--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : সন্ত্ৰাস আৰু নৈৰাজ্যৰ কলীয়া আন্ধাৰ এতিয়া আৰু কাশ্মীৰৰ পৰিচয় হৈ থকা নাই। ভূস্বৰ্গ কাশ্মীৰৰ নতুন সুগন্ধ এতিয়া দেশত বিয়পিবলৈ আৰম্ভ কৰিছে। তাৰ শেহতীয়া উদাহৰণ হৈছে এগৰাকী ২৫বছৰীয়া যুৱতী। আয়েছা আজিজ নামক কাশ্মীৰৰ এইগৰাকী যুৱতী দেশৰ কনিষ্ঠতম মহিলা পাইলট হোৱাৰ কৃতিত্বৰ অধিকাৰী হৈছে।

আৰু পঢ়িব পাৰিব : অভিনেত্ৰীক অশালীন মন্তব্য কৰি বিপদত জুবিন গাৰ্গ

২০১১চনত আয়েছাই ১৫ বছৰ বয়সত দেশৰ কনিষ্ঠতম শিকাৰু পাইলট হোৱাৰ কৃতিত্বৰো অধিকাৰী হৈছিল। শিকাৰু পাইলটৰ ৰূপত মিগ-২৯ বিমান উৰুৱাবলৈ তেওঁ অনুজ্ঞাপত্ৰ লাভ কৰিছিল। ৰাছিয়াৰ ছোকোল বিমানকোঠৰ পৰা মিগ-২৯ উৰুৱাইছিল আয়েছাই। ব’ম্বে ফ্লায়িং ক্লাবৰ পৰা তেওঁ বিমান পৰিবহনত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ২০১৭ চনত ব্যৱসায়িক অনুজ্ঞাপত্ৰ লাভ কৰে।

আৰু পঢ়িব পাৰিব : দিল্লীৰ হিংসা : দীপ সিদ্ধুৰ সন্ধান দিওঁতালৈ ১ লাখৰ পুৰস্কাৰ ঘোষণা

সংবাদ প্ৰতিষ্ঠান এএনআইৰ সৈতে হোৱা কথা বতৰাৰ সময়ত আয়েছাই কয়, তেওঁ বিশ্বাস কৰে যে কাশ্মীৰৰ মহিলাই বিগত কেইবছৰমানত শিক্ষা ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ লগতে অন্যান্য দিশতো অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। নিজৰ কৰ্মক্ষেত্ৰৰ প্ৰত্যাহ্বান আৰু কাঠিন্যৰ কথা স্বীকাৰ কৰি তেওঁ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ পাই সুখী বুলি মন্তব্য কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ