--°C
Loading...
Listen to Article
2 min read
80%

ধানবাদ : ঝাৰখণ্ডৰ ধানবাদত এগৰাকী ন্যায়াধীশৰ দুৰ্ঘটনাত হোৱা মৃত্যুৱে সম্প্ৰতি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল ধানবাদৰ অতিৰিক্ত জিলা ন্যায়াধীশ উত্তম আনন্দৰ। প্ৰথমে তেওঁৰ মৃত্যু দুৰ্ঘটনাজনিত বুলি ধাৰণা কৰা হৈছিল যদিও চিচি টিভিত বন্দী হোৱা তেওঁৰ দুৰ্ঘটনাৰ দৃশ্য পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হয়। এই ঘটনাই এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়া গছকিছে।

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এই সন্দৰ্ভত কয় যে, তেওঁ ঝাড়খণ্ড উচ্চ ন্যায়ালয়ৰ সৈতে এই সন্দৰ্ভত কথা পাতিছে। ঘটনাটো লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে তেওঁ এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে। চিচি টিভিত বন্দী হোৱা দৃশ্যত দেখা গৈছে প্ৰাতঃভ্ৰমণৰত ন্যায়াধীশগৰাকীক পিছফালৰ পৰা অহা এখন টেম্ব’ৱে ইচ্ছাকৃতভাৱে খুন্দা মাৰি ওফৰাই দিছে।

বাহনখনে পথৰ কাষেৰে গৈ থকা উত্তম আনন্দৰ ফালে তীব্ৰবেগে গতিপথ সলনি কৰি অহা আৰু ইচ্ছাকৃতভাৱে খুন্দা মাৰি স্বাভাৱিক গতিৰে আঁতৰি যোৱা দেখা গৈছে। পূৰ্ব পৰিকল্পিতভাৱে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ ভিডিঅ’টোৱে সৃষ্টি কৰিছে। আৰক্ষীয়ে ইতিমধ্যে টেম্প’খনৰ চালকসহ আন এজন লোকক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে পুৱা প্ৰায় ৫বজাত এই ঘটনা সংঘটিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ