--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেৰ কলংক সন্দৰ্ভত বক্তব্যক লৈ এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উপ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবিছৰ। তেওঁ কয় যে '' আমাৰ প্ৰাক্তন বন্ধু তথা আজিৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী উদ্ধৱ থাকৰেৰ চিন্তাধাৰা আৰু আচৰণৰ প্ৰতি মোৰ দুখ লাগে। মই ভাবো তেওঁক এজন মনোৰোগ বিশেষজ্ঞৰ প্ৰয়োজন। হয়তো এই পৰিস্থিতিৰ বাবেই তেওঁৰ চিন্তাধাৰাত বিৰূপ প্ৰভাৱ পৰিব। যদি কোনো ব্যক্তিয়ে এনে মানসিকতাৰে এনে কথা কয়, তেন্তে তেওঁক কোনো প্ৰতিক্ৰিয়া দিয়া নহয়।  সেইবাবে মই তেওঁৰ ওপৰত কোনো প্ৰতিক্ৰিয়া নিদিওঁ।

ইফালে মঙলবাৰে (১১ জুলাই) নাগপুৰত ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁৰ মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। বিজেপিৰ নাগপুৰ ইউনিটৰ মুৰব্বী প্ৰনীল ডাটকেয়ে কয় যে উদ্ধৱে কেৱল তেওঁলোকৰ জ্যেষ্ঠ নেতা ফাড়নাবিছক অপমান কৰাই নহয়, মহাৰাষ্ট্ৰৰ ৰাইজৰ আৱেগক আঘাত কৰিছে।

উল্লেখ্য যে, উপ-মুখ্যমন্ত্ৰী ফাড়নৱিছৰ গৃহ চহৰ নাগপুৰত শিৱসেনাৰ কৰ্মীসকলক সম্বোধন কৰি উদ্ধৱ থাকৰেই সোমবাৰে কয় যে, বিজেপি নেতাৰ নামত ফাড়নবিছ কলংক,এচিপিৰ লগত মিত্ৰতা নকৰো বুলিও তেওঁ সেইটোকে কৰিলে।" ইয়াৰোপৰি উদ্ধৱ থাকৰেই দেৱেন্দ্ৰ ফাড়নাবিছৰ পুৰণি অডিঅ’ ক্লিপ এটাও বজাইছিল, য’ত তেওঁ এন চি পিৰ লগত কেতিয়াও হাত মিলাব নোৱাৰো বুলি কোৱা শুনা যায়। এই কথা কৈ শিৱসেনাৰ মুৰব্বীগৰাকীয়ে ফাড়নাবিছক ঠাট্টা কৰি কয় যে বিজেপি নেতাৰ নহয় মানেহে হয়"।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু