২.৫ৰ মাত্ৰা বার্ষিক হিচাপত গড়ে প্রতি কিউবিক মিটাৰত ৯১.৬ মাইক্ৰ'গ্ৰাম পোৱা গৈছে।

বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশৰ তালিকাত চাডৰ পাছতে বাংলাদেশ আৰু পাকিস্তানে স্থান লাভ কৰিছে। এই তালিকাখন বিশ্বৰ ১৩৮খন দেশৰ ৮ হাজাৰতকৈ অধিক স্থানৰ ৪০ হাজাৰতকৈ অধিক বায়ুৰ গুণগত মান নিৰীক্ষণ কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত যুগুত কৰা হৈছে। 

প্রতিবেদনৰ মতে ভাৰতৰ ৩৫% নগৰ তথা মহানগৰত ধূলিৰ ক্ষুদ্র ক্ষুদ্ৰ কণাৰ (পি এম ২.৫) বিশ্ব স্বাস্থ্য সংগঠনে নির্ধাৰণ কৰা মাত্ৰাতকৈ প্ৰায় দহ গুণ বেছি। উল্লেখযোগ্য যে ভাৰতত বায়ু প্ৰদূষণে স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। বায়ু প্ৰদূষণে দেশখনৰ লোকসকলৰ আয়ুস গড়ে ৫.২ বছৰ হ্ৰাস কৰিছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু