--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • খন অচিনাক্ত বাহন, এখন নম্বৰপ্লেট বিহীন বেটাৰীচালিত ৰিক্সা আৰু AS-04-AH-6210 নম্বৰৰ এখন মটৰচাইকেলৰ মাজত সংঘটিত এই দুৰ্ঘটনা।

ডিজিটেল ডেস্ক: ডিমৌ হাৰিপৰা আলিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত কলিয়াপানীত মঙলবাৰে নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। এখন অচিনাক্ত বাহন, এখন নম্বৰপ্লেট বিহীন বেটাৰীচালিত ৰিক্সা আৰু AS-04-AH-6210 নম্বৰৰ এখন মটৰচাইকেলৰ মাজত সংঘটিত এই দুৰ্ঘটনা। 


দুৰ্ঘটনাটোত মটৰচাইকেলখনৰ এজন আৰোহী থিতাতে নিহত হোৱাৰ লগতে আৰু দুজন লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, দুৰ্ঘটনাৰ ফলত আৰোহীজনৰ মুণ্ড ছিঙি প্ৰায় বিশ মিটাৰ ছিটিকি পৰিছিল।


জানিবপৰা অনুসৰি, ডিমৌ পৰা আঠাবাৰী দিশলৈ তীব্ৰ বেগেৰে গৈ প্ৰথমে বিপৰীত দিশৰ পৰা আহি থকা ৰিক্সাখনত খুন্দা মাৰি আন এখন অচিনাকি বাহনত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতেই উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। ইফালে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে অচিনাকী বাহনখন পলাই যাবলৈ সক্ষম হয় আৰু পথৰ কাষত থকা দ খাৱৈত ৰিক্সাখন আৰু পথৰ ওপৰত মটৰচাইকেলখন পৰি আছিল। 


স্থানীয় ৰাইজে দুৰ্ঘটনাটো প্রত্যক্ষ কৰি বেটাৰীচালিত ৰিক্সা বা কোনো অচিনাক্ত বাহনৰ লগত মটৰচাইকেলখন খুন্দা খাই এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰেনে বুলিও প্ৰত্যক্ষদৰ্শী সকলৰ মাজত প্ৰশ্ন উদয় হৈছে। আনহাতে, এই দুৰ্ঘটনাটোত কৰুণ মৃত্যুক আঁকোৱালি লোৱা আৰোহীজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। বৰ্তমান ঘটনাস্থলীত ডিমৌ আৰক্ষী উপস্থিত হৈ মৃতদেহ আৰু মুণ্ড উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনাটোত আহত দুজনক ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে৷ 


এই ভয়ংকৰ দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ইফালে, আৰক্ষীৰ তদন্তৰ পাছতহে এইয়া প্ৰকৃত দুৰ্ঘটনা নে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিছিল সেয়া পোহৰলৈ আহিব।


   


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ