--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দিল্লী চৰকাৰৰ সৈতে কেন্দ্ৰ চৰকাৰৰ মিশ্ৰিত সংঘাত যেন নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। দেশৰ ৰাজধানীত পুনৰ আৰম্ভ ভেকচিনৰ বিতৰ্ক। দিল্লীত এতিয়া ক’ভিচিল্ড ভেকচিনৰ নাটনি দেখা গৈছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ একাধিক টিকাকৰণ কেন্দ্ৰ মঙলবাৰৰ পৰা বন্ধ হোৱাৰ উপক্ৰম হৈছে। সোমবাৰে নতুন দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীশ ছিছ’দিয়াই ৰাজধানীত ক’ভিড-১৯ ভেকচিন মজুদ নাই বুলি সদৰী কৰাৰ পাছতে মঙলবাৰে ভালেকেইটা টিকাকৰণ কেন্দ্ৰ বন্ধ ৰখা হৈছে।


উল্লেখ্য যে, নতুন দিল্লীত দৈনিক গঢ়ে প্ৰতি ডেৰ লাখ লোকক ক’ভিড প্ৰতিষেধক দিয়া হয়। সোমবাৰে মুঠ ৩৬,৩১০টা ভেকচিনৰ ড’জহে দিয়া হৈছে। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীশ ছি’ছদিয়াই টুইটাৰযোগে সদৰী কৰে যে, ‘দিল্লীত ভেকচিন শেষ। কেন্দ্ৰীয় চৰকাৰে এদিন বা দুদিনৰ ভেকচিন দিয়ে। সেইবাবে কেইদিনমানৰ বাবে টিকাকৰণ কেন্দ্ৰসমূহ বন্ধ থাকিব।’ ইয়াৰোপৰি, ক’ভিড জৰ্জৰ পৰিস্থিতি সূত্ৰপাতৰ অতদিনৰ পাছতো ভেকচিন যোগানত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হোৱাৰ কাৰণ কি বুলি প্ৰশ্ন মনীশ ছিছ’দিয়াৰ। ইফালে, ২১ জুনৰ পৰা সমগ্ৰ দেশতে বিনামূলীয়াকৈ ভেকচিন প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। কিন্তু দিল্লী চৰকাৰক ভেকচিন যোগানৰ বেলিকা কেন্দ্ৰীয় চৰকাৰে হেলেম-হেতেম কৰাৰ অভিযোগ উত্থাপিত হৈছে। দিল্লীৰ উপৰি মহাৰাষ্ট্ৰসহ আনকেইবাখনো ৰাজ্যই ভেকচিনৰ নাটনিক কেন্দ্ৰ কৰি এতিয়া সৰব হৈ উঠিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ