--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইণ্ডিয়া টুডে মুড অৱ নেচন সমীক্ষাত যোগী আদিত্যনাথে পুনৰবাৰ দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা বছৰৰ তুলনাত এইবাৰ তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। ইণ্ডিয়া টুডে আলোচনীত প্ৰকাশিত চি-ভোটাৰৰ সমীক্ষা প্ৰতিবেদনৰ ভিত্তিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সমীক্ষাত ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ২৭.১ শতাংশ লোকে ভাল পাইছে। একে সময়তে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আকৌ এবাৰ দুই নম্বৰত থিয় দিছে৷ এই দুয়োজন নেতাৰ জনপ্ৰিয়তা বাঢ়িছে।

যোৱা বছৰৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে মুড অৱ নেচনৰ সমীক্ষাত শীৰ্ষ মুখ্যমন্ত্ৰীৰ তালিকাত স্থান লাভ কৰিছে। চতুৰ্থ স্থানত উপনীত হৈছে। একে সময়তে পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে জয়ী হোৱা মমতা বেনাৰ্জীয়ে তৃতীয় স্থান লাভ কৰে। পঞ্চম স্থানত আছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। একে সময়তে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ষষ্ঠ স্থান, নবীন পাটনাইকে সপ্তম স্থান আৰু নীতিশ কুমাৰে অষ্টম স্থান লাভ কৰিছে।

যোৱা বছৰৰ তুলনাত ৰাষ্ট্ৰীয় পৰ্যায়ত বৃদ্ধি পাইছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনপ্ৰিয়তা। যোৱা বছৰ ইণ্ডিয়া টুডে মুড অৱ নেচনৰ সমীক্ষাত যোগী আদিত্যনাথে ১৯ শতাংশ ভোট লাভ কৰি শীৰ্ষস্থান দখল কৰিছিল। একে সময়তে এইবাৰ তেওঁক ২৭.১ শতাংশ লোকে ভাল পাইছে। মুড অৱ নেচনৰ সমীক্ষাত যোগী আদিত্যনাথক একেৰাহে চতুৰ্থবাৰ দেশৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে অভিলেখ গঢ়ে । ২০২১ চনৰ আগষ্ট মাহত মুড অৱ দ্য নেচনৰ সমীক্ষাত ৮ শতাংশ জনপ্ৰিয়তা বৃদ্ধি পোৱা দেখা গৈছে। এনে বৃদ্ধি আন কোনো মুখ্যমন্ত্ৰীৰ ৰেটিংত দেখা পোৱা নাই।

মুড অৱ নেচনৰ সমীক্ষা ২০২২ ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জনপ্ৰিয়তাও প্ৰায় ৬ শতাংশ বৃদ্ধি পাইছে। ২০২১ চনৰ আগষ্টৰ সমীক্ষাত কেজৰিৱালক ১৪ শতাংশই শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে বিবেচিত হৈছিল। এইবাৰ সমীক্ষাত ১৯.৯ শতাংশ লোকে তেওঁক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি গণ্য কৰিছিল। একে সময়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। ২০২১ চনৰ আগষ্ট মাহত তেওঁক ১১ শতাংশ লোকৰ অনুকূল হোৱাৰ বিপৰীতে এইবাৰ তেওঁ ১০.৮ শতাংশ ভোট লাভ কৰে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে মুড অৱ নেচন চাৰ্ভেত নতুন এণ্ট্ৰি কৰিছে। ৬.৭ শতাংশ ভোট লাভ কৰি চতুৰ্থ স্থানত উপনীত হৈছে। একে সময়তে ০.১ শতাংশ ভোট হেৰুৱাই পঞ্চম স্থান লাভ কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। তেওঁ ৪.৯ শতাংশ ভোট লাভ কৰে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ জনপ্ৰিয়তা যথেষ্ট হ্ৰাস পাইছে। ৩.৩ শতাংশ ভোট লাভ কৰি ষষ্ঠ স্থানত আছে। ২০২১ চনৰ আগষ্টৰ সমীক্ষাত তেওঁ লাভ কৰিছিল ৬ শতাংশ ভোট।

৫১.৪ শতাংশ ভোট লাভ কৰি তালিকাৰ অষ্টম আৰু নৱম স্থানত আছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement