--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত আৰম্ভ হ’ল নিৰ্বাচনী তৎপৰতা৷ মুম্বাইত অনুষ্ঠিত হোৱা বিৰোধী মিত্ৰগোট ‘ইণ্ডিয়া’ৰ বৈঠকে নতুন মাত্ৰা দিলে দেশৰ ৰাজনীতিক৷ তিনিটা সংকল্প গ্ৰহণেৰে বিৰোধীয়ে সন্মুখলৈ আগবঢ়ালে বলিষ্ঠ খোজ৷ 

‘ইণ্ডিয়া’ মিত্ৰজোঁটে ২০২৪ৰ লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সংকল্প গ্ৰহণ কৰে৷ ‘জোড়োগা ভাৰত, জিতেগা ‘ইণ্ডিয়া’’ শীৰ্ষক থীম লৈ আগুৱাব ‘ইণ্ডিয়া’৷ বিৰোধী মঞ্চ হিচাপে বিজেপিৰ বাবে নিৰ্বাচনত জয়লাভ কৰাটো অসম্ভৱ বুলি আজি দৃঢ়তাৰে ঘোষণা কৰে ৰাহুল গান্ধীয়ে৷ 

ৰাহুল গান্ধীয়ে কয়, বিজেপিক প্ৰতিহত কৰিবলৈ দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে - সমন্বয় সমিতি গঠন আৰু আমি সকলো আসন ভাগ-বাটোৱাৰাৰ আলোচনা ত্বৰান্বিত কৰিম। ‘ইণ্ডিয়া’ মিত্ৰজোঁটে বিজেপিক পৰাজিত কৰাটো নিশ্চিত কৰাৰ বাবে এই দুটা শক্তিশালী পদক্ষেপ বুলি দোহাৰে ৰাহুল গান্ধীয়ে৷

বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয়, প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰৰ আঁৰৰ ধাৰণাটো হ'ল দৰিদ্ৰ লোকসকলৰ পৰা ধন আহৰণ কৰা আৰু ইয়াক কেইজনমান পুঁজিপতিলৈ স্থানান্তৰ কৰা। গতিকে আমি এক স্পষ্ট ধাৰণা প্ৰতিষ্ঠা কৰিবলৈ গৈ আছোঁ, যিয়ে আকৌ এবাৰ দৰিদ্ৰ লোক, কৃষক, শ্ৰমিকসকলক এই দেশৰ প্ৰগতিৰ যাত্ৰাত অন্তৰ্ভুক্ত কৰিব৷ 
  
‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ লোগোৰ বিষয়েও আজিৰ বৈঠকত আলোচনা হৈছিল কিন্তু সেয়া আজি প্ৰকাশ কৰা নহ’ল৷ উল্লেখযোগ্য যে, জেডি(ইউ)ৰ মুৰব্বী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক একতাৰ এই প্ৰচেষ্টাৰ আঁৰৰ চালিকা শক্তি হিচাপে কাম কৰা দেখা গৈছে৷ তেওঁৰ সহকৰ্মীসকলক বিজেপি নেতৃত্বাধীন এনডিএৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনাইছে।

লক্ষ্যণীয়ভাৱে ১৮ৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত সংসদৰ বিশেষ অধিৱেশনৰ বাবে কেন্দ্ৰৰ আকস্মিক আহ্বানৰ পাছত ‘ইণ্ডিয়া’ৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয়। এই অধিৱেশনৰ কাৰ্যসূচী এতিয়াও জনা হোৱা নাই কিন্তু অনুমান কৰা হৈছে যে আগন্তুক অধিৱেশনত কেন্দ্ৰই আনিব ‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’ৰ নতুন বিধেয়ক৷ পৰৱৰ্তী সময়ত এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ প্ৰসংগক ‘ইণ্ডিয়া’ই কিধৰণে গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু