--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড প্ৰতিষেধক কিমান কাৰ্যকৰী? এই প্ৰশ্ন বিভিন্ন সময়ত উত্থাপন হৈ আহিছে। আনহাতে কোনবিধ প্ৰতিষেধকৰ কাৰ্যকৰিতা অধিক তাক লৈও প্ৰশ্ন উত্থাপন হৈ আহিছে। প্ৰতিষেধক লোৱাৰ পাছত সংক্ৰমিত হোৱাৰ আশংকা কিমান সেয়াও এক প্ৰশ্নৰ বিষয়। কিন্তু এই সম্পৰ্কত শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্যই আশাৰ সঞ্চাৰ কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ এক সূত্ৰই এই সম্পৰ্কত এক আশাপ্ৰদ তথ্য প্ৰকাশ কৰিছে। প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংক্ৰমণৰ হাৰ অতি কম হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰই। দেশত এতিয়ালৈ প্ৰতিষেধক গ্ৰহণ ৰৰা ৫৩.১৪কোটি লোকৰ ভিতৰত ২.৬ লাখ লোক অর্থাৎ মাত্ৰ ০.০৪৮শতাংশ লোকহে পৰৱৰ্তী সময়ত ক’ভিডত আক্ৰান্ত হৈছে। ইয়াৰে ১,৭১,৫১১জন লোকে ক’ভিড প্ৰতিষেধকৰ এটা পালি গ্ৰহণ কৰিছে। তাৰ বিপৰীতে ৮৭,০৪৯জন দুয়োপালি প্ৰতিষেধক লোৱা লোক পৰৱৰ্তী সময়ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত ক’ভিড সংক্ৰমণৰ হাৰ ৫০শতাংশতকৈও অধিক কম হোৱা বুলি প্ৰকাশ পাইছে। ভাৰতত ব্যৱহাৰ হৈ থকা কোভিশ্বিল্ড, কোভাক্সিন, আৰু স্পুটনিক-ভি তিনিওবিধ প্ৰতিষেধকেই ‘ব্ৰেকথ্ৰু সংক্ৰমণ’ৰ পৰা প্ৰায় সমান সুৰক্ষা দি থকা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ