--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেটাৰ, বৰ্তমানৰ অধিনায়ক বিৰাট কোহলী আৰু তেওঁৰ অভিনেতা পত্নী অনুষ্কা শৰ্মাৰ মহানুভৱতা৷ ক'ভিড১৯ যুঁজত অৰিহণা যোগায় তেওঁলোকে৷ ২ কোটি টকা দান কৰে ক'ভিড যুদ্ধৰ বাবে। এই দানে পুঁজি সংগ্ৰহ প্ৰকল্পত অৰিহণা যোগাইছে, যি ক'ভিড-১৯ৰ বিৰুদ্ধে দেশৰ যুঁজত সহায় কৰিবলৈ মুঠ ৭ কোটি সংগ্ৰহ হয়।

ক্ৰাউডফাণ্ডিং প্লেটফৰ্ম 'কেটো'ৰ জৰিয়তে ইতিমধ্যে পুঁজি সংগ্ৰহৰ কাম চলি আছে। ছেলিব্ৰিটী দম্পতীয়ে ভাৰতত ক'ভিডৰ সাহায্যৰ বাবে ৭ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে বুলিও জানিবলৈ দিয়ে৷

আৰু পঢ়িব পাৰিব :  কৰ’নাৰ বিভীষিকাঃ নগাঁৱত পুনৰ মৃত্যু এজনৰ

তেওঁলোকে ক্ৰাউড-ফাণ্ডিং প্লেটফৰ্ম কেট'ত #InThisTogether এক পুঁজি সংগ্ৰহ অভিযান আৰম্ভ কৰিছে আৰু এই পদক্ষেপৰ বাবে ২ কোটি টকা ৰাখিছে।"

কেট'ত সাতদিনৰ বাবে অভিযান অব্যাহত থাকিব। সংগ্ৰহ কৰা সকলো ধন অক্সিজেন, চিকিৎসা জনশক্তি, টিকাকৰণ সজাগতা, আৰু টেলিমেডিচিনৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব।

আৰু পঢ়িব পাৰিব :  ক’ভিডৰ তৃতীয় ঢৌৰ বাবে দেশ সাজু থাকিব লাগিব: উচ্চতম ন্যায়ালয়

"আমি আমাৰ দেশৰ ইতিহাসত এক ভয়ংকৰ সময়ৰ মাজেৰে পাৰ হৈ আছোঁ আৰু আমাৰ ৰাষ্ট্ৰক যিমান সম্ভৱ সিমান লোকক একত্ৰিত আৰু বচাবলৈ আমাৰ সকলোৰে প্ৰয়োজন। অনুষ্কা আৰু মই যোৱা বছৰৰ পৰা মানুহৰ দুখ-কষ্ট দেখি হতবাক হৈছো," কোহলীয়ে কয়। অনুষ্কাই কৈছিল যে, বৰ দুখজনক ছবি এয়া৷ দেশৰ স্বাস্থ্য সেৱাই বৰ্ধিত ক'ভিডৰ সৈতে কৰা সংগ্ৰাম বৰ বেদনাদায়ক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু