--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ২৬ জানুৱাৰীত দিল্লীত হোৱা কৃষকৰ প্ৰতিবাদৰ সময়ত হিংসাত্মক কাৰ্যত উচতনি দিয়া মূল অভিযুক্ত পঞ্জাৱৰ অভিনেতা দীপ সিদ্ধুসহ তিনিজন লোকৰ সন্ধান উলিওৱাজনলৈ ১লাখ টকাৰ পুৰস্কাৰ ঘোষণা৷ গণৰাজ্য দিৱসৰ দিনটোতে ৰাজধানী মহানগৰখনত হিংসা বিয়পাইছিল দীপ সিদ্ধুয়ে৷ আজি দিল্লী আৰক্ষীয়ে দীপ সিদ্ধুৰ সন্ধান উলিওৱাজনলৈ এই পুৰস্কাৰ ঘোষণা কৰে৷

আৰু পঢ়িব পাৰিব : অগপ নহয়, বিজেপিৰ দখললৈ যাব বকো : ৰঞ্জিত দাস

হিংসাত্মক কাৰ্যত উচতনি দিয়া আন অভিযুক্তৰ ভিতৰত জগবিৰ সিং, বুকা সিং, সুখদেৱ সিং আৰু ইকবাল সিঙৰ বিষয়ে কোনো তথ্য আৰক্ষীক অৱগত কৰিলে ৫০,০০০টকাকৈ পুৰস্কাৰ দিয়া হ’ব বুলি আৰক্ষীয়ে ঘোষণা কৰিছে৷

আৰু পঢ়িব পাৰিব : ১২ বছৰ পৰ্যন্ত বদলি নহ’ব নৱ নিযুক্ত শিক্ষকঃ হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে, কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰোধিতাৰে গণৰাজ্য দিৱসৰ দিনটোত প্ৰতিবাদী কৃষকে ট্ৰেক্টৰ ৰেলী উলিয়াইছিল৷ এই ৰেলীত প্ৰতিবাদী কৃষক আৰু আৰক্ষীৰ সৈতে তীব্ৰ সংঘাতৰ সৃষ্টি হোৱাৰ লগতে একাংশ প্ৰতিবাদকাৰীয়ে লালকিল্লা চৌহদত বলপূৰ্বক প্ৰৱেশ কৰি শিখ ধৰ্মীয় পতাকা উৰুৱাইছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ