--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম ( এমট্ৰন) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দীৰ্ঘ দূৰত্বৰ ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে এন এল ডি, আই এল ডি আৰু আই এছ পি অনুজ্ঞা-পত্ৰপ্ৰাপ্ত দেশৰ ভিতৰতে প্ৰথম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। এই সম্পৰ্কে কালি নতুন দিল্লীত ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰণালয়ৰ অধীনস্থ টেলি-সংযোগ বিভাগৰ সৈতে এমট্ৰনৰ এক চুক্তি স্বাক্ষৰিত হয়।

টেলি-সংযোগ বিভাগৰ সঞ্চালক ধনঞ্জয় ৰঞ্জন আৰু এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে যাদৱে পুনৰ নবীকৰণ যোগ্য ২০ বছৰীয়া এই চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ জৰিয়তে এমট্ৰনে অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু ভূটান, নেপাল, ম্যানমাৰ, বাংলাদেশ আদি চুবুৰীয়া ৰাষ্ট্ৰসমূহত উচ্চ গতিসম্পন্ন ইণ্টাৰনেট ব্যৱস্থাৰ উন্নীতকৰণ আৰু সেৱা আগবঢ়োৱাৰ অনুজ্ঞা-পত্ৰ লাভ কৰে।

বহু প্ৰত্যাশিত এই ব্যৱস্থাৰ জৰিয়তে অঞ্চলটোত ইণ্টাৰনেট সেৱা অধিক সহজ, ফলপ্ৰসু আৰু ক্ষীপ্ৰ কৰি তোলাৰ ক্ষেত্ৰত এমট্ৰনক সক্ষম কৰি তুলিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ