--°C
Loading...
Listen to Article
2 min read
80%

কেৰালাঃ দেওবাৰে কেৰালাত ২২মহীয়া শিশুসহ জিকা ভাইৰাছত আক্ৰান্ত হৈছে ৩জন। ইয়াৰ লগে লগে এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৮জনলৈ বৃদ্ধি পাইছে কেৰালাত। বৰ্তমান ক’জিকোড়ে মেজিকেল কলেজ আৰু আলাৰপপুজাই ইমষ্টিটিউট অব্ ভাইৰ’ল’জী ইউনিটে পৰীক্ষাৰ ব্যৱস্থা কৰা বুলি কেৰালাৰ স্বাস্থমন্ত্ৰী ভীনা জৰ্জে সদৰী কৰিছে। শেহতীয়াকৈ এক বিবৃতিত প্ৰকাশ পোৱা মতে, ২২ মহীয়া এজন শিশুৰ দেহত ধৰা পৰিছে জিকা ভাইৰাছৰ অৱস্থিতি।

ইয়াৰোপৰি ৪৬ আৰু ২৯বছৰীয়া স্বাস্থ্যকৰ্মীও আক্ৰান্ত হৈছে।’ চলিত সপ্তাহত ২৪বছৰীয়া এগৰাকী মহিলা কেৰালাত সৰ্বপ্ৰথম জিকা ভাইৰাছত আক্ৰান্ত হৈছিল। এইবাৰ শিশুৰ দেহতো এই ভাইৰাছৰ অৱস্থিতি লাভ কৰা ঘটনাই উদ্বিগ্ন কৰি তুলিছে সকলোকে। কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, জিকা ভাইৰাছক ৰুধিবলৈ ইতিমধ্যে বিহিত কাৰ্যপন্থা হাতত লৈছে স্বাস্থ্য বিভাগে। জ্বৰ অনুভৱ কৰিলেই গৰ্ভৱতী মহিলাই শীঘ্ৰে পৰীক্ষা কৰাটো উচিত বুলিও সদৰী কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।


বিশেষজ্ঞৰ মতে, ‘এডিছ মহৰ জৰিয়তে জিকা ভাইৰাছ বিয়পি পৰে। অতি ক্ষিপ্ৰতাৰে এই ভাইৰাছ সংক্ৰমিত হয়। কোনো ব্যক্তিক যদি এডিছ মহে কামোৰে, তেতিয়া তেওঁ এই ভাইৰাছত আক্ৰান্ত হয়। পাছত এই মহে সুস্থ মানুহক স্পৰ্শ কৰিলে সেই ব্যক্তিজনো জিকা ভাইৰাছত আক্ৰান্ত হ’ব পাৰে।’ গৰ্ভস্থ সন্তানৰ বাবে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে এই ভাইৰাছে। আনকি এই ভাইৰাছৰ সংক্ৰমণৰ ফলত আক্ৰান্ত শিশু দিব্যাংগ হোৱা, মগজুৰ স্বাভাৱিক আকাৰৰ পৰিৱৰ্তন, বিকাশজনিত সমস্যা আৰু শিশুৰ মৃত্যুৰো আশংকা কৰিছে বিশেষজ্ঞমহলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ