--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেটাৰ, বৰ্তমানৰ অধিনায়ক বিৰাট কোহলী আৰু তেওঁৰ অভিনেতা পত্নী অনুষ্কা শৰ্মাৰ মহানুভৱতা৷ ক'ভিড১৯ যুঁজত অৰিহণা যোগায় তেওঁলোকে৷ ২ কোটি টকা দান কৰে ক'ভিড যুদ্ধৰ বাবে। এই দানে পুঁজি সংগ্ৰহ প্ৰকল্পত অৰিহণা যোগাইছে, যি ক'ভিড-১৯ৰ বিৰুদ্ধে দেশৰ যুঁজত সহায় কৰিবলৈ মুঠ ৭ কোটি সংগ্ৰহ হয়।

ক্ৰাউডফাণ্ডিং প্লেটফৰ্ম 'কেটো'ৰ জৰিয়তে ইতিমধ্যে পুঁজি সংগ্ৰহৰ কাম চলি আছে। ছেলিব্ৰিটী দম্পতীয়ে ভাৰতত ক'ভিডৰ সাহায্যৰ বাবে ৭ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে বুলিও জানিবলৈ দিয়ে৷

আৰু পঢ়িব পাৰিব :  কৰ’নাৰ বিভীষিকাঃ নগাঁৱত পুনৰ মৃত্যু এজনৰ

তেওঁলোকে ক্ৰাউড-ফাণ্ডিং প্লেটফৰ্ম কেট'ত #InThisTogether এক পুঁজি সংগ্ৰহ অভিযান আৰম্ভ কৰিছে আৰু এই পদক্ষেপৰ বাবে ২ কোটি টকা ৰাখিছে।"

কেট'ত সাতদিনৰ বাবে অভিযান অব্যাহত থাকিব। সংগ্ৰহ কৰা সকলো ধন অক্সিজেন, চিকিৎসা জনশক্তি, টিকাকৰণ সজাগতা, আৰু টেলিমেডিচিনৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব।

আৰু পঢ়িব পাৰিব :  ক’ভিডৰ তৃতীয় ঢৌৰ বাবে দেশ সাজু থাকিব লাগিব: উচ্চতম ন্যায়ালয়

"আমি আমাৰ দেশৰ ইতিহাসত এক ভয়ংকৰ সময়ৰ মাজেৰে পাৰ হৈ আছোঁ আৰু আমাৰ ৰাষ্ট্ৰক যিমান সম্ভৱ সিমান লোকক একত্ৰিত আৰু বচাবলৈ আমাৰ সকলোৰে প্ৰয়োজন। অনুষ্কা আৰু মই যোৱা বছৰৰ পৰা মানুহৰ দুখ-কষ্ট দেখি হতবাক হৈছো," কোহলীয়ে কয়। অনুষ্কাই কৈছিল যে, বৰ দুখজনক ছবি এয়া৷ দেশৰ স্বাস্থ্য সেৱাই বৰ্ধিত ক'ভিডৰ সৈতে কৰা সংগ্ৰাম বৰ বেদনাদায়ক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ