--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ সীমান্তত পৰাক্ৰমেৰে ঠিয় হৈ থাকি দেশৰ ভূখণ্ড সুৰক্ষিত কৰি ৰখা জোৱানলৈ স্বীকৃতি। বিগত বৰ্ষত আটাইতকৈ স্পৰ্শকাতৰ হিচাপে বিবেচিত পূব লাডাখৰ ভাৰত-চীন সীমান্তৰ গালোৱান উপত্যকা আৰু ‘গ’গ্ৰা হট স্প্ৰীং’ উপত্যকাত চীনা সৈন্যক বাধা প্ৰদান কৰা আইটিবিপিৰ ২০গৰাকী জোৱানলৈ সাহসিকতাৰ পুৰস্কাৰ আগবঢ়োৱা হৈছে।

দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত এই পুৰস্কাৰ আগবঢ়োৱা হ’ব। সীমান্তত নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি এইসকল জোৱানে দেশৰ সুৰক্ষাত নিজকে উৎসৰ্গা কৰিছিল। উল্লেখ্য যে, বিগত বৰ্ষত গালোৱান উপত্যকাত চীনা সৈন্যৰে ৰক্তক্ষয়ী সংঘাতৰ সূত্ৰপাত ঘটিছিল ভাৰতীয় সেনাৰ। ফলত ২০জনকৈ বীৰ জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। তাৰ পাছতো একাধিকবাৰ এইসকল আইটিবিপিৰ জোৱানে সমুখ সমৰত লিপ্ত হৈ চীনা সৈন্যক বাধা দিছিল।

এই কুৰিগৰাকী বীৰ জোৱানৰ লগতে দেশৰ মুঠ ৬৩০গৰাকী আৰক্ষী তথা সামৰিক বাহিনীৰ জোৱানক সাহসিকতাৰ বঁটা আগবঢ়োৱা হ’ব। ইয়াৰ ভিতৰত ২৫৭গৰাকী জম্মু-কাশ্মীৰ আৰক্ষীৰ লোকো আছে। শনিবাৰে কেন্দ্ৰীয় গৃহ বিভাগে এইকথা প্ৰকাশ কৰে। নক্সালবিৰোধী যুঁজত পৰাক্ৰমেৰে অংশ লোৱা চিআৰপিএফৰ ১৫২গৰাকী জোৱানলৈও আগবঢ়োৱা হৈছে পৰাক্ৰমৰ স্বীকৃতি। দেশৰ সৰ্বমুঠ ১,৩২০গৰাকী আৰক্ষীৰ লোকক দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসত আগবঢ়োৱা হ’ব পদক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ