--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: সংকটত পৰিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় ব্ৰেণ্ড ইমেজ? ২০১৪ বৰ্ষত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰেপৰা ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কসমূহ উন্নত কৰাত প্ৰধানমন্ত্ৰীগৰাকীয়ে যি উদ্যোগ গ্ৰহণ কৰিছিল, তাৰ ফলাফল এতিয়া ধূলিসাৎ হোৱাৰ পথত নেকি? কাৰণ শেহতীয়াকৈ কৃষকৰ প্ৰতিবাদ, কাশ্মীৰ সমস্যা, বাক স্বাধীনতা, বিৰোধিতা কৰাৰ স্বাধীনতা, সংখ্যালঘূ সকলৰ ব্যৱহাৰ আদি সন্দৰ্ভত ভাৰতৰ বিষয়ে পশ্চিমীয়া মিডিয়াই যিধৰণৰ প্ৰতিবেদন প্ৰকাশ কৰিছে সেয়া ভাৰতৰ গোলকীয় ব্ৰেণ্ড ইমেজ ৰক্ষাৰ ক্ষেত্ৰত মুঠেও শুভ লক্ষণ নহয়৷

আৰু পঢ়িব পাৰিব : বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ মুকলি কৰিব মোদীয়ে

নিউয়ৰ্কৰ মেডিছন স্কোৱেৰ গাৰ্ডেনত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত বন্দনাৰে দিয়া উদাত্ত ভাষণৰ বৈধতা এতিয়া আৰু নাই৷ নিউয়ৰ্ক টাইমছ, ৱাশ্বিংটন প'ষ্ট, দ্য গাৰ্ডিয়ান, দ্য লণ্ডন টাইমছৰ দৰে আগশাৰীৰ বাতৰি কাকতেও এতিয়া মোদী প্ৰশাসনৰ অৰাজকতাক লৈ আঙুলি টোঁৱাবলৈ আৰম্ভ কৰিছে৷ সংবাদ মাধ্যমৰ এই ভূমিকাই ভাৰতৰ বিভিন্ন সমস্যাৰ প্ৰতি পশ্চিমীয়া দেশসমূহৰ তাৰকাস্থানীয় আৰু প্ৰভাৱশালী লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ পূৰ্বে ভাৰতৰ সমস্যাসমূহত কোনোদিনে মাত নমতা পশ্চিমীয়া দেশৰ প্ৰভাৱশালী লোকে কৃষক প্ৰতিবাদ সন্দৰ্ভত সৰব হৈ পৰা দেখা গৈছে৷

আৰু পঢ়িব পাৰিব : আৰক্ষীৰ গুণ্ডাৰাজ: বৈধ চালান থকা গাড়ীৰ চালকক প্ৰহাৰ

আমেৰিকা আৰু ব্ৰিটেইনৰ প্ৰশাসনিক বিষয়া, তাৰকা শিল্পী, ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলেও এই সমস্যাসমূহক লৈ টুইটাৰত একপ্ৰকাৰ যুদ্ধত অৱতীৰ্ণ হৈছে৷ অৱশ্যে পশ্চিমীয়া দেশসমূহৰ সৈতে এই ৰাষ্ট্ৰসমূহৰ তিক্ত সম্পৰ্কৰ সুবাদতে তুৰস্ক, উত্তৰ কোৰিয়া, ৰাছিয়া আদিৰ দৰে দেশসমূহ ইয়াৰদ্বাৰা প্ৰভাৱিত হোৱা নাই৷ এতিয়া প্ৰশ্ন হয়, বিদেশী ৰাষ্ট্ৰসমূহৰদ্বাৰা হোৱা সমালোচনাই ভাৰতৰ গোলকীয় ব্ৰেণ্ড ইমেজত যি মাধমাৰ শোধাইছে তাক বৰ্তমানৰ চৰকাৰখনে কেনেকৈ পুনৰুদ্ধাৰ কৰিব? সম্ভৱত: কাশ্মীৰৰ প্ৰতি অমানৱীয় অভিব্যক্তি, পাঞ্জাবৰ কৃষকসকলক খালিস্তানী সজোৱা, সাংবাদিকক আক্ৰমণকে আদি কৰি এশ এবুৰি অভিযোগৰপৰা মুক্ত হ'ব পাৰিলেহে ভাৰতৰ গোলকীয় ভাবমূৰ্তিৰ গৌৰৱ প্ৰতিষ্ঠা সম্ভৱ হ'ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ