--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অচিৰেই এক বৃহৎ পৰিৱৰ্তন আহিব পাৰে দেশৰ ৰাজনীতিলৈ। দেশৰ মূল বিৰোধী দল কংগ্ৰেছে দলত সৃষ্টি হোৱা জড়তা দূৰ কৰাৰ বাবে দলটোৱে শীঘ্ৰেই গ্ৰহণ কৰিব পাৰে বৃহৎ পদক্ষেপ। কংগ্ৰেছত যোগ দিব পাৰে দেশৰ এগৰাকী অতি প্ৰভাৱশালী নিৰ্বাচনী কৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰে। দেশৰ ৰাজনীতিত একপ্ৰকাৰ চমৎকাৰিত্ব সংঘটিত কৰিবলৈ সক্ষম হোৱা প্ৰশান্ত কিশোৰ কংগ্ৰেছত যোগ দিয়াটো দেশৰ ৰাজনাতিৰ এক বৃহৎ ঘটনা হিচাপে চিহ্নিত হ’ব পাৰে।

প্ৰশান্ত কিশোৰে কংগ্ৰেছ সভাপতি ছোনীয়া গান্ধী, মহাসচিব প্ৰিয়ংকা গান্ধী আৰু প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰি আলোচনাত মিলিত হোৱাৰ পাছত এই সম্পৰ্কীয় চৰ্চা তীব্ৰ হৈ পৰিছে। উচ্চস্তৰীয় সূত্ৰই প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগ দিব পাৰে বুলি মন্তব্য কৰিছে। মঙলবাৰে দিল্লীত ৰাহুল গান্ধীৰ বাসভৱত প্ৰশান্ত কিশোৰৰে মিলিত হৈছিল কংগ্ৰেছৰ হাইকমাণ্ড। সূত্ৰটোৱে দাবী কৰিছে যে, প্ৰশান্ত কিশোৰৰ সৈতে ৰাজনৈতিক কৌশল নিৰ্ধাৰকজনৰ এই বৈঠক পঞ্জাব বা উত্তৰ প্ৰদেশৰ নিৰ্বাচনকেন্দ্ৰিক নাছিল বৰং তাতকৈ বৃহৎ এক বিষয় সন্দৰ্ভত আলোচনা কৰা হৈছিল। সূত্ৰটোৱে দাবী কৰা মতে ২০২৪চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰশান্ত কিশোৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে, ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি দল শাসনলৈ অহাৰ আঁৰত প্ৰশান্ত কিশোৰৰ পৰিকল্পনা তথা কৌশলে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তাৰ পাছতো একাধিক ৰাজ্যৰ বিধানসভা নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ ‘মেজিক টাচ্চ’ৰ চমৎকাৰিত্ব প্ৰতিভাত হৈছিল। শেহতীয়াকৈ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ দিশ নিৰ্দেশাৰেই মমতা বেনাৰ্জীৰ তৃণমূলে মহাশক্তিধৰ বিজেপিক ওফৰাই দিবলৈ সক্ষম হৈছিল। তাৰ পাছৰ শেহতীয়া এই কুচকাৱাজ দেশৰ ৰাজনীতিৰ বাবে নতুন আলোড়নৰ বিষয় হোৱাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ