--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত আৰম্ভ হ’ল নিৰ্বাচনী তৎপৰতা৷ মুম্বাইত অনুষ্ঠিত হোৱা বিৰোধী মিত্ৰগোট ‘ইণ্ডিয়া’ৰ বৈঠকে নতুন মাত্ৰা দিলে দেশৰ ৰাজনীতিক৷ তিনিটা সংকল্প গ্ৰহণেৰে বিৰোধীয়ে সন্মুখলৈ আগবঢ়ালে বলিষ্ঠ খোজ৷ 

‘ইণ্ডিয়া’ মিত্ৰজোঁটে ২০২৪ৰ লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সংকল্প গ্ৰহণ কৰে৷ ‘জোড়োগা ভাৰত, জিতেগা ‘ইণ্ডিয়া’’ শীৰ্ষক থীম লৈ আগুৱাব ‘ইণ্ডিয়া’৷ বিৰোধী মঞ্চ হিচাপে বিজেপিৰ বাবে নিৰ্বাচনত জয়লাভ কৰাটো অসম্ভৱ বুলি আজি দৃঢ়তাৰে ঘোষণা কৰে ৰাহুল গান্ধীয়ে৷ 

ৰাহুল গান্ধীয়ে কয়, বিজেপিক প্ৰতিহত কৰিবলৈ দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে - সমন্বয় সমিতি গঠন আৰু আমি সকলো আসন ভাগ-বাটোৱাৰাৰ আলোচনা ত্বৰান্বিত কৰিম। ‘ইণ্ডিয়া’ মিত্ৰজোঁটে বিজেপিক পৰাজিত কৰাটো নিশ্চিত কৰাৰ বাবে এই দুটা শক্তিশালী পদক্ষেপ বুলি দোহাৰে ৰাহুল গান্ধীয়ে৷

বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয়, প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰৰ আঁৰৰ ধাৰণাটো হ'ল দৰিদ্ৰ লোকসকলৰ পৰা ধন আহৰণ কৰা আৰু ইয়াক কেইজনমান পুঁজিপতিলৈ স্থানান্তৰ কৰা। গতিকে আমি এক স্পষ্ট ধাৰণা প্ৰতিষ্ঠা কৰিবলৈ গৈ আছোঁ, যিয়ে আকৌ এবাৰ দৰিদ্ৰ লোক, কৃষক, শ্ৰমিকসকলক এই দেশৰ প্ৰগতিৰ যাত্ৰাত অন্তৰ্ভুক্ত কৰিব৷ 
  
‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ লোগোৰ বিষয়েও আজিৰ বৈঠকত আলোচনা হৈছিল কিন্তু সেয়া আজি প্ৰকাশ কৰা নহ’ল৷ উল্লেখযোগ্য যে, জেডি(ইউ)ৰ মুৰব্বী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক একতাৰ এই প্ৰচেষ্টাৰ আঁৰৰ চালিকা শক্তি হিচাপে কাম কৰা দেখা গৈছে৷ তেওঁৰ সহকৰ্মীসকলক বিজেপি নেতৃত্বাধীন এনডিএৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনাইছে।

লক্ষ্যণীয়ভাৱে ১৮ৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত সংসদৰ বিশেষ অধিৱেশনৰ বাবে কেন্দ্ৰৰ আকস্মিক আহ্বানৰ পাছত ‘ইণ্ডিয়া’ৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয়। এই অধিৱেশনৰ কাৰ্যসূচী এতিয়াও জনা হোৱা নাই কিন্তু অনুমান কৰা হৈছে যে আগন্তুক অধিৱেশনত কেন্দ্ৰই আনিব ‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’ৰ নতুন বিধেয়ক৷ পৰৱৰ্তী সময়ত এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ প্ৰসংগক ‘ইণ্ডিয়া’ই কিধৰণে গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ