--°C
Loading...
Listen to Article
2 min read
80%

তিৰুৱন্তপুৰম : দেশৰ ক’ভিড পৰিস্থিতিৰ আকস্মিক অৱনতি দেখিবলৈ পোৱা গৈছে। বিগত দুটা দিনত সংক্ৰমণৰ হাৰ আকস্মিকভাৱে বৃদ্ধি পাইছে দেশত। মূলতঃ কেৰালা আৰু মহাৰাষ্ট্ৰত সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে দেশৰ সামগ্ৰিক ক’ভিড সংক্ৰমণতো বৃদ্ধি দেখা পোৱা গৈছে। একেৰাহে দ্বিতীয় দিনাও দেশত ৪০ সহস্ৰাধিক নতুন আক্ৰান্ত চিনাক্ত হৈছে।

মন কৰিবলগীয়া যে, বিগত মঙলবাৰে ৩০ হাজাৰৰ তললৈ নামিছিল সংক্ৰমিতৰ সংখ্যা। তাৰ পাছতে যোৱা দুদিনত লক্ষ্যণীয়ভাৱে সংক্ৰমণ বৃদ্ধি পালে। কেৱল কেৰালাতে বিগত ২৪ ঘণ্টাত ২২সহস্ৰাধিক আক্ৰান্ত চিনাক্ত হৈছে। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনত উইকেণ্ড বা সপ্তাহান্তিক লকডাউন ঘোষণা কৰিছে। ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ ল’বলৈ কেন্দ্ৰই ছজনীয়া এটা বিশেষজ্ঞৰ দল ৰাজ্যখনলৈ প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই টুইটযোগে এইকথা প্ৰকাশ কৰে আৰু কয় যে, ‘কেৰালাত ক’ভিড সংক্ৰমণৰ সংখ্যা এতিয়াও তীব্ৰ হৈ আছে।

পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ ছজনীয়া দল ৰাজ্যখনলৈ প্ৰেৰণ কৰা হৈছে। এই বিশেষজ্ঞৰ দলটোৱে ৰাজ্যখনৰ ক’ভিড প্ৰতিৰোধী যুঁজত সহযোগিতা আগবঢ়াব।’ ইফালে দেশত বিগত ২৪ ঘণ্টাত ৬৪০জন লোকৰ মৃত্যু হৈছে। দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা কালিৰ দিনটোতে ৪ হাজাৰ ৪০৪জন বৃদ্ধি হৈছে। আনহাতে, মহাৰাষ্ট্ৰত নতুনকৈ চিনাক্ত হৈছে ৬,৮৫৭জন নতুন আক্ৰান্ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ