--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেৰ কলংক সন্দৰ্ভত বক্তব্যক লৈ এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উপ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবিছৰ। তেওঁ কয় যে '' আমাৰ প্ৰাক্তন বন্ধু তথা আজিৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী উদ্ধৱ থাকৰেৰ চিন্তাধাৰা আৰু আচৰণৰ প্ৰতি মোৰ দুখ লাগে। মই ভাবো তেওঁক এজন মনোৰোগ বিশেষজ্ঞৰ প্ৰয়োজন। হয়তো এই পৰিস্থিতিৰ বাবেই তেওঁৰ চিন্তাধাৰাত বিৰূপ প্ৰভাৱ পৰিব। যদি কোনো ব্যক্তিয়ে এনে মানসিকতাৰে এনে কথা কয়, তেন্তে তেওঁক কোনো প্ৰতিক্ৰিয়া দিয়া নহয়।  সেইবাবে মই তেওঁৰ ওপৰত কোনো প্ৰতিক্ৰিয়া নিদিওঁ।

ইফালে মঙলবাৰে (১১ জুলাই) নাগপুৰত ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁৰ মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। বিজেপিৰ নাগপুৰ ইউনিটৰ মুৰব্বী প্ৰনীল ডাটকেয়ে কয় যে উদ্ধৱে কেৱল তেওঁলোকৰ জ্যেষ্ঠ নেতা ফাড়নাবিছক অপমান কৰাই নহয়, মহাৰাষ্ট্ৰৰ ৰাইজৰ আৱেগক আঘাত কৰিছে।

উল্লেখ্য যে, উপ-মুখ্যমন্ত্ৰী ফাড়নৱিছৰ গৃহ চহৰ নাগপুৰত শিৱসেনাৰ কৰ্মীসকলক সম্বোধন কৰি উদ্ধৱ থাকৰেই সোমবাৰে কয় যে, বিজেপি নেতাৰ নামত ফাড়নবিছ কলংক,এচিপিৰ লগত মিত্ৰতা নকৰো বুলিও তেওঁ সেইটোকে কৰিলে।" ইয়াৰোপৰি উদ্ধৱ থাকৰেই দেৱেন্দ্ৰ ফাড়নাবিছৰ পুৰণি অডিঅ’ ক্লিপ এটাও বজাইছিল, য’ত তেওঁ এন চি পিৰ লগত কেতিয়াও হাত মিলাব নোৱাৰো বুলি কোৱা শুনা যায়। এই কথা কৈ শিৱসেনাৰ মুৰব্বীগৰাকীয়ে ফাড়নাবিছক ঠাট্টা কৰি কয় যে বিজেপি নেতাৰ নহয় মানেহে হয়"।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ