--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এতিয়া কঁঠালৰ বতৰ। কঁঠাল স্বাস্থ্য বাবে অতি উপকাৰী বুলি আমি সকলোৱে জানো, কিন্তু ডায়েবেটিছ ৰোগীসকলৰ বাবে কঁঠাল সেৱন উপকাৰী হয়নে? কঁঠালে ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰাৰ লগতে ইয়াৰ লক্ষণসমূহ নিয়ন্ত্ৰণত কেনেদৰে সহায় কৰে জানো আহক। কঁঠালৰ গুটিত থকা প্ৰটিন আৰু আঁহে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ডায়েবেটিছ ৰোগীৰ বাবে কঁঠাল সেৱন উপকাৰী বুলি ধৰা হয়। জেকফ্ৰুটৰ গুটিত প্ৰটিন প্ৰচুৰ পৰিমাণে থাকে আৰু ইয়াত অধিক দ্ৰৱীভূত আঁহৰ পৰিমাণে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

 কঁঠালৰ গুটি স্বাস্থ্য বাবে উপকাৰী আৰু ইয়াক বহু ব্যঞ্জনতো ব্যৱহাৰ কৰিব পাৰি। ইয়াত প্ৰটিন প্ৰচুৰ পৰিমাণে থাকে। ইয়াক ৰোষ্ট কৰিও খাব পাৰি। ইয়াৰ উপৰি ইডলি আৰু ডোছা বেটাৰত কঁঠাল গুড়ি ৰূপত ব্যৱহাৰ কৰা হয়, যি এক স্বাস্থ্যকৰ হাইফাইবাৰ ব্ৰেকফাষ্ট। ইয়াৰ বাহিৰেও কঁঠালৰ আঞ্জাও খাব পাৰি।

 ১. তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক

 * পকা কঁঠালতকৈ কেঁচা কঁঠালৰ গ্লাইচেমিক ইনডেক্স কম, যিয়ে তেজত চেনিৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ এচিডিটিৰ মাত্ৰা কম হোৱাৰ বাবে কেঁচা কঁঠাল এনেকুৱা এটা ফল যিটো নিয়মীয়া কাৰ্বহাইড্ৰেট গ্ৰহণৰ সলনি লব পাৰে।

* যদি আপুনি এটা বাটি সিজোৱা ভাতৰ সলনি কেঁচা কঁঠাল সেৱন কৰে তেন্তে ইয়াত অধিক দ্ৰৱণীয় আঁহৰ পৰিমাণে চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আনকি ডায়েবেটিছৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে।

* ইয়াত থকা প্ৰাকৃতিক চেনি আৰু আঁহে তেজৰ চেনিৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ই শৰীৰত গ্লুকজ আৰু ইনচুলিনৰ নিৰ্গমণ নিয়ন্ত্ৰণ কৰি ডায়েবেটিছৰ লক্ষণসমূহ প্ৰতিৰোধ আৰু পৰিচালনা কৰাত সহায় কৰে আৰু ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে।

 বদহজম সমস্যাৰ পৰা উপশম

 ইয়াৰ বাহিৰেও কঁঠালৰ গুটিৰ গুড়িয়ে বদহজম সমস্যাত তৎক্ষণাত সকাহ দিয়ে। ইয়াৰ বাবে প্ৰথমে কঁঠালৰ গুটিবোৰ ৰদত শুকুৱাই তাৰ গুড়ি বনাব লাগে। এই গুড়িটো সংৰক্ষণ কৰি ৰাখিব। বদহজম সমস্যাত ই ঘৰুৱা ক্ষীপ্ৰ ঔষধৰ দৰে কাম কৰিব। কোষ্ঠকাঠিন্যৰ সমস্যাত কঁঠালৰ গুটিও পোনপটীয়াকৈ খাব পাৰি কাৰণ, ইয়াত ডায়েটেৰী ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে। বিশেষজ্ঞসকলৰ মতে এই সকলোবোৰ সমস্যাৰ সময়মতে চিকিৎসা নকৰিলে ই ডায়েবেটিছৰ কাৰণ হৈ পৰিব পাৰে।

 যদি আপুনি এজন ডায়েবেটিছ ৰোগী আৰু নিয়মীয়া ঔষধৰ লগতে কেঁচা কঁঠাল খাদ্যত অন্তৰ্ভুক্ত কৰে, তেন্তে চিকিৎসকৰ পৰামৰ্শ মতেহে খাদ্যত অন্তৰ্ভুক্ত কৰক।


javascript:nicTemp();


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ