--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অ’টিটি প্লেটফৰ্ম নেটফ্লিক্স পুনৰ ন্যায়ালয়ৰ ৰোষত পৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে নেটফ্লিক্সত এখন বিশেষ তথ্যচিত্ৰ সম্প্ৰচাৰ কৰাত বাধা আৰোপ কৰিছে। ‘এ বিগ লিটিল মাৰ্ডাৰ’ নামৰ এই তথ্যচিত্ৰখন সম্প্ৰচাৰ কৰাত বাধা দিয়া হৈছে ‘নেটফ্লিক্স’ক।

গুৰুগ্ৰামৰ ‘ৰিয়ান ইণ্টাৰনেচনেল স্কুল’ত এজন সাত বছৰীয়া ছাত্ৰৰ মৃত্যুৰ ঘটনাক এই তথ্যচিত্ৰত তুলি ধৰা হৈছিল। বিদ্যালয়খনৰ প্ৰস্ৰাৱগাৰৰ ভিতৰত শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল। বিদ্যালয়খনে ইয়াৰ ন্যাসৰ জৰিয়তে নেটফ্লিক্সত এই তথ্যচিত্ৰখন সম্প্ৰচাৰ কৰাৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল।

ন্যায়াধীশ জয়ন্ত নাথৰ বিচাৰপীঠে প্ৰকাশ কৰে যে, যদিহে বিদ্যালয়খনৰ সৈতে সম্পৰ্ক থকা দৃশ্যাংশবোৰ আঁতৰ কৰাৰ পাছতহে এই তথ্যচিত্ৰখন সম্প্ৰচাৰ কৰিব পৰা যাব। বিদ্যালয়খনৰ ভাৱমূৰ্তিত তথ্যচিত্ৰখনে নেতিবাচক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰি ন্যায়ালয়ৰ কাষ চাপিছিল বিদ্যালয়খন পৰিচালনা কৰা ন্যাস।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ