--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশজুৰি কৃষকে পালন কৰিলে ‘চকা বন্ধ’ প্ৰতিবাদ। উত্তৰ প্ৰদেশ, দিল্লী আৰু উত্তৰাখণ্ডক বাদ দি দেশৰ উত্তৰ অংশত এই প্ৰতিবাদৰ ব্যাপকত্ব পৰিলক্ষিত হ’ল। পঞ্জাৱ, হাৰিয়ানাক মুখ্য কৰি দেশৰ উত্তৰ অংশৰ ভালেমান গুৰুত্বপূৰ্ণ ঘাইপথত প্ৰতিবাদী কৃষকৰ শান্তিপূৰ্ণ প্ৰতিবাদৰ জোৱাৰ দেখা পোৱা গ’ল।

আৰু পঢ়িব পাৰিব : চিৰাঙত পুনৰ বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ

কোনো অপ্ৰীতিকৰ কাণ্ড অবিহনেই কৃষকে পালন কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী। দিল্লীক এই প্ৰতিবাদৰ পৰা ৰেহাই দিলেও দিল্লীৰ চৌপাশৰ এক্সপ্ৰেছ ৱে’ বন্ধ হৈ পৰিল কৃষকৰ প্ৰতিবাদৰ বাবে।

ইফালে, এই আন্দোলনৰ মূল নেতা ৰাকেশ টিকাইটে আজি কয় যে, যেতিয়ালৈকে তেওঁলোকৰ দাবী পূৰণ নহয়, তেতিয়ালৈ প্ৰতিবাদী কৃষকসকল ঘৰলৈ উভতি নাযায়। ভাৰতীয় কিষাণ সংঘৰ নেতাগৰাকীয়ে কৃষকৰ তিনিঘণ্টীয়া ‘চাক্কা জাম’ বা চকা বন্ধ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাৰ পাছতে এই মন্তব্য কৰে।

আৰু পঢ়িব পাৰিব : মাত্ৰ ২০ টকাৰ বাবেই পদপথৰ ব্যৱসায়ীক মৰিয়াই হত্যা

দিল্লী-উত্তৰ প্ৰদেশ সীমাৰ গাজিপুৰত সমবেত হোৱা কৃষকসকল সম্বোধন কৰি টিকাইটে লগতে কয় যে, কৃষকৰ এই আন্দোলন ২ অক্টোবৰ পৰ্যন্ত বৃদ্ধি কৰা হ’ব আৰু এই সময়ছোৱাৰ ভিতৰত তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰিবলৈ কেন্দ্ৰৰ হাতত সময় থাকিব।

প্ৰতিবাদী কৃষকসকলে প্ৰতিবাদৰ পৰৱৰ্তী কাৰ্যসূচী সম্পৰ্কত আলোচনা কৰি সিদ্ধান্ত ল’ব বুলিও তেওঁ প্ৰকাশ কৰে। ‘আমাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত ঘৰলৈ উভতি নাযাওঁ।’ তেওঁ লগতে কয় যে, ‘আমি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰক ২ অক্টোবৰলৈকে সময় দিছোঁ। আমি এতিয়া পৰৱৰ্তী পৰিকল্পনা কৰিম। চাপৰ মাজত আমি চৰকাৰৰ সৈতে আলোচনা নকৰোঁ।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ