--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: সংকটত পৰিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় ব্ৰেণ্ড ইমেজ? ২০১৪ বৰ্ষত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰেপৰা ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় সম্পৰ্কসমূহ উন্নত কৰাত প্ৰধানমন্ত্ৰীগৰাকীয়ে যি উদ্যোগ গ্ৰহণ কৰিছিল, তাৰ ফলাফল এতিয়া ধূলিসাৎ হোৱাৰ পথত নেকি? কাৰণ শেহতীয়াকৈ কৃষকৰ প্ৰতিবাদ, কাশ্মীৰ সমস্যা, বাক স্বাধীনতা, বিৰোধিতা কৰাৰ স্বাধীনতা, সংখ্যালঘূ সকলৰ ব্যৱহাৰ আদি সন্দৰ্ভত ভাৰতৰ বিষয়ে পশ্চিমীয়া মিডিয়াই যিধৰণৰ প্ৰতিবেদন প্ৰকাশ কৰিছে সেয়া ভাৰতৰ গোলকীয় ব্ৰেণ্ড ইমেজ ৰক্ষাৰ ক্ষেত্ৰত মুঠেও শুভ লক্ষণ নহয়৷

আৰু পঢ়িব পাৰিব : বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ মুকলি কৰিব মোদীয়ে

নিউয়ৰ্কৰ মেডিছন স্কোৱেৰ গাৰ্ডেনত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত বন্দনাৰে দিয়া উদাত্ত ভাষণৰ বৈধতা এতিয়া আৰু নাই৷ নিউয়ৰ্ক টাইমছ, ৱাশ্বিংটন প'ষ্ট, দ্য গাৰ্ডিয়ান, দ্য লণ্ডন টাইমছৰ দৰে আগশাৰীৰ বাতৰি কাকতেও এতিয়া মোদী প্ৰশাসনৰ অৰাজকতাক লৈ আঙুলি টোঁৱাবলৈ আৰম্ভ কৰিছে৷ সংবাদ মাধ্যমৰ এই ভূমিকাই ভাৰতৰ বিভিন্ন সমস্যাৰ প্ৰতি পশ্চিমীয়া দেশসমূহৰ তাৰকাস্থানীয় আৰু প্ৰভাৱশালী লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ পূৰ্বে ভাৰতৰ সমস্যাসমূহত কোনোদিনে মাত নমতা পশ্চিমীয়া দেশৰ প্ৰভাৱশালী লোকে কৃষক প্ৰতিবাদ সন্দৰ্ভত সৰব হৈ পৰা দেখা গৈছে৷

আৰু পঢ়িব পাৰিব : আৰক্ষীৰ গুণ্ডাৰাজ: বৈধ চালান থকা গাড়ীৰ চালকক প্ৰহাৰ

আমেৰিকা আৰু ব্ৰিটেইনৰ প্ৰশাসনিক বিষয়া, তাৰকা শিল্পী, ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলেও এই সমস্যাসমূহক লৈ টুইটাৰত একপ্ৰকাৰ যুদ্ধত অৱতীৰ্ণ হৈছে৷ অৱশ্যে পশ্চিমীয়া দেশসমূহৰ সৈতে এই ৰাষ্ট্ৰসমূহৰ তিক্ত সম্পৰ্কৰ সুবাদতে তুৰস্ক, উত্তৰ কোৰিয়া, ৰাছিয়া আদিৰ দৰে দেশসমূহ ইয়াৰদ্বাৰা প্ৰভাৱিত হোৱা নাই৷ এতিয়া প্ৰশ্ন হয়, বিদেশী ৰাষ্ট্ৰসমূহৰদ্বাৰা হোৱা সমালোচনাই ভাৰতৰ গোলকীয় ব্ৰেণ্ড ইমেজত যি মাধমাৰ শোধাইছে তাক বৰ্তমানৰ চৰকাৰখনে কেনেকৈ পুনৰুদ্ধাৰ কৰিব? সম্ভৱত: কাশ্মীৰৰ প্ৰতি অমানৱীয় অভিব্যক্তি, পাঞ্জাবৰ কৃষকসকলক খালিস্তানী সজোৱা, সাংবাদিকক আক্ৰমণকে আদি কৰি এশ এবুৰি অভিযোগৰপৰা মুক্ত হ'ব পাৰিলেহে ভাৰতৰ গোলকীয় ভাবমূৰ্তিৰ গৌৰৱ প্ৰতিষ্ঠা সম্ভৱ হ'ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু