--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেঘালয়ৰ বৰ্ণিহাট বিশ্বৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত নগৰ ৰূপে পৰিগণিত হৈছে। ছুইজাৰলেণ্ডৰ এটা বায়ু প্রযুক্তি কোম্পানীয়ে প্ৰকাশ কৰা এখন প্রতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। 

ছুইজাৰলেণ্ডৰ বায়ু গুণগতমান কোম্পানী আইকিউ এয়াৰে প্ৰকাশ কৰা ২০২৪ চনৰ বায়ু মান প্রতিবেদনত প্ৰকাশ কৰিছে বিশ্বৰ ২০খন আটাইতকৈ প্ৰদূষিত নগৰ-মাহনগৰৰ তালিকা। এই তালিকাত ভাৰতৰ ১৩খন নগৰ তথা মহানগৰে স্থান পাইছে। এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি দিল্লী বিশ্বৰ ভিতৰত আটাইতকৈ প্ৰদূষিত মহানগৰী। 

তালিকাখনত দিল্লীয়ে বৰ্ণিহাটৰ পাছতে দ্বিতীয় স্থান লাভ কৰিছে। তালিকাখনত স্থান পোৱা ভাৰতৰ আন নগৰ তথা মহানগৰকেইখন হ'ল ক্রমে মুলতানপুৰ, ফৰিদাবাদ, লনি, নতুন দিল্লী, গংগানগৰ, গ্ৰেটাৰ নয়ডা, ভিৱাড়ী, মুজফ্ফ্ফৰনগৰ, হনুমানগড় আৰু নয়ডা। 

আনহাতে বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশৰ তালিকাত ভাৰতে পঞ্চম স্থান লাভ কৰিছে। ২০২৩ চনৰ তালিকাত ভাৰত তৃতীয় স্থানত আছিল। আন কথাত দেশত প্ৰদূষণৰ মাত্ৰা কিছু পৰিমাণে হ্রাস পাইছে। 

প্রতিবেদনখত উল্লেখ কৰা অনুসৰি যোৱা বছৰ ভাৰতত পি এন ২.৫ৰ মাত্রা ৭% হ্রাস পাইছে। যোৱা বছৰ পি এম ২.৫ৰ মাত্রা প্রতি ঘন মিটাৰত ৫০.৬ মাইক্ৰ'গ্ৰাম আছিল। তাৰ পাছতো বিশ্বৰ আটাইতকৈ প্ৰদূষিত নগৰ তথা মহানগৰৰ তালিকাত ভাৰতৰ ১৩খনে স্থান লাভকৰে। দিল্লীৰ প্ৰদূষণ একেৰাহে উচ্চ পৰ্যায়ত আছে। দিল্লীৰ পি এম ২.৫ৰ মাত্ৰা বার্ষিক হিচাপত গড়ে প্রতি কিউবিক মিটাৰত ৯১.৬ মাইক্ৰ'গ্ৰাম পোৱা গৈছে।

বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশৰ তালিকাত চাডৰ পাছতে বাংলাদেশ আৰু পাকিস্তানে স্থান লাভ কৰিছে। এই তালিকাখন বিশ্বৰ ১৩৮খন দেশৰ ৮ হাজাৰতকৈ অধিক স্থানৰ ৪০ হাজাৰতকৈ অধিক বায়ুৰ গুণগত মান নিৰীক্ষণ কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত যুগুত কৰা হৈছে। 

প্রতিবেদনৰ মতে ভাৰতৰ ৩৫% নগৰ তথা মহানগৰত ধূলিৰ ক্ষুদ্র ক্ষুদ্ৰ কণাৰ (পি এম ২.৫) বিশ্ব স্বাস্থ্য সংগঠনে নির্ধাৰণ কৰা মাত্ৰাতকৈ প্ৰায় দহ গুণ বেছি। উল্লেখযোগ্য যে ভাৰতত বায়ু প্ৰদূষণে স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। বায়ু প্ৰদূষণে দেশখনৰ লোকসকলৰ আয়ুস গড়ে ৫.২ বছৰ হ্ৰাস কৰিছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ