--°C
Loading...
Listen to Article
2 min read
80%

নিউয়ৰ্ক : দেশক গৰ্বিত কৰি তুলিলে আন এগৰাকী ভাৰতীয় মহাকাশচাৰীয়ে। বৈমানিকী অভিযন্তা অৰ্থাৎ এৰ’নটিকেল ইঞ্জিনিয়াৰ শ্ৰীষা বাণ্ডলাই দেশক উপহাৰ দিলে আন এক গৰ্বৰ ক্ষণ। মহাকাশলৈ যাত্ৰা কৰা তৃতীয়গৰাকী ভাৰতীয় মূলৰ মহিলাত পৰিণত হৈছে শ্ৰীষা বাণ্ডলা। ব্ৰিটেইনৰ ধনকুবেৰ ৰিচাৰ্ড ব্ৰানচনৰ এক পৰীক্ষামূলক মহাকাশ অভিযান অংশ হৈ তেওঁ এই কৃতিত্বৰ অধিকাৰী হয়।

নিউ মেক্সিকোৰ পৰা সম্পূৰ্ণ কৰ্মীৰে পূৰ্ণ বিমানখনে যাত্ৰা কৰে। Virgin Galactic's VSS Unity নামেৰে অভিহিত মহাকাশযানখন ডেৰঘণ্টীয়া এক বিশেষ মহাকাশ যাত্ৰাৰ দিশে অগ্ৰসৰ হয়। ৩৪ বছৰীয়া ভাৰতীয় মূলৰ অভিযন্তাগৰাকীয়ে টুইটযোগে এই বিষয়ে সদৰি কৰি এই অভিযানৰ অংশ হৈ তেওঁ গৰ্বিত হৈ পৰা বুলি মন্তব্য কৰে।

তেওঁ লিখিছে, ইউনিটী-২২ৰ এগৰাকী সদস্য হ’বলৈ পাই মই অতি গৰ্বিত অনুভৱ কৰিছোঁ। আৰু সকলোৰে বাবে মহাকাশ সহজগম্য কৰি তোলাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা কোম্পানীটোৰ অংশ হোৱাটোও মোৰ কাৰণে অতি গৰ্বৰ কথা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক