--°C
Loading...
Listen to Article
2 min read
80%

ধানবাদ : ঝাৰখণ্ডৰ ধানবাদত এগৰাকী ন্যায়াধীশৰ দুৰ্ঘটনাত হোৱা মৃত্যুৱে সম্প্ৰতি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল ধানবাদৰ অতিৰিক্ত জিলা ন্যায়াধীশ উত্তম আনন্দৰ। প্ৰথমে তেওঁৰ মৃত্যু দুৰ্ঘটনাজনিত বুলি ধাৰণা কৰা হৈছিল যদিও চিচি টিভিত বন্দী হোৱা তেওঁৰ দুৰ্ঘটনাৰ দৃশ্য পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হয়। এই ঘটনাই এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়া গছকিছে।

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই এই সন্দৰ্ভত কয় যে, তেওঁ ঝাড়খণ্ড উচ্চ ন্যায়ালয়ৰ সৈতে এই সন্দৰ্ভত কথা পাতিছে। ঘটনাটো লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে তেওঁ এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে। চিচি টিভিত বন্দী হোৱা দৃশ্যত দেখা গৈছে প্ৰাতঃভ্ৰমণৰত ন্যায়াধীশগৰাকীক পিছফালৰ পৰা অহা এখন টেম্ব’ৱে ইচ্ছাকৃতভাৱে খুন্দা মাৰি ওফৰাই দিছে।

বাহনখনে পথৰ কাষেৰে গৈ থকা উত্তম আনন্দৰ ফালে তীব্ৰবেগে গতিপথ সলনি কৰি অহা আৰু ইচ্ছাকৃতভাৱে খুন্দা মাৰি স্বাভাৱিক গতিৰে আঁতৰি যোৱা দেখা গৈছে। পূৰ্ব পৰিকল্পিতভাৱে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ ভিডিঅ’টোৱে সৃষ্টি কৰিছে। আৰক্ষীয়ে ইতিমধ্যে টেম্প’খনৰ চালকসহ আন এজন লোকক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে পুৱা প্ৰায় ৫বজাত এই ঘটনা সংঘটিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু